--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০০ কোটি টকাৰ আৰ্থিক জালিয়াতিৰ গোচৰত অভিযুক্ত কনমেন সুকেশ চন্দ্ৰশেখৰ। বলীউডৰ অভিনেত্ৰী জেকলিন ফাৰ্নাণ্ডেজৰ সৈতে তেওঁৰ সম্পৰ্কৰ বিষয়ে প্ৰায় সকলোৱে জানে। 'কিক'ৰ বিখ্যাত অভিনেত্ৰীগৰাকী কনমেন সুকেশৰ প্ৰেমত পৰিছিল। সেই সম্পৰ্কৰ বাবেই তেওঁ বিপদৰ সন্মুখীন হ’বলগীয়া হৈছিল। জালিয়াতিৰ তদন্তৰ বাবে বিগত এটা বছৰত জেকলিনে কেইবাবাৰো আদালতত হাজিৰ হ’বলগীয়া হৈছে। কেৱল সেয়াই নহয়, বিদেশ ভ্ৰমণতো নিষেধাজ্ঞা আৰোপ কৰা হৈছিল অভিনেত্ৰীগৰাকীক।

অৱশ্যে শেহতীয়াকৈ কঠোৰতা শিথিল কৰা হৈছে। বৰ্তমান দিল্লীৰ মণ্ডোলী কাৰাগাৰত আছে সুকেশ। জেলতো কনমেনজন প্ৰেমত পৰিছে। দূৰত্বৰ মাজতো সুকেশৰ জেকলিনৰ প্ৰতি থকা প্ৰেম একে আছে। জেলৰ পৰাই তেওঁ অভিনেত্ৰীগৰাকীলৈ কেইবাবাৰো প্ৰেমৰ চিঠি লিখিছিল। শেহতীয়াকৈ সুকেশে লিখা সেই প্ৰেমপত্ৰত বিচাৰি পালে 'জৱান' যোগ!

যোৱা ৩১ আগষ্টত মুক্তি পালে শ্বাহৰুখৰ পৰৱৰ্তী ছবি ‘জৱান’ৰ ট্ৰেইলাৰ। কিছুদিন পূৰ্বে মুক্তি লাভ কৰিছিল ছবিখনৰ প্ৰেমৰ গীত ‘চালেয়া’। সেই গীতটোত শ্বাহৰুখ আৰু নয়ন্তৰাৰ কেমিষ্ট্ৰীয়ে দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিছিল। সুকেশেও জেলত বহি সেই গানটো শুনিছিল। কেৱল সেয়াই নহয়, সংগীত শুনি আনন্দত নাচিছিল বুলি দাবী কৰে কনমেনজনে। কাৰণ সেই প্ৰেমৰ গানটো শুনি তেওঁ জেকলিনক মনত পেলাইছিল বুলি দাবী কৰে সুকেশে। আনকি তেওঁ গীতটো ‘গাৰ্লফ্ৰেণ্ড’ জেকলিনক উৎসৰ্গা কৰিছিল!

শেহতীয়াকৈ জেকলিনলৈ লিখা প্ৰেমপত্ৰত সেই কথা উল্লেখ কৰিছে সুকেশে। সুকেশে জেকলিনলৈ লিখিছে, “আপোনাৰ সপোন পূৰণৰ বাবে মই দেশৰ ভিতৰতে শ্ৰেষ্ঠ পশু চিকিৎসালয় নিৰ্মাণ কৰিম। মোৰ দলটোৱে সকলো ব্যৱস্থা কৰিছে, ১১ ছেপ্টেম্বৰৰ পৰা অট্টালিকাটোৰ নিৰ্মাণ আৰম্ভ হ’ব। অহা বছৰৰ ১১ আগষ্টৰ পৰা চিকিৎসালয়খন খুলিব বুলি ভাবিছোঁ, কাৰণ সেইদিনা তোমাৰ জন্মদিন!” আনকি পশু চিকিৎসালয়খনৰ বাবে দেশৰ ভিতৰতে শ্ৰেষ্ঠ চিকিৎসকক লৈ আহিব বুলিও প্ৰতিশ্ৰুতি দিছিল!

কনমেন সুকেশে দাবী কৰিছে যে জেকলিনৰ মুখত হাঁহি বিৰিঙাবলৈ তেওঁ যিকোনো কাম কৰিব পাৰে। যদিও বলীউডৰ অভিনেত্ৰীগৰাকীয়ে কেতিয়াও ৰাজহুৱাভাৱে সুকেশৰ সৈতে সম্পৰ্ক স্বীকাৰ কৰা নাই। ২০০ কোটি টকা আত্মসাৎ কৰাৰ অভিযোগত অভিযুক্ত কনমেনে জেলত বহি থকা অৱস্থাত ইখনৰ পিছত সিখনকৈ ‘প্ৰেমিকা’লৈ প্ৰেমৰ চিঠি লিখিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু