--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কেৰালাৰ ৱায়ানাদত উজ্জ্বল প্ৰদৰ্শন আগবঢ়াইছে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে। এয়া তেওঁৰ নিৰ্বাচনী অভিষেক আৰু ভাতৃ ৰাহুল গান্ধীৰ ঠাইত এই আসনৰ পৰা তেওঁ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। ৱায়ানাদত অনুষ্ঠিত উপ-নিৰ্বাচনত প্ৰিয়ংকা গান্ধীয়ে এতিয়ালৈকে ৫ লাখৰো অধিক ভোট লাভ কৰি আগবাঢ়ি আছে। ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ সত্যন মকেৰী ১.৮৯ লাখৰো অধিক ভোট লাভ কৰি পিছ পৰি থকাৰ বিপৰীতে বিজেপিৰ নব্য হৰিদাসে প্ৰায় ১.০২ লাখ ভোট লাভ কৰি তৃতীয় স্থানত আছে।

Wayanad Bypoll Results: Priyanka Gandhi Leads As Counting Underway

কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীৰ পদত্যাগৰ পিছত খালী হৈ থকা কেৰালাৰ খালী ৱায়ানাড লোকসভা আসনৰ উপ-নিৰ্বাচনৰ বাবে আজি অনুষ্ঠিত হৈছে ভোটগণনা। পুৱাৰ পৰাই চলিছে ভোটগণনা । আৰম্ভণিতে প্ৰিয়ংকা গান্ধীয়ে বৃহৎ অগ্ৰগতি লাভ কৰিছে। পিছ পৰি আছে বিজেপি । প্ৰথমবাৰৰ বাবে সক্ৰিয় ৰাজনীতিত প্ৰৱেশ কৰি কেৰালাৰ ৱায়নাড লোকসভা সমষ্টিৰ পৰা নিৰ্বাচিত হোৱাটো প্ৰায় নিশ্চিত কৰিছে প্ৰিয়ংকা গান্ধীয়ে।

ভগ্নী প্ৰিয়ংকা গান্ধীৰ হৈ সক্ৰিয় প্ৰচাৰ চলাইছে ৰাহুল গান্ধীয়ে। এখন নিৰ্বাচনী সভাত তেওঁ কৈছিল, "যদি তেওঁ আপোনাক ভাল পায়, তেন্তে তেওঁ যিকোনো কাম কৰিবলৈ সাজু; আপুনি কল্পনাও কৰিব পৰাতকৈও বেছি। তেও ৱায়ানাডক বহুত ভাল পায়। চাওক, এটা ভাল সাংসদ হোৱাৰ এটা ডাঙৰ অংশ হ'ল যে আপুনি কাম কৰা মানুহ আৰু ঠাইবোৰ ভাল পাব লাগিব।"

Want him to be happy, married, have kids': Priyanka Gandhi Vadra's 'wish'  for brother Rahul Gandhi | Latest News India - Hindustan Times

এই আসনৰ পৰা ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনত একেৰাহে দ্বিতীয়বাৰৰ বাবে সংসদলৈ নিৰ্বাচিত হৈছিল ৰাহুল গান্ধী। ৰাহুল বাওঁ গণতান্ত্ৰিক মৰ্চাৰ চিপিআই(এম) প্ৰাৰ্থী এনি ৰাজাক ৩,৬৪,০০০ তকৈও অধিক ভোটত পৰাজিত কৰে। ৰাহুলে ৱায়ানাড আসনৰ পৰা পদত্যাগ কৰাৰ সময়ত উত্তৰ প্ৰদেশৰ ৰায়বৰেলী আসনৰ পৰা সাংসদ হৈছিল। সেয়েহে তেওঁৰ ভগ্নী প্ৰিয়ংকা গান্ধীয়ে ৱায়ানাডত প্ৰথমবাৰৰ বাবে উপ-নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছে।

২০১৯ৰ লোকসভা নিৰ্বাচনত, ৰাহুল গান্ধীয়ে এই আসনৰ পৰা প্ৰতিদ্বন্দিতা কৰিছিল আৰু মুঠ ৭০৬,৩৬৭ টা ভোট লাভ কৰিছিল। নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি, ৰাহুল গান্ধীয়ে মুঠ ৬৪.৯৪ শতাংশ ভোট লাভ কৰিছিল। সেই সময়ত দ্বিতীয় স্থানত অহা চিপিআই(এম)ৰ প্ৰাৰ্থী পি পি চুনিৰে মাত্ৰ ২,৭৪,৫৯৭ টা ভোট লাভ কৰিছিল। এই আসনত, প্ৰয়াত কংগ্ৰেছ নেতা এম.আই. শানাভাসে ২০০৯ আৰু ২০১৪ চনত সাংসদ হিচাপে নিৰ্বাচিত হৈছিল। ২০১৮ চনত তেওঁৰ মৃত্যুৰ পিছত, ৰাহুল গান্ধীয়ে ২০১৯ৰ নিৰ্বাচনত এই আসনৰ পৰা মনোনয়ন দাখিল কৰিছিল।

Anger In UP Congress Over New Committee; Party Leader Claims Of Strife  Within Gandhi Family

প্ৰিয়ংকাৰ পূৰ্বে গান্ধী পৰিয়ালৰ পৰা জৱাহৰলাল নেহৰু, ইন্দিৰা গান্ধী, ফিৰোজ গান্ধী, সঞ্জয় গান্ধী, ৰাজীৱ গান্ধী, ছোনিয়া গান্ধী, মানেকা গান্ধী, বৰুণ গান্ধী আৰু ৰাহুল গান্ধীয়ে ৰাজনীতিত প্ৰৱেশ কৰিছে। প্ৰিয়ংকা গান্ধীয়ে এতিয়া দেশৰ নামনি প্ৰান্তৰ পৰা ৰাজনীতি আৰম্ভ কৰিব। আইতাক তথা দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী, মাতৃ ছোনিয়া গান্ধী আৰু পেহীয়েক মেনকা গান্ধীৰ পিছত সংসদত উপস্থিত হোৱা চতুৰ্থগৰাকী মহিলা সদস্য তেওঁ।




FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু