--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চাণক্যই আমাক জীৱনৰ বাবে প্ৰয়োজনীয় বহু উপদেশেই তেওঁৰ নীতিৰ জড়িয়তে দি গৈছে। নিখুঁত জীৱন সংগী এগৰাকী বিচাৰি লোৱাটো বহৰ সহজ কথা নহয়। জীৱন সংগী বাচনি কৰোতে সামান্য ভুল হ’লেই সংসাৰত আউল লাগিব পাৰে। প্ৰায় ২৫০০ বছৰ আগতে চাণক্যই কৈ যোৱা কথাবোৰ আজিও সমাজত প্ৰাসংগিক হৈ আছে। নিখুঁত জীৱন সংগী বাছনি কৰাৰ ক্ষেত্ৰত চাণক্যই কৈ যোৱা  এই বিশেষ কথা কেইটালৈ মন কৰিব

(ক)জীৱন সংগী বাছনি কৰোঁতে, গুণবোৰৰ ওপৰত গুৰুত্ব দিবলৈ চেষ্টা কৰিব।
মুখলৈ নহয়, মনলৈ চোৱাঃ জীৱন সংগী বাছনি কৰোতে  সঙ্গীৰ মুখৰ সলনি মনলৈ চাবলৈ কৈছে চাণক্যই।  চাণক্য নীতি অনুসৰি, এজনব্যক্তিয়ে জীৱন সংগীৰ মুখতকৈ নিজৰ মনৰ প্ৰতি অধিক মনোযোগ দিব লাগে। আচাৰ্য চাণক্যই বিশ্বাস কৰে যে এজন ভাল ব্যক্তিত্বৰ ব্যক্তি, অৰ্থাৎ উৎকৃষ্ট গুণ থকা ব্যক্তিয়ে ভিৰৰ মাজতো নিজৰ পৰিচয় দাঙি ধৰিবলৈ  সক্ষম হয়। 

একে সময়তে, এজন ব্যক্তিৰ ভাল গুণবোৰে তেওঁৰ সফলতাৰ পথ নিশ্চিত কৰে।সেয়েহে জীৱন সংগী বাছনি কৰোঁতে এনে  গুণবোৰৰ ওপৰত গুৰুত্ব দিবলৈ চেষ্টা কৰক।'চুৰট পে মত যাও চিৰট পে যাও' বুলি হিন্দীত এষাৰি  অতি জনপ্ৰিয় কথা, যাৰ অৰ্থ হৈছে তেওঁৰ মুখৰ সলনি এজন সঙ্গীৰ মনলৈ চোৱা।  চাণক্যয়ো সেই কথাই কৈ গৈছে।

(খ) খং নিয়ন্ত্ৰণঃ খং হৈছে মানুহৰ শত্ৰু। খং উঠাটো মানুহৰ প্ৰকৃতিৰ এক গুৰুত্বপূৰ্ণ প্ৰকাশ। কিন্তু খং নামেই যিহেতু চণ্ডাল সেয়ে খং নিয়ন্তে্ৰণ কৰিব পৰা ব্যক্তিক সকলোৱে পছন্দ কৰে।  বিশেষকৈ বিবাহিত জীৱনত, অত্যধিক খঙে সাংসাৰিক  সম্পৰ্ককো প্ৰভাৱিত কৰিব পাৰে, সেয়েহে জীৱন সংগী কিমান খঙাল সেই বিষয়ে খা-খবৰ লৈহে সংগী নিৰ্বাচনৰ সিদ্ধান্ত ল’ব লাগে।

(গ)ধৰ্মীয় প্ৰকৃতিঃ জীৱন সংগী বাছনি কৰোঁতে, তেওঁৰ ধৰ্মীয় আচৰণৰ প্ৰতি তেওঁৰ কিমান  আকৰ্ষণ  বা আস্থা আছে সেই বিষয়টো জানি লোৱা উচিৎ। ধৰ্মই সদাচাৰ শিকায়। পানীৰ যিদৰে নামনিলৈ বৈ যোৱাৰ ধৰ্ম আছে , বতাহৰ যিদৰে বৈ যোৱাৰ ধৰ্ম থাকে তেনেদৰে মানুহৰো কেতবোৰ নিজা বৈশিষ্ট অৰ্থাৎ ধৰ্ম  থাকে। ধৰ্ম মানে কেৱল নেদেখা জনক আৰাধনা কৰি থকাই নুবুজায়। সদাচাৰী জীৱনৰ প্ৰতি আকৃষ্ট জনক জীৱন সংগী হিচাবে পালে মানুহ সুখী হ’ব পাৰে। চাণক্য নীতি অনুসৰি, ধৰ্মীয় প্ৰকৃতি হৈছে এজন ভাল মানুহৰ এক আশ্চৰ্যকৰ গুণ, সেয়েহে জীৱন সংগী বাছনি কৰাৰ আগতে, তেওঁৰ ধৰ্মীয় প্ৰকৃতি বুজিবলৈ চেষ্টা কৰিব লাগিব।

(ঘ) সন্মান: চাণক্য নীতি অনুসৰি আনক  সন্মান কৰিব জনা ব্যক্তিজনে সকলো ঠাইতে সন্মান লাভ কৰে। লগতে সুখী বিবাহিত জীৱনত ইজনে- সিজনক সন্মান কৰাটো অতি  প্ৰয়োজনীয় কথা।এনে গুণ বাছি ল’ব বিচৰা জীৱন সংগীৰ আছে নে নাই সেই জানি লোৱাটো ভাল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ