--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: শ্ৰীমদ্ভাগৱত গীতাত ভগৱান শ্ৰীকৃষ্ণৰ শিক্ষাৰ বৰ্ণনা কৰা হৈছে। গীতাৰ এই শিক্ষাসমূহ শ্ৰীকৃষ্ণই মহাভাৰত যুদ্ধৰ সময়ত অৰ্জুনক দিছিল। গীতাত দিয়া শিক্ষা আজিও সমানে প্ৰাসংগিক আৰু মানুহক জীৱন যাপনৰ সঠিক পথ দেখুৱাইছে। জীৱনত গীতাৰ কথা গ্রহণ কৰি এজন ব্যক্তিয়ে বহুত অগ্ৰগতি লাভ কৰে। গীতা একমাত্ৰ শাস্ত্ৰ যিয়ে মানুহক কেনেকৈ জীয়াই থাকিব লাগে শিকাইছে। গীতাই জীৱনত ধৰ্ম, কৰ্ম আৰু প্ৰেমৰ পাঠ শিকায়।

শ্ৰীমদ ভাগৱত গীতাৰ জ্ঞান মানৱ জীৱনৰ বাবে উপযোগী বুলি বিবেচিত হৈছে। গীতা জীৱনৰ এক সম্পূৰ্ণ দৰ্শন আৰু ইয়াক অনুসৰণ কৰা ব্যক্তিজনেই শ্ৰেষ্ঠ। গীতাত কোৱা হৈছে যে আমাৰ জীৱনত সমস্যা কিয় আহে।

গীতাৰ প্ৰেৰণাদায়ক চিন্তা

• গীতাত লিখা আছে যে, সমস্যাবোৰ আমাৰ জীৱনত কোনো কাৰণ নোহোৱাকৈ নাহে, সেইবোৰৰ আগমনৰ ইংগিত এয়ে‌ যে আমি আমাৰ জীৱনত কিবা এটা সলনি কৰিব লাগিব।

• শ্ৰীকৃষ্ণৰ মতে কোনোবাই যদি সুযোগ দিয়ে তেন্তে তেওঁক প্ৰতাৰণা নকৰিব। কোনোবাই যদি ঠগিছে তেন্তে তেওঁক দ্বিতীয়বাৰৰ বাবে সুযোগ নিদিব।

• গীতাত লিখা আছে যে এক মুহূৰ্তৰ ক্ৰোধে প্ৰেমৰ সম্পৰ্ক বিনষ্ট কৰে, যেতিয়া ভুল কৰা জনৰ অনুশোচনা হয় বা চেতনা ঘূৰাই পায়, তেতিয়ালৈ সময় পাৰ হৈ যায়।

• শ্ৰী কৃষ্ণই গীতাত কৈছে যে অতি সুখী আৰু অতি দুখী হ’লে সিদ্ধান্ত লোৱা উচিত নহয় কাৰণ এই দুয়োটা পৰিস্থিতিয়ে সঠিক সিদ্ধান্ত ল’বলৈ অনুমতি নিদিয়ে। 

• গীতাত লিখা আছে, কেৱল দেখুৱাবলৈ ভাল নহ’ব, ভগৱানে আপোনাক কেৱল বাহিৰৰ পৰাই নহয় ভিতৰৰ পৰাও চিনি পায়!

• খঙৰ সময়ত অলপ ধৈৰ্য্য ধৰিলে অন্ততঃ এশটা দুখৰ দিন এৰাই চলিব পাৰি।

• শ্ৰী কৃষ্ণই গীতাত কৈছে যে পৰাজয় আৰু জয় আমাৰ চিন্তাধাৰাৰ ওপৰত নিৰ্ভৰ কৰে।

• গীতাৰ মতে কোনো ব্যক্তিক ভালদৰে চিনি নোপোৱাকৈয়ে আনৰ কথা শুনি তেওঁৰ বিষয়ে কোনো ধৰণৰ ধাৰণা কৰাটো মূৰ্খামি।

FOLLOW US F
POPULAR
FEATURE
TRENDY
শোণিতপুৰত মৰ্মান্তিক দুৰ্ঘটনা; জিয়াভৰলী নৈৰ চাপৰিত ট্ৰেক্টৰ বাগৰি মৃত্যু পিতা-পুত্ৰৰ
বিশ্বৰ ভিতৰত চতুৰ্থ ভাৰ: AI চালিত কৃত্রিম উপগ্রহ মহাকাশলৈ সফলতাৰে উৎক্ষেপণ
সাহসী পাইলট স্মিত মাচ্চাৰৰ প্ৰশংসাত পঞ্চমুখ ছলমান খান
ৰঙিয়াৰ দশম শ্ৰেণীৰ ছাত্ৰী তানাজ শইকীয়ালৈ ‘লেগেচি অৱ লিটাৰেচাৰ এৱাৰ্ড’
হাইলাকান্দিত পুনৰ জব্দ ৬০ লাখ টকাৰ য়াবা টেবলেট; দুজনক গ্ৰেপ্তাৰ
চাৰ্টৰ জেপত ফোন ৰাখিলে হাৰ্টবিটত কি প্ৰভাৱ পৰে?
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা