--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ মন্দিৰ হৈছে দেৱ-দেৱী, ভগৱানৰ উপসনাস্থলী। মন্দিৰক এক অতি পৱিত্ৰ স্থান বুলি গণ্য কৰা হয়, সেয়েহে যেতিয়াই মানুহে মন্দিৰলৈ যায়, তেওঁলোকে ঈশ্বৰৰ প্ৰতি শ্ৰদ্ধাৰে ফুলৰ মালা আৰু অন্যান্য নৈবেদ্য লৈ যায়। মন্দিৰত ভগৱানৰ ওচৰত ভোগ, প্ৰসাদ আদি আগবঢ়োৱা হয়। কোনো মানুহেই কেতিয়াও মন্দিৰৰ ভিতৰত জোতা-চেণ্ডেল পিন্ধি প্ৰৱেশ নকৰে। মন্দিৰৰ বাহিৰত জোতা-চেণ্ডেল খুলি প্ৰৱেশ কৰাটোৱেই ভক্তৰ নিয়ম। কিন্তু আমাৰ দেশ ভাৰততে আছে এটা আচৰিত মন্দিৰ। এই মন্দিৰত দেৱীৰ ওচৰত জোতা-চেণ্ডেল আগবঢ়ায়। মন্দিৰটো আছে কৰ্ণাটকত। কৰ্ণাটকৰ গুলবাৰ্গ জিলাত আছে মন্দিৰটো। মন্দিৰটোৰ নাম লকম্মা দেৱীৰ মন্দিৰ। এই মন্দিৰটো জোতা উৎসৱৰ বাবে বিখ্যাত।

এই উৎসৱ প্ৰতি বছৰে দেৱালীৰ ষষ্ঠ দিনা অনুষ্ঠিত হয়। মনৰ আশা পূৰণ হবলৈ মন্দিৰ চৌহদত অৱস্থিত গছত মানুহে জোতা আৰু চেণ্ডেল বান্ধি ওলোমাই ৰাখে। এনে কৰাৰ ফলত মানুহৰ ভৰি বা আঁঠুৰ বিষ চিৰদিনৰ পৰা নোহোৱা হয় আৰু দুষ্ট শক্তিৰ পৰা সদায় বাচি থাকিব পাৰি।বিশ্বাস অনুসৰি ভক্তই আগবঢ়োৱা জোতা-চেণ্ডেল পিন্ধি দেৱীয়ে নিশা ভক্তৰ মনৰ আশা পূৰণ কৰিবৰ বাবে ওলাই আহে।

ইয়াৰ উপৰিও এই মন্দিৰত দেৱীৰ বাবে আমিষ আৰু নিৰামিষ ভোগ ৰন্ধা হয়। আশ্চৰ্যজনকভাৱে এই মন্দিৰটোলৈ কেৱল হিন্দুসকলেই নহয় মুছলমান লোকসকলেও তেওঁলোকৰ ইচ্ছাপূৰণ কৰিবলৈ ভিন্ন ঠাইৰ পৰা আহে। জনপ্ৰবাদ অনুসৰি যি মানুহে আনৰ অহিত চিন্তা কৰে বা অহিত কৰাৰ কথা ভাৱে তেনে লোকৰ প্ৰাৰ্থনা কেতিয়াও গ্ৰহণ নকৰে লকম্মা দেৱীয়ে।

আৰু পঢ়কঃ প্ৰধানমন্ত্ৰী মোদীৰ নিৰাপত্তাক লৈ হেতালি! উচ্চতম ন্যায়ালয়ত আজি পুনৰ শুনানি


FOLLOW US F
POPULAR
FEATURE
TRENDY
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
পাকিস্তানত ২৪ ঘণ্টাত ১৩ শিশুসহ ৩৪০জনৰ মৃত্যু, খাইবাৰ পাখতুনখাৱাত আকস্মিক বানৰ তাণ্ডৱ
২৩ আগষ্টত শনি অমৱস্যা ! এই প্ৰতিকাৰ কৰিলে সকলো সমস্যা হ'ব দূৰ
কোটিপতি অৰ্জুন তেণ্ডুলকাৰ! আপুনি জানেনে জুনিয়ৰ শচীনৰ নেট ৱৰ্থ?
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক