--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ খবৰটো আহিছিল তিনিদিন আগতেই। অভিনেতা আৰ মাধৱনক ভাৰতৰ ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউট পুনেৰ মুৰব্বী হিচাপে নিযুক্তি দিয়া হৈছে। ইয়াৰ পূৰ্বে পৰিচালক শেখৰ কাপুৰে এই পদত অধিষ্ঠিত হৈছিল। সময়সীমাৰ ঠিক পিছতেই এই গুৰুত্বপূৰ্ণ পদটোৰ বাবে মনোনীত হৈছিল জনপ্ৰিয় অভিনেতাগৰাকী। কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ ঠাকুৰে মাধৱনে এই পদবী পোৱাৰ কথা টুইটাৰযোগে জনায়।

অভিনেতাগৰাকীক অভিনন্দন জনাই তেওঁ লিখিছে, ‘এফটিআইআইৰ মুৰব্বী আৰু ইয়াৰ চৰকাৰী ব’ৰ্ডৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হোৱাৰ বাবে মাধৱনজীক অভিনন্দন। মই নিশ্চিত, আপোনাৰ বিশাল অভিজ্ঞতা, কঠোৰ নীতিয়ে এই সংস্থাটোক সমৃদ্ধ কৰিব, ইতিবাচক পৰিৱৰ্তন আনিব আৰু ইয়াক উচ্চ পৰ্যায়লৈ লৈ যাব। মোৰ শুভেচ্ছা আপোনালোকৰ লগত।'' অভিনেতাগৰাকীয়েও ধন্যবাদ জনায়। এইবাৰ এফ টি আইৰ মুৰব্বী হিচাপে মুখ মেলিলে এইজন জনপ্ৰিয় অভিনেতাই।

জীৱনৰ প্ৰথম পৰিচালনাত সফলতা। তেওঁৰ ছবি ‘ৰকেটৰী: দ্য নাম্বি ইফেক্ট’ ৰাষ্ট্ৰীয় বঁটাত শ্ৰেষ্ঠ বৈশিষ্ট্যপূৰ্ণ ছবি হিচাপে স্বীকৃতি লাভ কৰে। কেইদিনমানৰ ভিতৰতে তেওঁক এনে এক বৃহৎ দায়িত্বৰ পদত বহিবলৈ দিয়া হ’ল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে কেইবাখনো ছবিত দেখা গৈছে অভিনেতাগৰাকীক। এই ঘোষণা কৰাৰ সময়ত অভিনেতাজন আমেৰিকাত আছিল। এই ঘোষণা কৰাৰ সময়ত অভিনেতাজন আমেৰিকাত আছিল। দেশলৈ উভতি আহিয়ে বহুত শুভেচ্ছা লাভ কৰিলে। মাধৱনে অৱশেষত ক'লে, "সকলোকে বহুত বহুত ধন্যবাদ। ই এক ডাঙৰ দায়িত্ব। আশাকৰোঁ, সকলোৰে আশা পূৰণ কৰিব পাৰিম।''

উল্লেখ্য যে হিন্দী, তামিলকে ধৰি বিভিন্ন ভাষাত অভিনয় কৰিছে মাধৱনে। তেওঁক খুব কম হিন্দী ছবিত দেখা গৈছে। কিন্তু যিসকলে কৰিলে, প্ৰায় সকলোৱেই সফল হ’ল। তাৰ ভিতৰত এখন হৈছে ‘ৰহানা হায় তেৰে দিল মেইন’, ‘থ্ৰী ইডিয়টছ’, ‘ৰং দে বসন্তী’ৰ দৰে ছবি। কিন্তু কিছু সময়ৰ পাছত তেওঁ সম্পূৰ্ণৰূপে দক্ষিণৰ চিনেমাত মনোনিৱেশ কৰিলে। তেওঁ আছিল অভিনেতা-পৰিচালক, এইবাৰ নতুন দায়িত্ব তেওঁৰ কান্ধত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু