--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিলে হেমন্ত ছোৰেণে। ইডিয়ে ভূমি কেলেংকাৰীকে ধৰি আন গোচৰত  গ্ৰেপ্তাৰ সম্ভাৱনা প্ৰকট হোৱাৰ সময়তে হেমন্ত ছোৰেণে পদত্যাগ কৰে। কেতবোৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি হেমন্ত ছোৰেণক ইতিমধ্যে ইডিয়ে গ্ৰেপ্তাৰ কৰিছে। কিন্ত প্ৰাগ নিউজ ডিজিটেলে এতিয়াও ছোৰেণৰ গ্ৰেপ্তাৰৰ খবৰ নিশ্চিত কৰিব পৰা নাই।

 যথাসময়ত পাঠকক এই বিষয়ে অৱগত কৰা হ’ব। ইপিনে ঝাৰখণ্ডত শাসকীয় মিত্ৰজোঁটে পৰিবহন মন্ত্ৰী চম্পাই ছোৰেণক জেএমএম বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত কৰিছে বুলি  কংগ্ৰেছ নেতা ৰাজেশ ঠাকুৰে প্ৰকাশ কৰিছে। ফলত চম্পাই ছোৰেণেই হ’ব ঝাৰখণ্ডৰ নতুন মুখ্যমন্ত্ৰী। 

উল্লেখ্য ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী  হেমন্তৰ ছোৰেণৰ ঘৰত উপস্থিত হ’ল ইডি।। কেৱল সেয়াই নহয় হেমন্তৰ ছোৰেণৰ বাসগৃহৰ চৌদিশৰ কিছু  এলেকাত ১৪৪ ধাৰা জাৰি কৰা হৈছে। বুধবাৰে ইডিৰ জেৰা আৰম্ভ হোৱাৰ আগতে হেমন্ত ছোৰেণে  তেওঁৰ পিতৃ শিবু সোৰেণৰ সৈতে কিছু সময় কথা পাতিছিল।  দলৰ বিধায়কসকলেও তেওঁৰ বাসগৃহত উপস্থিত হয় । ইডিৰ অভিযানৰ বিুৰুদ্ধে জেএমএমৰ কৰ্মীসকলে প্ৰতিবাদ আৰম্ভ কৰিছে। 

তেওঁলোকে ৰাজভৱনলৈ যাত্ৰা কৰাৰ সম্ভাৱনা আছে বুলি বিশেষ সূত্ৰই প্ৰকাশ কৰিছে। কঠোৰ নিৰাপত্তাৰ মাজত হেমন্ত ছোৰেণক প্ৰশ্ন কৰিবলৈ ইডিৰ  দলটো তেওঁৰ বাসভৱনত উপস্থিত হয় । বুধবাৰে দুপৰীয়া প্ৰায় ১ বজাত ইডিৰ বিষয়াসকল ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীৰ বাসগৃহত উপস্থিত হয়।  তেওঁলোকৰ লগত চিআৰপিএফৰ এটা ডাঙৰ দলো আছে। বিশেষ সূত্ৰই প্ৰকাশ কৰা মতে  যদি হেমন্তক ইডিয়ে গ্ৰেপ্তাৰ কৰে তেন্তে ঝাৰখণ্ডত অশান্তিৰ জুই জ্বলি উঠিব পাৰে।  

ৰাজ্যখনত আইন-শৃংখলা বজাই ৰখাৰ বাবে বিত্ত সচিবৰ নেতৃত্বত তিনিজনীয়া দল গঠন কৰা হৈছে।


 ২০ জানুৱাৰীত ইডিয়ে  বাসভৱনতে  হেমন্ত ছোৰেণক  সোধা-পোছা কৰিছিল।  ভূমি কেলেংকাৰিৰ লগতে ধনৰ অবাধ সৰবৰাহৰ গোচৰত ইডিয়ে ছোৰেণক জেৰা চলাই আছে।  সোধা-পোছাৰ সময়ত ইডিৰ  বিষয়াসকল সন্তুষ্ট হোৱা নাই । সেইবাবেই  ইডিয়ে তেওঁক অধিক প্ৰশ্ন কৰাৰ  বাবে পুনৰ জেৰা চলাইছে। ইপিনে মুখ্যমন্ত্ৰী হেমন্ত ছোৰেণে ইডিৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। দিল্লীৰ এছটি-এছচি আৰক্ষী থানাত ছোৰেণে ইডিৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে।  

FOLLOW US F
POPULAR
FEATURE
TRENDY
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
অপাৰেচন সিন্দুৰৰ সফলতাৰ আঁৰত ভাৰতীয় প্ৰযুক্তি আৰু মেক ইন ইণ্ডিয়াঃ প্ৰধানমন্ত্ৰী মোদী
মাৰ্ঘেৰিটাত টালি টোপোলা বান্ধিছে অবৈধ বেদখলকাৰীয়ে
মই যি বাটেৰে ওলালো আজি! কেতিয়াও উভতি নহাৰ বাটেৰে গুচি গ'ল স্বনামধন্য নাট্যকাৰ, গীতিকাৰ হেমন্ত দত্ত
প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্বত মণিপুৰৰ মহিলা আদাছো কপেছা
উচ্ছেদৰ পাছতে ৰজাপুখুৰী, গেলাজান নিজৰ বুলি দাবী নগাৰ
৬০০ বছৰৰ পাছত ক্রাছেনিনিক'ভ আগ্নেয়গিৰিৰ উদ্গিৰণ হোৱাৰ বাবেই হৈছিল প্রবল ভূমিকম্প
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?