--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০০ কোটি টকাৰ আৰ্থিক জালিয়াতিৰ গোচৰত অভিযুক্ত কনমেন সুকেশ চন্দ্ৰশেখৰ। বলীউডৰ অভিনেত্ৰী জেকলিন ফাৰ্নাণ্ডেজৰ সৈতে তেওঁৰ সম্পৰ্কৰ বিষয়ে প্ৰায় সকলোৱে জানে। 'কিক'ৰ বিখ্যাত অভিনেত্ৰীগৰাকী কনমেন সুকেশৰ প্ৰেমত পৰিছিল। সেই সম্পৰ্কৰ বাবেই তেওঁ বিপদৰ সন্মুখীন হ’বলগীয়া হৈছিল। জালিয়াতিৰ তদন্তৰ বাবে বিগত এটা বছৰত জেকলিনে কেইবাবাৰো আদালতত হাজিৰ হ’বলগীয়া হৈছে। কেৱল সেয়াই নহয়, বিদেশ ভ্ৰমণতো নিষেধাজ্ঞা আৰোপ কৰা হৈছিল অভিনেত্ৰীগৰাকীক।

অৱশ্যে শেহতীয়াকৈ কঠোৰতা শিথিল কৰা হৈছে। বৰ্তমান দিল্লীৰ মণ্ডোলী কাৰাগাৰত আছে সুকেশ। জেলতো কনমেনজন প্ৰেমত পৰিছে। দূৰত্বৰ মাজতো সুকেশৰ জেকলিনৰ প্ৰতি থকা প্ৰেম একে আছে। জেলৰ পৰাই তেওঁ অভিনেত্ৰীগৰাকীলৈ কেইবাবাৰো প্ৰেমৰ চিঠি লিখিছিল। শেহতীয়াকৈ সুকেশে লিখা সেই প্ৰেমপত্ৰত বিচাৰি পালে 'জৱান' যোগ!

যোৱা ৩১ আগষ্টত মুক্তি পালে শ্বাহৰুখৰ পৰৱৰ্তী ছবি ‘জৱান’ৰ ট্ৰেইলাৰ। কিছুদিন পূৰ্বে মুক্তি লাভ কৰিছিল ছবিখনৰ প্ৰেমৰ গীত ‘চালেয়া’। সেই গীতটোত শ্বাহৰুখ আৰু নয়ন্তৰাৰ কেমিষ্ট্ৰীয়ে দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিছিল। সুকেশেও জেলত বহি সেই গানটো শুনিছিল। কেৱল সেয়াই নহয়, সংগীত শুনি আনন্দত নাচিছিল বুলি দাবী কৰে কনমেনজনে। কাৰণ সেই প্ৰেমৰ গানটো শুনি তেওঁ জেকলিনক মনত পেলাইছিল বুলি দাবী কৰে সুকেশে। আনকি তেওঁ গীতটো ‘গাৰ্লফ্ৰেণ্ড’ জেকলিনক উৎসৰ্গা কৰিছিল!

শেহতীয়াকৈ জেকলিনলৈ লিখা প্ৰেমপত্ৰত সেই কথা উল্লেখ কৰিছে সুকেশে। সুকেশে জেকলিনলৈ লিখিছে, “আপোনাৰ সপোন পূৰণৰ বাবে মই দেশৰ ভিতৰতে শ্ৰেষ্ঠ পশু চিকিৎসালয় নিৰ্মাণ কৰিম। মোৰ দলটোৱে সকলো ব্যৱস্থা কৰিছে, ১১ ছেপ্টেম্বৰৰ পৰা অট্টালিকাটোৰ নিৰ্মাণ আৰম্ভ হ’ব। অহা বছৰৰ ১১ আগষ্টৰ পৰা চিকিৎসালয়খন খুলিব বুলি ভাবিছোঁ, কাৰণ সেইদিনা তোমাৰ জন্মদিন!” আনকি পশু চিকিৎসালয়খনৰ বাবে দেশৰ ভিতৰতে শ্ৰেষ্ঠ চিকিৎসকক লৈ আহিব বুলিও প্ৰতিশ্ৰুতি দিছিল!

কনমেন সুকেশে দাবী কৰিছে যে জেকলিনৰ মুখত হাঁহি বিৰিঙাবলৈ তেওঁ যিকোনো কাম কৰিব পাৰে। যদিও বলীউডৰ অভিনেত্ৰীগৰাকীয়ে কেতিয়াও ৰাজহুৱাভাৱে সুকেশৰ সৈতে সম্পৰ্ক স্বীকাৰ কৰা নাই। ২০০ কোটি টকা আত্মসাৎ কৰাৰ অভিযোগত অভিযুক্ত কনমেনে জেলত বহি থকা অৱস্থাত ইখনৰ পিছত সিখনকৈ ‘প্ৰেমিকা’লৈ প্ৰেমৰ চিঠি লিখিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক