--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এজন‌ মুখ্যমন্ত্ৰীক ৫ মাহ ধৰি ৰাখি থোৱা হৈছিল জে’লত। মানসিক, শাৰিৰীক সকলো‌ ধৰণৰ হাৰাশাস্তি। হয়, আমি হেমন্ত ছোৰেনৰ কথাকে কৈছোঁ। সুদীৰ্ঘ পাঁচ মাহৰ মূৰতহে জেলৰ পৰা মুকলি হৈছিল হেমন্ত ছোৰেন। তেওঁ জেলত থকা সময়তে পাৰ হৈ গৈছিল দেশৰ সৰ্ববৃহৎ লোকসভা নিৰ্বাচন। ভুৱা অভিযোগত কাৰাবন্দী হৈ অৱশেষত মুকলি আকাশৰ তললৈ অহা হেমন্ত ছোৰেনৰ আজি জয়জয়কাৰ। আজি ঝাৰখণ্ডৰ ৰাজনীতিয়ে লৈছে নতুন গতি। 

হয়, ২৪ বছৰৰ ৰাজনৈতিক অভিলেখ ভংগ ঝাৰখণ্ডত। প্ৰথমবাৰৰ বাবে ৰাজ্যত সৰ্বশক্তিৰে পুনৰ ক্ষমতালৈ আহিছে এটা দল। এতিয়ালৈকে হোৱা ট্ৰেণ্ডত হেমন্ত ছ’ৰেনৰ মিত্ৰজোঁটে নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰিছে। ঝাৰখণ্ডৰ ৮১খন আসনৰ ভিতৰত প্ৰায় ৫০খন আসনত অগ্ৰগতি লাভ কৰিছে হেমন্ত মিত্ৰজোঁটে। ইয়াৰে ১০খন আসনত জয়ৰ ব্যৱধান ১০ হাজাৰতকৈ অধিক ভোট।

এনে পৰিস্থিতিত প্ৰশ্ন উত্থাপন হৈছে যে সকলো শক্তি প্ৰয়োগ কৰিও ঝাৰখণ্ডত বিজেপি কেনেকৈ ক্ষমতালৈ আহিব নোৱাৰিলে? আচলতে ভাৰতীয় জনতা পাৰ্টিৰ স্থানীয় পৰ্যায়ত কোনো সবল মুখ নাছিল। দলটোৰ মুখ্যমন্ত্ৰীৰ মুখ হিচাপে বাবু লাল মাৰাণ্ডী আৰু চম্পাই সোৰেন আছিল। আমোদজনকভাৱে দুয়োজনেই সলনি কৰিছিল দল। বিধানসভা নিৰ্বাচনৰ ঠিক আগতেই বিজেপিত যোগদান কৰিছিল চম্পাই সোৰেণে। পিছে চম্পাই সোৰেণ ঝাৰখণ্ডত যে ফেক্টৰ নহয় সেয়া প্ৰমাণ কৰিলে ঝাৰখণ্ডবাসীয়ে। হেমন্তৰ জনপ্ৰিয়তা ঝাৰখণ্ডৰ চম্পাই আৰু বাবু লালৰ তুলনাত দুগুণ আছিল। 

২০২৪ চনৰ জুলাই মাহৰ পাছত হেমন্ত সোৰেনে মহিলা ভোট বেংকৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। মহিলাসকলৰ বাবে মাইয়া সন্মান যোজনা ৰূপায়ণ কৰে ছ’ৰেনে। এই আঁচনিৰ অধীনত প্ৰতিগৰাকী মহিলাৰ বেংক একাউণ্টত প্ৰতিমাহে ১০০০-১০০০ টকা জমা হৈছিল। একে সময়তে হেমন্তই নিজৰ পত্নী কল্পনাকো নিৰ্বাচনী পথাৰত প্ৰক্ষেপ কৰে। সমগ্ৰ নিৰ্বাচনত কল্পনাই প্ৰায় ১০০খন সভা অনুষ্ঠিত কৰিছিল। এই সমাৱেশত মহিলাৰ বিশাল ভিৰ দেখা গ’ল মহিলাসকলেও এই নিৰ্বাচনত ৪ শতাংশ অধিক ভোটদান কৰে।

ঝাৰখণ্ডৰ জনজাতীয় প্ৰধান অঞ্চলত হেমন্ত সোৰেন একপক্ষীয়ভাৱে জয়ী হোৱা যেন লাগে। গোটেই নিৰ্বাচনত হেমন্তই জনজাতীয় পৰিচয়ৰ বিষয়টো উত্থাপন কৰি আছিল। 

তদুপৰি সামগ্ৰিকভাৱে বিজেপিয়ে যিবোৰ আসনত ডাঙৰ ডাঙৰ নেতাক প্ৰক্ষেপ কৰিছিল। তাতো দলটো ব্যৰ্থ বুলি প্ৰমাণিত হৈছে। ডাঙৰ নেতাই আসন লাভ নকৰাটোও বিজেপিৰ বাবে আন এক বিপৰ্যয় বুলি চিহ্নিত হৈছে৷

ঝাৰখণ্ডত আগতে কুড়মী ভোটাৰ আজছুৰ সৈতে একত্ৰিত হৈছিল যদিও এইবাৰ জয়ৰাম মহতোৰ প্ৰৱেশৰ বাবে এই ভোট তেওঁলোকৰ পৰা বিচ্ছিন্ন হৈ পৰিল। 


সাতে-পাঁচে মিলি ঝাৰখণ্ডৰ শাসনৰ বাঘজৰী পুনৰ হেমন্ত সোৰেনৰ হাতত অৰ্পণ কৰিলে জনতাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ