--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বাইডেনে চলিত বৰ্ষৰ ছেপ্টেম্বৰত নতুন দিল্লীত অনুষ্ঠিত হ'বলগীয়া জি-২০ নেতাৰ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ চাৰিদিনীয়া ভ্ৰমণসূচীলৈ  ভাৰতলৈ আহিব। জি-২০ নেতাৰ সন্মিলনত  তেওঁ সদস্য ৰাষ্ট্ৰসমূহৰ সৈতে ইউক্ৰেইন যুদ্ধকে ধৰি জলবায়ু পৰিৱৰ্তনৰ দৰে গোলকীয় সমস্যাসমূহ  মোকাবিলা কৰাৰ বিষয়ে  আলোচনা কৰিব বুলি হোৱাইট হাউছে প্ৰকাশ কৰিছে । 

এক বিবৃতিত হোৱাইট হাউছে কয় যে বাইডেন আৰু জি-২০ দেশৰ নেতাসকলে বহুপাক্ষিক উন্নয়নৰ বাবে  বেংকসমূহৰ ক্ষমতা বৃদ্ধি কৰি নিকা ইন্ধনৰ ব্যৱহাৰ   আৰু জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজ দিয়াৰ বিষয়েও আলোচনা কৰিব। প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে আমেৰিকা ভ্ৰমণ কৰিছিল চলিত বছৰৰ  জুন মাহত। সেই সময়তে বাইডেনে  কৈছিল যে তেওঁ ছেপ্টেম্বৰত নতুন দিল্লীৰ জি-২০সন্মিলনৰ বাবে অপেক্ষা কৰি আছে। ৰাষ্ট্ৰপতি বাইডেনে প্ৰধানমন্ত্ৰী মোডীয়ে  জি-২০ সন্মিলনৰ নেতৃত্ব বহন  কৰাৰ বাবে  প্ৰশংসা কৰিছে ।  

২০২৬ চনত এই সন্মিলন আয়োজন কৰাৰ বাবে  আমেৰিকাৰ ইচ্ছাৰ কথাও বিডেনে ব্যক্ত কৰি আহিছে। বাইডেন ৭-১০ ছেপ্টেম্বৰৰ ভিতৰত জি-২০ নেতাৰ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ভাৰতলৈ আহিব বুলি জানিব পৰা গৈছে। হোৱাইট হাউছে বিবৃতিত কয় "ৰাষ্ট্ৰপতি বাইডেন আৰু জি-২০ অংশীদাৰসকলে বিশ্বব্যাপী সমস্যাসমূহৰ মোকাবিলা কৰাৰ বাবে বিভিন্ন প্ৰচেষ্টাৰ বিষয়ে আলোচনা কৰিব, যাৰ ভিতৰত আছে নিকা ইন্ধন,  জলবায়ু পৰিৱৰ্তন  , ইউক্ৰেইন  যুদ্ধৰ অৰ্থনৈতিক আৰু সামাজিক প্ৰভাৱ আদি"  ভাৰতে ১ ডিচেম্বৰ, ২০২২ ৰ পৰা৩০  নৱেম্বৰ, ২০২৩ লৈ এবছৰৰ বাবে জি-২০ সন্মিলনৰ  সভাপতিত্ব কৰিছে আৰু সমগ্ৰ দেশতে  বৈঠক আয়োজন কৰি আহিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস