--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: প্ৰগতিশীল চিন্তাৰ কঠীয়াতলী জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰসমাজে দেশক দিছে নতুন বাৰ্তা৷ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ আগ্ৰাসী ৰাজনীতি ওফৰাই জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ নিৰ্বাচনত জয়ী হ’ল কেউগৰাকী বাঁওমৰ্চা সমৰ্থিত প্ৰাৰ্থী৷ সভাপতি পদত ধনঞ্জয়ে ৩,১০০টা ভোট লাভ কৰাৰ বিপৰীতে এবিভিপিৰ উমেশ চন্দ্ৰ আজমীৰাই লাভ কৰে ২,১১৮টা ভোট৷ উপ-সভাপতি পদত এবিভিপিৰ দীপিকা শৰ্মাই ১,৮৪৮টা ভোট লাভ কৰাৰ বিপৰীতে বাঁওমৰ্চাৰ প্ৰাৰ্থী অভিজিৎ ঘোষে ২,৭৬২টা ভোট লাভ কৰি জয়লাভ কৰে৷ একেদৰে, সাধাৰণ সম্পাদক পদত এবিভিপিৰ অৰ্জুন আনন্দই লাভ কৰে ২,৪১২টা ভোট৷ তাৰ বিপৰীতে বাঁওমৰ্চা সমৰ্থিত প্ৰিয়াঞ্চি আৰ্যাই লাভ কৰে ৩,৪৪০টা ভোট৷ সহঃ সম্পাদকৰ পদত এবিভিপিৰ গোবিন্দ দাংগীয়ে ২,৫৯১টা ভোট লাভ কৰাৰ বিপৰীতে বাঁওমৰ্চা সমৰ্থিত মহম্মদ ছাজিদে ৩,০৩৫টা ভোট লাভ কৰি বিজয় সাব্যস্ত কৰে৷ জেএনইউ ছাত্ৰ একতা সভাৰ নিৰ্বাচনক কেন্দ্ৰ কৰি শিক্ষানুষ্ঠানখনৰ চৌহদত দেওবাৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ চাৰিবছৰ পাছত অনুষ্ঠিত নিৰ্বাচনৰ দেওবাৰে ভোটগণনা প্ৰক্ৰিয়া আৰম্ভ হৈছিল৷ সভাপতি, উপ-সভাপতি, সাধাৰণ সম্পাদক আৰু সহকাৰী সাধাৰণ সম্পাদক এই চাৰিটা প্ৰধান পদৰ বাবে আৰএছএছৰ সমৰ্থনপ্ৰাপ্ত এবিভিপি আৰু বাঁওপন্থী ছাত্ৰ শিবিৰৰ মাজত তুমুল প্ৰতিদ্বন্দ্বিতা হৈছিল৷ উল্লেখযোগ্য যে, জেএনইউত বিজয়ী হোৱা বাঁওমৰ্চাত থকা সংগঠনকেইটা হৈছে: অল ইণ্ডিয়া ষ্টুডেণ্ট এছোচিয়েশ্যন (আইচা), ডেম’ক্ৰেটিক ষ্টুডেণ্টছ ফেডাৰেশ্যন (ডিএছএফ), ষ্টুডেণ্টছ ফেডাৰেশ্যন অব্ ইণ্ডিয়া (এছএফআই) আৰু অল ইণ্ডিয়া ষ্টুডেণ্টছ ফেডাৰেশ্যন (এআইএছএফ)৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু