--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ খবৰটো আহিছিল তিনিদিন আগতেই। অভিনেতা আৰ মাধৱনক ভাৰতৰ ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউট পুনেৰ মুৰব্বী হিচাপে নিযুক্তি দিয়া হৈছে। ইয়াৰ পূৰ্বে পৰিচালক শেখৰ কাপুৰে এই পদত অধিষ্ঠিত হৈছিল। সময়সীমাৰ ঠিক পিছতেই এই গুৰুত্বপূৰ্ণ পদটোৰ বাবে মনোনীত হৈছিল জনপ্ৰিয় অভিনেতাগৰাকী। কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ ঠাকুৰে মাধৱনে এই পদবী পোৱাৰ কথা টুইটাৰযোগে জনায়।

অভিনেতাগৰাকীক অভিনন্দন জনাই তেওঁ লিখিছে, ‘এফটিআইআইৰ মুৰব্বী আৰু ইয়াৰ চৰকাৰী ব’ৰ্ডৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হোৱাৰ বাবে মাধৱনজীক অভিনন্দন। মই নিশ্চিত, আপোনাৰ বিশাল অভিজ্ঞতা, কঠোৰ নীতিয়ে এই সংস্থাটোক সমৃদ্ধ কৰিব, ইতিবাচক পৰিৱৰ্তন আনিব আৰু ইয়াক উচ্চ পৰ্যায়লৈ লৈ যাব। মোৰ শুভেচ্ছা আপোনালোকৰ লগত।'' অভিনেতাগৰাকীয়েও ধন্যবাদ জনায়। এইবাৰ এফ টি আইৰ মুৰব্বী হিচাপে মুখ মেলিলে এইজন জনপ্ৰিয় অভিনেতাই।

জীৱনৰ প্ৰথম পৰিচালনাত সফলতা। তেওঁৰ ছবি ‘ৰকেটৰী: দ্য নাম্বি ইফেক্ট’ ৰাষ্ট্ৰীয় বঁটাত শ্ৰেষ্ঠ বৈশিষ্ট্যপূৰ্ণ ছবি হিচাপে স্বীকৃতি লাভ কৰে। কেইদিনমানৰ ভিতৰতে তেওঁক এনে এক বৃহৎ দায়িত্বৰ পদত বহিবলৈ দিয়া হ’ল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে কেইবাখনো ছবিত দেখা গৈছে অভিনেতাগৰাকীক। এই ঘোষণা কৰাৰ সময়ত অভিনেতাজন আমেৰিকাত আছিল। এই ঘোষণা কৰাৰ সময়ত অভিনেতাজন আমেৰিকাত আছিল। দেশলৈ উভতি আহিয়ে বহুত শুভেচ্ছা লাভ কৰিলে। মাধৱনে অৱশেষত ক'লে, "সকলোকে বহুত বহুত ধন্যবাদ। ই এক ডাঙৰ দায়িত্ব। আশাকৰোঁ, সকলোৰে আশা পূৰণ কৰিব পাৰিম।''

উল্লেখ্য যে হিন্দী, তামিলকে ধৰি বিভিন্ন ভাষাত অভিনয় কৰিছে মাধৱনে। তেওঁক খুব কম হিন্দী ছবিত দেখা গৈছে। কিন্তু যিসকলে কৰিলে, প্ৰায় সকলোৱেই সফল হ’ল। তাৰ ভিতৰত এখন হৈছে ‘ৰহানা হায় তেৰে দিল মেইন’, ‘থ্ৰী ইডিয়টছ’, ‘ৰং দে বসন্তী’ৰ দৰে ছবি। কিন্তু কিছু সময়ৰ পাছত তেওঁ সম্পূৰ্ণৰূপে দক্ষিণৰ চিনেমাত মনোনিৱেশ কৰিলে। তেওঁ আছিল অভিনেতা-পৰিচালক, এইবাৰ নতুন দায়িত্ব তেওঁৰ কান্ধত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক