--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ মন্দিৰ হৈছে দেৱ-দেৱী, ভগৱানৰ উপসনাস্থলী। মন্দিৰক এক অতি পৱিত্ৰ স্থান বুলি গণ্য কৰা হয়, সেয়েহে যেতিয়াই মানুহে মন্দিৰলৈ যায়, তেওঁলোকে ঈশ্বৰৰ প্ৰতি শ্ৰদ্ধাৰে ফুলৰ মালা আৰু অন্যান্য নৈবেদ্য লৈ যায়। মন্দিৰত ভগৱানৰ ওচৰত ভোগ, প্ৰসাদ আদি আগবঢ়োৱা হয়। কোনো মানুহেই কেতিয়াও মন্দিৰৰ ভিতৰত জোতা-চেণ্ডেল পিন্ধি প্ৰৱেশ নকৰে। মন্দিৰৰ বাহিৰত জোতা-চেণ্ডেল খুলি প্ৰৱেশ কৰাটোৱেই ভক্তৰ নিয়ম। কিন্তু আমাৰ দেশ ভাৰততে আছে এটা আচৰিত মন্দিৰ। এই মন্দিৰত দেৱীৰ ওচৰত জোতা-চেণ্ডেল আগবঢ়ায়। মন্দিৰটো আছে কৰ্ণাটকত। কৰ্ণাটকৰ গুলবাৰ্গ জিলাত আছে মন্দিৰটো। মন্দিৰটোৰ নাম লকম্মা দেৱীৰ মন্দিৰ। এই মন্দিৰটো জোতা উৎসৱৰ বাবে বিখ্যাত।

এই উৎসৱ প্ৰতি বছৰে দেৱালীৰ ষষ্ঠ দিনা অনুষ্ঠিত হয়। মনৰ আশা পূৰণ হবলৈ মন্দিৰ চৌহদত অৱস্থিত গছত মানুহে জোতা আৰু চেণ্ডেল বান্ধি ওলোমাই ৰাখে। এনে কৰাৰ ফলত মানুহৰ ভৰি বা আঁঠুৰ বিষ চিৰদিনৰ পৰা নোহোৱা হয় আৰু দুষ্ট শক্তিৰ পৰা সদায় বাচি থাকিব পাৰি।বিশ্বাস অনুসৰি ভক্তই আগবঢ়োৱা জোতা-চেণ্ডেল পিন্ধি দেৱীয়ে নিশা ভক্তৰ মনৰ আশা পূৰণ কৰিবৰ বাবে ওলাই আহে।

ইয়াৰ উপৰিও এই মন্দিৰত দেৱীৰ বাবে আমিষ আৰু নিৰামিষ ভোগ ৰন্ধা হয়। আশ্চৰ্যজনকভাৱে এই মন্দিৰটোলৈ কেৱল হিন্দুসকলেই নহয় মুছলমান লোকসকলেও তেওঁলোকৰ ইচ্ছাপূৰণ কৰিবলৈ ভিন্ন ঠাইৰ পৰা আহে। জনপ্ৰবাদ অনুসৰি যি মানুহে আনৰ অহিত চিন্তা কৰে বা অহিত কৰাৰ কথা ভাৱে তেনে লোকৰ প্ৰাৰ্থনা কেতিয়াও গ্ৰহণ নকৰে লকম্মা দেৱীয়ে।

আৰু পঢ়কঃ প্ৰধানমন্ত্ৰী মোদীৰ নিৰাপত্তাক লৈ হেতালি! উচ্চতম ন্যায়ালয়ত আজি পুনৰ শুনানি


FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি