--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : শৰীৰত পুষ্টিকৰ উপাদানৰ অভাৱে বহু ৰোগৰ সম্ভাৱনা দেখা যায়। এতিয়া প্ৰশ্ন হয় শৰীৰত পুষ্টিকৰ উপাদান কেনেকৈ যোগান ধৰিব? যদি আপুনি শৰীৰত পুষ্টিকৰ উপাদান যোগান ধৰিব বিচাৰে তেন্তে প্ৰথমে আপোনাৰ জীৱনশৈলী আৰু খাদ্যাভ্যাসৰ লগত জড়িত অনিয়মবোৰ দূৰ কৰা উচিত।

শৰীৰক ৰোগৰ পৰা ৰক্ষা কৰিব বিচাৰে তেন্তে খাদ্যাভ্যাসৰ প্ৰতি বিশেষ যত্ন লোৱা উচিত। জিংকো শৰীৰৰ বাবে এক অপৰিহাৰ্য পুষ্টিকৰ উপাদান। জিংকৰ অভাৱৰ বাবে শৰীৰ ক্ৰমান্বয়ে দুৰ্বল হ'বলৈ আৰম্ভ কৰে। জিংকৰ অভাৱত শৰীৰত কেনেধৰণৰ লক্ষণ দেখা দিয়ে জানো আহক।

উল্লেখ্য যে জিংকৰ মূল কাম হ'ল শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰা। তেজৰ কোষ গঠন কৰা আৰু ছালখন সুস্থ কৰি ৰখা। জিংকৰ অভাৱৰ বাবে শৰীৰত বহু ধৰণৰ লক্ষণ দেখা দিয়ে।শৰীৰত জিংকৰ অভাৱৰ লক্ষণসমূহ চিনাক্ত কৰি সঠিক সময়ত চিকিৎসা কৰাটো অতি প্ৰয়োজন। সময়ত চিকিৎসা নকৰিলে ভৱিষ্যতে ই গুৰুতৰ ৰূপ ল'ব পাৰে। জিংকৰ অভাৱৰ বাবে ছাল শুকান, শালমন, ছালৰ ৰং সলনি আদি লক্ষণে দেখা দিয়ে।

ছালত জিংকৰ অভাৱৰ লক্ষণসমূহ হ'ল-
ছাল শুকান হোৱা, শালমন ওলোৱা, ছালত অহৰহ খজুৱতি হোৱা, ছালৰ ৰং সলনি হোৱা, ছালৰ ফোহা হোৱা, চুলি সৰা, পাচনতন্ত্ৰৰ সমস্যা, হাড় দুৰ্বল, ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল, মূৰৰ বিষ আৰু মূৰ ঘূৰোৱা, চকুৰ দৃষ্টিশক্তি দুৰ্বল হোৱা।

জিংকৰ অভাৱ কেনেকৈ নিৰাময় কৰিব পাৰি-
শৰীৰত জিংকৰ অভাৱ হ'লে প্ৰথমে খাদ্য আৰু জীৱনশৈলীৰ বিশেষ যত্ন লোৱা উচিত। খাদ্য তালিকাত নিয়মীয়াকৈ কণী, মাছ, গাখীৰ আৰু প্ৰচুৰ পৰিমাণে শাক-পাচলি অন্তৰ্ভুক্ত কৰিব লাগে। সুস্থ জীৱনশৈলীয়ে জিংকৰ অভাৱ দূৰ কৰে। এই সকলোবোৰৰ বাহিৰেও ব্যায়াম কৰক আৰু যথেষ্ট পৰিমাণে নিদ্ৰা লওক, মানসিক চাপ হ্ৰাস কৰক, খাদ্যৰ বিশেষ যত্ন লওক।ইয়াৰ উপৰি চিকিৎসকৰ পৰামৰ্শ অনুসৰি জিংকৰ পৰিপূৰক গ্ৰহণ কৰক।


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু