--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিলে হেমন্ত ছোৰেণে। ইডিয়ে ভূমি কেলেংকাৰীকে ধৰি আন গোচৰত  গ্ৰেপ্তাৰ সম্ভাৱনা প্ৰকট হোৱাৰ সময়তে হেমন্ত ছোৰেণে পদত্যাগ কৰে। কেতবোৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি হেমন্ত ছোৰেণক ইতিমধ্যে ইডিয়ে গ্ৰেপ্তাৰ কৰিছে। কিন্ত প্ৰাগ নিউজ ডিজিটেলে এতিয়াও ছোৰেণৰ গ্ৰেপ্তাৰৰ খবৰ নিশ্চিত কৰিব পৰা নাই।

 যথাসময়ত পাঠকক এই বিষয়ে অৱগত কৰা হ’ব। ইপিনে ঝাৰখণ্ডত শাসকীয় মিত্ৰজোঁটে পৰিবহন মন্ত্ৰী চম্পাই ছোৰেণক জেএমএম বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত কৰিছে বুলি  কংগ্ৰেছ নেতা ৰাজেশ ঠাকুৰে প্ৰকাশ কৰিছে। ফলত চম্পাই ছোৰেণেই হ’ব ঝাৰখণ্ডৰ নতুন মুখ্যমন্ত্ৰী। 

উল্লেখ্য ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী  হেমন্তৰ ছোৰেণৰ ঘৰত উপস্থিত হ’ল ইডি।। কেৱল সেয়াই নহয় হেমন্তৰ ছোৰেণৰ বাসগৃহৰ চৌদিশৰ কিছু  এলেকাত ১৪৪ ধাৰা জাৰি কৰা হৈছে। বুধবাৰে ইডিৰ জেৰা আৰম্ভ হোৱাৰ আগতে হেমন্ত ছোৰেণে  তেওঁৰ পিতৃ শিবু সোৰেণৰ সৈতে কিছু সময় কথা পাতিছিল।  দলৰ বিধায়কসকলেও তেওঁৰ বাসগৃহত উপস্থিত হয় । ইডিৰ অভিযানৰ বিুৰুদ্ধে জেএমএমৰ কৰ্মীসকলে প্ৰতিবাদ আৰম্ভ কৰিছে। 

তেওঁলোকে ৰাজভৱনলৈ যাত্ৰা কৰাৰ সম্ভাৱনা আছে বুলি বিশেষ সূত্ৰই প্ৰকাশ কৰিছে। কঠোৰ নিৰাপত্তাৰ মাজত হেমন্ত ছোৰেণক প্ৰশ্ন কৰিবলৈ ইডিৰ  দলটো তেওঁৰ বাসভৱনত উপস্থিত হয় । বুধবাৰে দুপৰীয়া প্ৰায় ১ বজাত ইডিৰ বিষয়াসকল ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীৰ বাসগৃহত উপস্থিত হয়।  তেওঁলোকৰ লগত চিআৰপিএফৰ এটা ডাঙৰ দলো আছে। বিশেষ সূত্ৰই প্ৰকাশ কৰা মতে  যদি হেমন্তক ইডিয়ে গ্ৰেপ্তাৰ কৰে তেন্তে ঝাৰখণ্ডত অশান্তিৰ জুই জ্বলি উঠিব পাৰে।  

ৰাজ্যখনত আইন-শৃংখলা বজাই ৰখাৰ বাবে বিত্ত সচিবৰ নেতৃত্বত তিনিজনীয়া দল গঠন কৰা হৈছে।


 ২০ জানুৱাৰীত ইডিয়ে  বাসভৱনতে  হেমন্ত ছোৰেণক  সোধা-পোছা কৰিছিল।  ভূমি কেলেংকাৰিৰ লগতে ধনৰ অবাধ সৰবৰাহৰ গোচৰত ইডিয়ে ছোৰেণক জেৰা চলাই আছে।  সোধা-পোছাৰ সময়ত ইডিৰ  বিষয়াসকল সন্তুষ্ট হোৱা নাই । সেইবাবেই  ইডিয়ে তেওঁক অধিক প্ৰশ্ন কৰাৰ  বাবে পুনৰ জেৰা চলাইছে। ইপিনে মুখ্যমন্ত্ৰী হেমন্ত ছোৰেণে ইডিৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। দিল্লীৰ এছটি-এছচি আৰক্ষী থানাত ছোৰেণে ইডিৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে।  

FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ মহানগৰীৰ স্মাৰ্ট আৰক্ষীক চেলেঞ্জ চোৰৰ
স্বাস্থ্যৰ ক্ষতি নকৰিব; কি খাদ্যৰ লগত কি খাদ্য খাব নালাগে জানি লওক
আমেৰিকা-ইজৰাইলৰ প্রবল আক্রমণৰ পাছতো ক্ষেপণাস্ত্র-ড্র’ন অক্ষত অৱস্থাত মজুত হৈ আছে ইৰানৰ
মেৰাপানীত অৰুণাচলী সুৰা ভৰ্ত্তি এখন বৃহৎ ট্ৰাক জব্দ
ডিব্ৰুগড় জে’লত পুনৰ গ্ৰেপ্তাৰ হ’ব অমৃতপাল সিং, NSAৰ জিম্মাৰ ম্যাদ অন্ত
সেনাৰ গতি-বিধিৰ ছবি পাকিস্তানলৈ, গ্ৰেপ্তাৰ ৩০
পথত কনভয় ৰখাই ঝালমুড়ীৰ সোৱাদ ল'লে প্রধানমন্ত্রীয়ে
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
পুৱা সাৰ পোৱাৰ লগে লগে গোৰোহাৰ বিষ হয় নেকি? ই কি ৰোগৰ ইংগিত?
জম্মু-কাশ্মীৰৰ লাডাখত শ্বহীদ অসমৰ বীৰ জোৱান ৰমেন বৰুৱা
ডিউক বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নতুন তথ্য; ম'বাইল এৰি দুঘণ্টা শান্তিত কটালে বৃদ্ধি হয় স্মৃতিশক্তি
প্ৰাক্তন ফুটবলাৰ গৌতম দত্তৰ দেহাৱসান