--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতৰ ৰাজনৈতিক জগতৰ এটা প্ৰমুখ নাম একনাথ সিন্দে৷ সাম্প্ৰতিক মহাৰাষ্ট্ৰৰ ৰাজনৈতিক পৰিৱেশৰ আঁৰতো একনাথ সিন্দে মুখ্য ব্যক্তি বুলি কলেও বঢ়াই কোৱা নহ’ব৷ ২০২৪ চনৰ বিধানসভা নিৰ্বাচনত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ বিজয় উদযাপন কৰাৰ সময়তে চৰ্চালৈ আহিছে মুখ্যমন্ত্ৰী একনাথ সিন্দেৰ ৰাজনৈতিক যাত্ৰা৷ 

মাহাৰাষ্ট্ৰৰ ৰাজনৈতিক ক্ষেত্ৰৰ এই প্ৰভাৱশালী ব্যক্তিজনৰ বিষয়ে এক চমু আভাষ লওঁ আহকচোন-

১৯৬৪ চনৰ ৯ ফেব্ৰুৱাৰীত মহাৰাষ্ট্ৰৰ দাৰে গাঁৱত জন্মগ্ৰহণ কৰা একনাথ সিন্দে থানেৰ মংগলা হাইস্কুল এণ্ড জুনিয়ৰ কলেজত একাদশ শ্ৰেণীলৈকে অধ্যয়ন কৰাৰ পাছত। সিন্দে পৰিয়াল পোহপাল দিবলগীয়া হোাৱ বাবে স্কুল এৰিবা লগা হৈছিল; চৰকাৰী মন্ত্ৰালয়ত যোগদান কৰাৰ পিছত ২০১৪ চনত পুনৰ শিক্ষা আৰম্ভ কৰে। ২০২০ চনত যশৱন্তৰাও চাৱন মহাৰাষ্ট্ৰ মুক্ত বিশ্ববিদ্যালয়ৰ পৰা কলা শাখাত স্নাতক ডিগ্ৰী লাভ কৰে।

ৰাজনৈতিক জীৱনৰ পাতনি মেলিছিল-  

১৯৮০ চনৰ আৰম্ভণিতে তেতিয়াৰ থানে শিৱসেনাৰ সভাপতি আনন্দ দিঘে সিন্দেক ৰাজনীতিৰ সৈতে পৰিচয় কৰাই দিয়ে। প্ৰথম অৱস্থাত তেওঁ ৱাগলে বাগিচাত শিৱসেনা আন্দোলনৰ নেতৃত্ব বহন কৰি। তেওঁ অঞ্চলটোৰ অন্যতম বিশিষ্ট শ্ৰমিক নেতা হৈ পৰিছিল৷ এই স্বীকৃতি পোৱাৰ পিছত ১৯৮৪ চনত তেওঁ থানেৰ শাখা প্ৰমুখ হয়। ১৯৯৭ চনত তেওঁ প্ৰথমবাৰৰ বাবে থানে পৌৰ নিগমৰ কৰ্পৰেটৰ হিচাপে নিৰ্বাচিত হয়। ২০০১ চনত ডিঘেৰ মৃত্যুৰ পিছত সিন্দে দীঘেৰ উত্তৰাধিকাৰী হয়।পিছলৈ ২০০১ চনত তেওঁ থানে পৌৰ নিগমৰ সদনৰ নেতা পদলৈ নিৰ্বাচিত হয়।২০০২ চনত তেওঁ দ্বিতীয়বাৰৰ বাবে থানে পৌৰ নিগমলৈ পুনৰ নিৰ্বাচিত হয়।

তেওঁ ২০০৪ চনত বিধায়ক হিচাপে নিৰ্বাচিত হৈ পৰিছিল। কপৰি-পাচপাখাদি বিধানসভা গঠন হোৱাৰ পিছত তেওঁ ২০০৯, ২০১৪ আৰু ২০১৯ চনত তিনিবাৰকৈ তেওঁ বিধায়ক হিচাপে নিৰ্বাচিত হয়। উন্নয়নমুখী শাসনৰ বাবে জনাজাত হৈ পৰাত ভোটাৰসকলৰ মাজত জনপ্ৰিয়তা লাভ কৰিছিল।

২০২২ চনত সিণ্ডেৰ ৰাজনৈতিক জীৱনলৈ এক উল্লেখযোগ্য পৰিৱৰ্তন আহিছিল, যেতিয়া তেওঁ উদ্ধৱ ঠাকৰেৰ বিৰুদ্ধে বিদ্ৰোহৰ নেতৃত্ব দিছিল, বালাসাহেব ঠাকৰেৰ মতাদৰ্শক সমৰ্থন কৰাৰ দাবী কৰিছিল। এই বিদ্ৰোহৰ ফলত শিৱসেনা(বালাসাহেবাঞ্জি শিৱসেনা)গঠন হৈছিল আৰু মহা বিকাশ আগাধি চৰকাৰৰ পতন হৈছিল।

সিন্দে মহা বিকাশ আঘাদী মিত্ৰতা ভংগ কৰি ভাৰতীয় জনতা পাৰ্টিৰ সৈতে পুনৰ মিত্ৰতা স্থাপনৰ পক্ষত আছিল। তেওঁ উদ্ধৱ থাকৰেক মতাদৰ্শগত মতানৈক্য আৰু কংগ্ৰেছ দল আৰু এনচিপিৰ অন্যায় ব্যৱহাৰৰ বাবে মহা বিকাশ আঘাদী মিত্ৰতা ভংগ কৰিবলৈ অনুৰোধ জনায়। তেওঁৰ সতীৰ্থ শিৱসেনাৰ সদস্যসকলে কয় যে তেওঁলোকৰ অভিযোগ উদ্ধৱ থাকৰে আওকাণ কৰিছিল আৰু উদ্ধৱে নিজৰ শিৱসেনাৰ সদস্যতকৈ কংগ্ৰেছ পাৰ্টি আৰু এনচিপিৰ বাবে সহয় কৰিছিল। সিন্দে অনুৰোধক সমৰ্থন কৰিবলৈ তেওঁৰ দলৰ দুই তৃতীয়াংশ সদস্যক একত্ৰিত কৰিবলৈ সক্ষম হয়। ২০২২ চনৰ ২১ জুনত সিণ্ডে আৰু মহা বিকাশ আঘাদী (এমভিএ) মিত্ৰজোঁটৰ আন কেইবাজনো বিধায়কে বিজেপি শাসিত গুজৰাটৰ চুৰাটলৈ গুচি যোৱাৰ পিছত এই সংকট আৰম্ভ হয় আৰু মিত্ৰজোঁটক বিশৃংখলতাৰ মাজলৈ ঠেলি দিয়ে। সিন্দেৰ বিদ্ৰোহৰ ফলত উদ্ধৱ থাকৰে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰি মহাৰাষ্ট্ৰ বিধান পৰিষদৰ পৰাও পদত্যাগ কৰিব বুলি কয়। 

বিজেপিৰ সৈতে পুনৰ মিত্ৰতা সফলভাৱে প্ৰতিষ্ঠা কৰি ভাৰতীয় জনতা পাৰ্টিৰ দেৱেন্দ্ৰ ফাদনৱীক উপ-মুখ্যমন্ত্ৰী হিচাপে লৈ ২০ সংখ্যক মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে৷ তেওঁ ২০২২ চনৰ ৩০ জুনৰ পৰা মহাৰাষ্ট্ৰৰ ২০তম আৰু বৰ্তমানেও মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।

সিন্দেৰ নেতৃত্বত, শিৱসেনা (বালাসাহেবাঞ্জি শিৱসেনা) বিজেপি আৰু অজিত পাৱাৰৰ এন চি পি গোটৰ সৈতে মিত্ৰজোঁট যোগদান কৰিছিল। এই মিত্ৰজোঁটে ২০২৪ চনৰ নৱেম্বৰ মাহত অনুষ্ঠিত মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনত ২৮৮ আখনৰ ২২৭ খন আখনত অগ্ৰগতি লাভ কৰি আছে(লিখি থকা সময়ত), তেনে সময়তে মুখ্যমন্ত্ৰী কোন হ'ব সেই বিষয়ে চৰ্চা চলিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৬-১১ নৱেম্বৰত বিহাৰ বিধানসভাৰ নিৰ্বাচন, নির্বাচন আয়োগে ঘোষণা কৰিলে সময়সূচী
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ