--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এজন‌ মুখ্যমন্ত্ৰীক ৫ মাহ ধৰি ৰাখি থোৱা হৈছিল জে’লত। মানসিক, শাৰিৰীক সকলো‌ ধৰণৰ হাৰাশাস্তি। হয়, আমি হেমন্ত ছোৰেনৰ কথাকে কৈছোঁ। সুদীৰ্ঘ পাঁচ মাহৰ মূৰতহে জেলৰ পৰা মুকলি হৈছিল হেমন্ত ছোৰেন। তেওঁ জেলত থকা সময়তে পাৰ হৈ গৈছিল দেশৰ সৰ্ববৃহৎ লোকসভা নিৰ্বাচন। ভুৱা অভিযোগত কাৰাবন্দী হৈ অৱশেষত মুকলি আকাশৰ তললৈ অহা হেমন্ত ছোৰেনৰ আজি জয়জয়কাৰ। আজি ঝাৰখণ্ডৰ ৰাজনীতিয়ে লৈছে নতুন গতি। 

হয়, ২৪ বছৰৰ ৰাজনৈতিক অভিলেখ ভংগ ঝাৰখণ্ডত। প্ৰথমবাৰৰ বাবে ৰাজ্যত সৰ্বশক্তিৰে পুনৰ ক্ষমতালৈ আহিছে এটা দল। এতিয়ালৈকে হোৱা ট্ৰেণ্ডত হেমন্ত ছ’ৰেনৰ মিত্ৰজোঁটে নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰিছে। ঝাৰখণ্ডৰ ৮১খন আসনৰ ভিতৰত প্ৰায় ৫০খন আসনত অগ্ৰগতি লাভ কৰিছে হেমন্ত মিত্ৰজোঁটে। ইয়াৰে ১০খন আসনত জয়ৰ ব্যৱধান ১০ হাজাৰতকৈ অধিক ভোট।

এনে পৰিস্থিতিত প্ৰশ্ন উত্থাপন হৈছে যে সকলো শক্তি প্ৰয়োগ কৰিও ঝাৰখণ্ডত বিজেপি কেনেকৈ ক্ষমতালৈ আহিব নোৱাৰিলে? আচলতে ভাৰতীয় জনতা পাৰ্টিৰ স্থানীয় পৰ্যায়ত কোনো সবল মুখ নাছিল। দলটোৰ মুখ্যমন্ত্ৰীৰ মুখ হিচাপে বাবু লাল মাৰাণ্ডী আৰু চম্পাই সোৰেন আছিল। আমোদজনকভাৱে দুয়োজনেই সলনি কৰিছিল দল। বিধানসভা নিৰ্বাচনৰ ঠিক আগতেই বিজেপিত যোগদান কৰিছিল চম্পাই সোৰেণে। পিছে চম্পাই সোৰেণ ঝাৰখণ্ডত যে ফেক্টৰ নহয় সেয়া প্ৰমাণ কৰিলে ঝাৰখণ্ডবাসীয়ে। হেমন্তৰ জনপ্ৰিয়তা ঝাৰখণ্ডৰ চম্পাই আৰু বাবু লালৰ তুলনাত দুগুণ আছিল। 

২০২৪ চনৰ জুলাই মাহৰ পাছত হেমন্ত সোৰেনে মহিলা ভোট বেংকৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। মহিলাসকলৰ বাবে মাইয়া সন্মান যোজনা ৰূপায়ণ কৰে ছ’ৰেনে। এই আঁচনিৰ অধীনত প্ৰতিগৰাকী মহিলাৰ বেংক একাউণ্টত প্ৰতিমাহে ১০০০-১০০০ টকা জমা হৈছিল। একে সময়তে হেমন্তই নিজৰ পত্নী কল্পনাকো নিৰ্বাচনী পথাৰত প্ৰক্ষেপ কৰে। সমগ্ৰ নিৰ্বাচনত কল্পনাই প্ৰায় ১০০খন সভা অনুষ্ঠিত কৰিছিল। এই সমাৱেশত মহিলাৰ বিশাল ভিৰ দেখা গ’ল মহিলাসকলেও এই নিৰ্বাচনত ৪ শতাংশ অধিক ভোটদান কৰে।

ঝাৰখণ্ডৰ জনজাতীয় প্ৰধান অঞ্চলত হেমন্ত সোৰেন একপক্ষীয়ভাৱে জয়ী হোৱা যেন লাগে। গোটেই নিৰ্বাচনত হেমন্তই জনজাতীয় পৰিচয়ৰ বিষয়টো উত্থাপন কৰি আছিল। 

তদুপৰি সামগ্ৰিকভাৱে বিজেপিয়ে যিবোৰ আসনত ডাঙৰ ডাঙৰ নেতাক প্ৰক্ষেপ কৰিছিল। তাতো দলটো ব্যৰ্থ বুলি প্ৰমাণিত হৈছে। ডাঙৰ নেতাই আসন লাভ নকৰাটোও বিজেপিৰ বাবে আন এক বিপৰ্যয় বুলি চিহ্নিত হৈছে৷

ঝাৰখণ্ডত আগতে কুড়মী ভোটাৰ আজছুৰ সৈতে একত্ৰিত হৈছিল যদিও এইবাৰ জয়ৰাম মহতোৰ প্ৰৱেশৰ বাবে এই ভোট তেওঁলোকৰ পৰা বিচ্ছিন্ন হৈ পৰিল। 


সাতে-পাঁচে মিলি ঝাৰখণ্ডৰ শাসনৰ বাঘজৰী পুনৰ হেমন্ত সোৰেনৰ হাতত অৰ্পণ কৰিলে জনতাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাধীনতা দিৱসৰ দিনটোতে আৰক্ষীৰ জালত পৰিল স্বাধীন বৰা সহ চাৰি ড্ৰাগছ সৰবৰাহকাৰী
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক