--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: প্ৰগতিশীল চিন্তাৰ কঠীয়াতলী জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰসমাজে দেশক দিছে নতুন বাৰ্তা৷ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ আগ্ৰাসী ৰাজনীতি ওফৰাই জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ নিৰ্বাচনত জয়ী হ’ল কেউগৰাকী বাঁওমৰ্চা সমৰ্থিত প্ৰাৰ্থী৷ সভাপতি পদত ধনঞ্জয়ে ৩,১০০টা ভোট লাভ কৰাৰ বিপৰীতে এবিভিপিৰ উমেশ চন্দ্ৰ আজমীৰাই লাভ কৰে ২,১১৮টা ভোট৷ উপ-সভাপতি পদত এবিভিপিৰ দীপিকা শৰ্মাই ১,৮৪৮টা ভোট লাভ কৰাৰ বিপৰীতে বাঁওমৰ্চাৰ প্ৰাৰ্থী অভিজিৎ ঘোষে ২,৭৬২টা ভোট লাভ কৰি জয়লাভ কৰে৷ একেদৰে, সাধাৰণ সম্পাদক পদত এবিভিপিৰ অৰ্জুন আনন্দই লাভ কৰে ২,৪১২টা ভোট৷ তাৰ বিপৰীতে বাঁওমৰ্চা সমৰ্থিত প্ৰিয়াঞ্চি আৰ্যাই লাভ কৰে ৩,৪৪০টা ভোট৷ সহঃ সম্পাদকৰ পদত এবিভিপিৰ গোবিন্দ দাংগীয়ে ২,৫৯১টা ভোট লাভ কৰাৰ বিপৰীতে বাঁওমৰ্চা সমৰ্থিত মহম্মদ ছাজিদে ৩,০৩৫টা ভোট লাভ কৰি বিজয় সাব্যস্ত কৰে৷ জেএনইউ ছাত্ৰ একতা সভাৰ নিৰ্বাচনক কেন্দ্ৰ কৰি শিক্ষানুষ্ঠানখনৰ চৌহদত দেওবাৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ চাৰিবছৰ পাছত অনুষ্ঠিত নিৰ্বাচনৰ দেওবাৰে ভোটগণনা প্ৰক্ৰিয়া আৰম্ভ হৈছিল৷ সভাপতি, উপ-সভাপতি, সাধাৰণ সম্পাদক আৰু সহকাৰী সাধাৰণ সম্পাদক এই চাৰিটা প্ৰধান পদৰ বাবে আৰএছএছৰ সমৰ্থনপ্ৰাপ্ত এবিভিপি আৰু বাঁওপন্থী ছাত্ৰ শিবিৰৰ মাজত তুমুল প্ৰতিদ্বন্দ্বিতা হৈছিল৷ উল্লেখযোগ্য যে, জেএনইউত বিজয়ী হোৱা বাঁওমৰ্চাত থকা সংগঠনকেইটা হৈছে: অল ইণ্ডিয়া ষ্টুডেণ্ট এছোচিয়েশ্যন (আইচা), ডেম’ক্ৰেটিক ষ্টুডেণ্টছ ফেডাৰেশ্যন (ডিএছএফ), ষ্টুডেণ্টছ ফেডাৰেশ্যন অব্ ইণ্ডিয়া (এছএফআই) আৰু অল ইণ্ডিয়া ষ্টুডেণ্টছ ফেডাৰেশ্যন (এআইএছএফ)৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী