--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ১৯৯৫ চনত মুক্তিলাভ কৰা ‘ৰংগীলা’ চিনেমাখনৰ ‘তনহা তনহা য়াহান পে জীনা’ নামৰ গানটো মনত আছেনে? মোহময়ী অভিনেত্ৰী উৰ্মিলা মাতণ্ডকাৰে আবেদনময়ী নৃত্যৰে সজোৱা গানটোৰ কথা নিশ্চয় চলচ্চিত্ৰপ্ৰেমীসকলৰ এতিয়াও মনত আছে। গানটোৱে অশেষ জনপ্ৰিয়তা লাভ কৰিছিল।

গানটোত উৰ্মিলাই বগা ৰঙৰ এটা বিশেষ পোছাক পিন্ধি সাগৰৰ পাৰত নচাৰ দৃশ্যটোক আইকনিক বুলি কোৱা হয়। দৃশ্যটোৰ সম্পৰ্কত উৰ্মিলাই নিজে মুখ খুলিছে।

বগা ৰঙৰ সেই বিশেষ পোছাক আছিল চিনেমাখনৰ নায়ক জেকী শ্ৰুফৰ এটা গেঞ্জীহে! উৰ্মিলাই এই কথা জানিবলৈ দিছে। তেওঁ কয় যে জেকী শ্ৰুফৰ গেঞ্জী পিন্ধি অভিনয় কৰাটো অত্যন্ত আমোদজনক আছিল।

“যেতিয়া জেকীৰ গেঞ্জী পিন্ধিবলৈ দিয়া হৈছিল, মই প্ৰথমতে ইস্তততঃবোধ কৰিছিলো। কিন্তু পাছত সকলো ঠিকে-ঠাকে হৈ গৈছিল। গানটোৰ দ্বাৰা মই অশেষ আদৰ লাভ কৰিছিলো।”- উৰ্মিলাই কয়।

উল্লেখ্য যে ‘ৰংগীলা’ চিনেমাখনক বলিউডৰ অন্যতম ক্লাছিক হিচাপে অভিহিত কৰা হয়। ত্ৰিকোণ প্ৰেমৰ কাহিনীৰ চিনেমাখন পৰিচালনা কৰিছিল ৰামগোপাল বাৰ্মাই। অভিনয় কৰিছিল উৰ্মিলা মাতণ্ডকাৰ, আমিৰ খান আৰু জেকী শ্ৰফে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু