--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ টি২০ বিশ্বকাপত যদি জিম্বাবুৱেই ভাৰতক হৰুৱাব পাৰে, তেন্তে জিম্বাবুৱেৰ খেলুৱৈসকলে এটা সোণালী সুযোগ লাভ কৰিব। পাকিস্তানৰ এগৰাকী মোহময়ী অভিনেত্ৰী শ্বেহাৰ শ্বিনৱাৰীয়ে এই সুবিধা প্ৰদান কৰিব।

উল্লেখ্য যে ভাৰতে বিশ্বকাপৰ পৰৱৰ্তী মেচখনত জিম্বাবুৱেৰ স’তে মুখামুখি হ’ব। ভাৰতে গ্ৰুপ ৰেংকিঙত শক্তিশালী স্থিতিত উপনিত হোৱাৰ বিপৰীতে জিম্বাবুৱেইও অনবদ্য প্ৰদৰ্শন আগবঢ়াই আছে।

যদি জিম্বাবুৱেই ভাৰতক পৰৱৰ্তী মেচখনত হৰুৱাব পাৰে, তেন্তে পইণ্ট তালিকাত ভাৰত পিছ পৰিব। ফলস্বৰূপে বিশ্বকাপৰ চেমিফাইনেলৰ পথ প্ৰায় ৰুদ্ধ হৈ পৰিব। ইয়াৰ বিপৰীতে পাকিস্তানে চেমি ফাইনেল খেলাতো প্ৰায় নিশ্চিত হ’ব।

সেয়ে মেচখনক লৈ বৰ্তমান তুমুল চৰ্চা চলি আছে। এই চৰ্চাৰ মাজতে পাকিস্তানৰ অভিনেত্ৰীগৰাকীয়ে এটা আমোদজনক টুইট কৰিছে। টুইটটোত তেওঁ কৈছে যে যদি জিম্বাবুৱেই ভাৰতক হৰুৱাব পাৰে, তেন্তে তেওঁ দলটোৰ কোনো এজন খেলুৱৈৰ স’তে বিয়াত বহিব।

টুইটো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। ইয়াৰ পূৰ্বেও অভিনেত্ৰীগৰাকীয়ে ভাৰতীয় ক্ৰিকেট দলক লৈ কেইবাটাও টুইট কৰি আহিছে।

উল্লেখ্য যে ২০১৪ চনত এখন ধাৰাবাহিকৰ যোগেৰে অভিনয় জগতত পদাৰ্পন কৰা শ্বেহাৰৰ জন্ম পাকিস্তানৰ হায়দৰাবাদত। যদি জিম্বাবুৱেই ভাৰতক হৰুৱাই অঘটন ঘটাব পাৰে, তেন্তে অভিনয়ৰ যোগেৰে অশেষ গুণমুগ্ধ লাভ কৰা অভিনেত্ৰীগৰাকীয়ে নিজৰ প্ৰতিশ্ৰুতি পূৰণ কৰিবনে নাই, সেই লৈ অনুৰাগীসকল ব্যস্ত হৈ পৰিছে।

            

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক