--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে  দুৰ্নীতিৰ বিৰুদ্ধে যুঁজ ঘোষণা কৰি আহিছে যদিও দেশত মুঠেও কমা নাই দুৰ্নীতিৰ ঘটনা। শেহতীয়া  আন্তৰ্জাতিক প্ৰতিবেদনত কোৱা হৈছে যে দুৰ্নীতিৰ বিৰুদ্ধে যুঁজত ভাৰত বিশ্বৰ আগশাৰীৰ দেশসমূহৰ  সমানে খোজ মিলাব পৰা নাই।  ২০২৩ চনৰ গোলকীয় দুৰ্নীতি ধাৰণা সূচক (চিপিআই) শেহতীয়াকৈ  মুকলি কৰা হৈছিল। ভাৰত ১৮০ খন দেশৰ ভিতৰত ৯৩ সংখ্যক স্থানত আছে।

দৰাচলতে, ট্ৰেন্সপাৰেন্সি ইণ্টাৰনেচনেলৰ বাৰ্ষিক প্ৰতিবেদন অনুসৰি, যোৱা এবছৰত দুৰ্নীতিৰ ক্ষেত্ৰত ভাৰতৰ ৰেংকিং আৰু অধিক অৱনতি হৈছে। ২০২২  চনত  ভাৰত দুৰ্নীতিৰ ক্ষেত্ৰত ৮৫  সংখ্যক স্থানত আছিল। অৰ্থনৈতিক স্বচ্ছতা বা অস্বচ্ছতাৰ বিভিন্ন সূচকৰ ওপৰত কৰা প্ৰতিবেদন অনুসৰি ডেনমাৰ্ক হৈছে বিশ্বৰ আটাইতকৈ দুৰ্নীতিমুক্ত দেশ। 

ফিনলেণ্ড, নিউজিলেণ্ড আৰু ন’ৰৱে ক্ৰমান্বয়ে পৰৱৰ্তী তিনিটা স্থানত আছে। অৰ্থাৎ, বিশ্বৰ শীৰ্ষ চাৰিখন দুৰ্নীতিমুক্ত দেশৰ তিনিখন ইউৰোপৰ। জাৰ্মানীৰ বাৰ্লিন স্থিত দুৰ্নীতি নিৰীক্ষণকাৰী সংস্থাটোৰ  প্ৰতিবেদন অনুসৰি দক্ষিণ এছিয়াৰ কিছুমান চুবুৰীয়া দেশো অৰ্থনৈতিক স্বচ্ছতাৰ ক্ষেত্ৰত ভাৰততকৈ আগবাঢ়ি আছে। 

অৱশ্যে দুৰ্নীতিৰ ক্ষেত্ৰত  পাকিস্তান (১৩৩) আৰু শ্ৰীলংকা (১১৫)ৰ স্থান  ভাৰততকৈ বেয়া। দুৰ্নীতিৰ উপৰি প্ৰতিবেদনখনে ভাৰতত মৌলিক অধিকাৰত চৰকাৰী হস্তক্ষেপৰ বিষয়তো উদ্বেগ প্ৰকাশ কৰিছে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ