--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে  দুৰ্নীতিৰ বিৰুদ্ধে যুঁজ ঘোষণা কৰি আহিছে যদিও দেশত মুঠেও কমা নাই দুৰ্নীতিৰ ঘটনা। শেহতীয়া  আন্তৰ্জাতিক প্ৰতিবেদনত কোৱা হৈছে যে দুৰ্নীতিৰ বিৰুদ্ধে যুঁজত ভাৰত বিশ্বৰ আগশাৰীৰ দেশসমূহৰ  সমানে খোজ মিলাব পৰা নাই।  ২০২৩ চনৰ গোলকীয় দুৰ্নীতি ধাৰণা সূচক (চিপিআই) শেহতীয়াকৈ  মুকলি কৰা হৈছিল। ভাৰত ১৮০ খন দেশৰ ভিতৰত ৯৩ সংখ্যক স্থানত আছে।

দৰাচলতে, ট্ৰেন্সপাৰেন্সি ইণ্টাৰনেচনেলৰ বাৰ্ষিক প্ৰতিবেদন অনুসৰি, যোৱা এবছৰত দুৰ্নীতিৰ ক্ষেত্ৰত ভাৰতৰ ৰেংকিং আৰু অধিক অৱনতি হৈছে। ২০২২  চনত  ভাৰত দুৰ্নীতিৰ ক্ষেত্ৰত ৮৫  সংখ্যক স্থানত আছিল। অৰ্থনৈতিক স্বচ্ছতা বা অস্বচ্ছতাৰ বিভিন্ন সূচকৰ ওপৰত কৰা প্ৰতিবেদন অনুসৰি ডেনমাৰ্ক হৈছে বিশ্বৰ আটাইতকৈ দুৰ্নীতিমুক্ত দেশ। 

ফিনলেণ্ড, নিউজিলেণ্ড আৰু ন’ৰৱে ক্ৰমান্বয়ে পৰৱৰ্তী তিনিটা স্থানত আছে। অৰ্থাৎ, বিশ্বৰ শীৰ্ষ চাৰিখন দুৰ্নীতিমুক্ত দেশৰ তিনিখন ইউৰোপৰ। জাৰ্মানীৰ বাৰ্লিন স্থিত দুৰ্নীতি নিৰীক্ষণকাৰী সংস্থাটোৰ  প্ৰতিবেদন অনুসৰি দক্ষিণ এছিয়াৰ কিছুমান চুবুৰীয়া দেশো অৰ্থনৈতিক স্বচ্ছতাৰ ক্ষেত্ৰত ভাৰততকৈ আগবাঢ়ি আছে। 

অৱশ্যে দুৰ্নীতিৰ ক্ষেত্ৰত  পাকিস্তান (১৩৩) আৰু শ্ৰীলংকা (১১৫)ৰ স্থান  ভাৰততকৈ বেয়া। দুৰ্নীতিৰ উপৰি প্ৰতিবেদনখনে ভাৰতত মৌলিক অধিকাৰত চৰকাৰী হস্তক্ষেপৰ বিষয়তো উদ্বেগ প্ৰকাশ কৰিছে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু