--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ টি২০ বিশ্বকাপত যদি জিম্বাবুৱেই ভাৰতক হৰুৱাব পাৰে, তেন্তে জিম্বাবুৱেৰ খেলুৱৈসকলে এটা সোণালী সুযোগ লাভ কৰিব। পাকিস্তানৰ এগৰাকী মোহময়ী অভিনেত্ৰী শ্বেহাৰ শ্বিনৱাৰীয়ে এই সুবিধা প্ৰদান কৰিব।

উল্লেখ্য যে ভাৰতে বিশ্বকাপৰ পৰৱৰ্তী মেচখনত জিম্বাবুৱেৰ স’তে মুখামুখি হ’ব। ভাৰতে গ্ৰুপ ৰেংকিঙত শক্তিশালী স্থিতিত উপনিত হোৱাৰ বিপৰীতে জিম্বাবুৱেইও অনবদ্য প্ৰদৰ্শন আগবঢ়াই আছে।

যদি জিম্বাবুৱেই ভাৰতক পৰৱৰ্তী মেচখনত হৰুৱাব পাৰে, তেন্তে পইণ্ট তালিকাত ভাৰত পিছ পৰিব। ফলস্বৰূপে বিশ্বকাপৰ চেমিফাইনেলৰ পথ প্ৰায় ৰুদ্ধ হৈ পৰিব। ইয়াৰ বিপৰীতে পাকিস্তানে চেমি ফাইনেল খেলাতো প্ৰায় নিশ্চিত হ’ব।

সেয়ে মেচখনক লৈ বৰ্তমান তুমুল চৰ্চা চলি আছে। এই চৰ্চাৰ মাজতে পাকিস্তানৰ অভিনেত্ৰীগৰাকীয়ে এটা আমোদজনক টুইট কৰিছে। টুইটটোত তেওঁ কৈছে যে যদি জিম্বাবুৱেই ভাৰতক হৰুৱাব পাৰে, তেন্তে তেওঁ দলটোৰ কোনো এজন খেলুৱৈৰ স’তে বিয়াত বহিব।

টুইটো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। ইয়াৰ পূৰ্বেও অভিনেত্ৰীগৰাকীয়ে ভাৰতীয় ক্ৰিকেট দলক লৈ কেইবাটাও টুইট কৰি আহিছে।

উল্লেখ্য যে ২০১৪ চনত এখন ধাৰাবাহিকৰ যোগেৰে অভিনয় জগতত পদাৰ্পন কৰা শ্বেহাৰৰ জন্ম পাকিস্তানৰ হায়দৰাবাদত। যদি জিম্বাবুৱেই ভাৰতক হৰুৱাই অঘটন ঘটাব পাৰে, তেন্তে অভিনয়ৰ যোগেৰে অশেষ গুণমুগ্ধ লাভ কৰা অভিনেত্ৰীগৰাকীয়ে নিজৰ প্ৰতিশ্ৰুতি পূৰণ কৰিবনে নাই, সেই লৈ অনুৰাগীসকল ব্যস্ত হৈ পৰিছে।

            

FOLLOW US F
POPULAR
FEATURE
TRENDY
লিভাৰ বেয়া হ’লে লক্ষণ ফুটি উঠে হাত আৰু ভৰিত; লগে লগে সজাগ হওক
ভাৱৰীয়াৰ ৰূপত বিধায়ক ৰূপজ্যোতি কুৰ্মী
গণশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি ঢেকিয়াজুলিত #JusticeForZubeenGarg শীৰ্ষক অনুষ্ঠান
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
৬-১১ নৱেম্বৰত বিহাৰ বিধানসভাৰ নিৰ্বাচন, নির্বাচন আয়োগে ঘোষণা কৰিলে সময়সূচী
দীপাৱলীক চৰকাৰী বন্ধৰ দিন ঘোষণা কেলিফৰ্ণিয়াত ; বন্ধ হ’ব কেলিফৰ্ণিয়াৰ বিদ্যালয়
ডিজিটেল কানেক্টিভিটি ভাৰতীয়ৰ জীৱনৰ অভিন্ন অংশ হৈ পৰিছে: মোদী