--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বহু সময়ত ৰন্ধা-বঢ়া কৰি থাকোঁতে গৰম তেলৰ চিটিকণি পৰি, গৰম পানী পৰি বা গৰম বাচন-বৰ্তন চুলে ছালখন জ্বলি যায়। ছালখন জ্বলিলে ছালৰ ক্ষতি হয়। জ্বলোৱাৰ বাবে কেৱল ছালৰ বাহিৰৰ তৰপটোৱেই নহয়, সেই ঠাইৰ কলাবোৰো মৃত হৈ পৰে আৰু বাদামী ৰঙৰ চিন এটা গঠন হয় বা তাত থকা ছালখন টান খায় যায়। এতিয়া এনে পৰিস্থিতিত সকলোৱে বিচাৰে সেই চিনবোৰ অতি সোনকালে আঁতৰি যোৱাটো। যদি আপোনাৰ শৰীৰত এনে কিছুমান দাগ থাকে, তেন্তে সেইবোৰৰ পৰা মুক্তি পাবলৈ কিছুমান ঘৰুৱা উপায় গ্ৰহণ কৰিব পাৰে।

প্ৰাথমিক চিকিৎসা

পোৰা চিন ৰোধ কৰিবলৈ প্ৰথমে পোৰা ঠাইখিনি ঠাণ্ডা বৈ যোৱা পানীৰ তলত ৰাখি পৰিষ্কাৰ তিতা কাপোৰেৰে ধুই অধিক সকাহ পাব লাগে। কাপোৰখন পোৰা ঠাইত প্ৰায় ১৫ৰ পৰা ২০ মিনিটমান ৰাখিব লাগে কিন্তু একেবাৰে ঘঁহি নল’বলৈ যত্ন ল’ব লাগে।

১) মৌঃ পোৰা, ঘা, ৰিংৱৰ্মকে ধৰি বহুতো ঔষধি চিকিৎসাত মৌ ব্যৱহাৰ কৰা হয়। ইয়াৰ প্ৰাকৃতিক মইশ্ব’ৰাইজিং প্ৰভাৱ আৰু পুনৰুৎপাদন গুণে আপোনাৰ জ্বলা ছালখন সুস্থ কৰাত সহায় কৰিব পাৰে।

মৌৱে ইয়াৰ এণ্টি-ইনফ্লেমেটৰী আৰু এণ্টিবেক্টেৰিয়েল গুণৰ দ্বাৰা আনকি সৰু সৰু পোৰা দাগবোৰো ভাল কৰাত সহায় কৰিব পাৰে। জ্বলা ছালত মৌ প্ৰয়োগ কৰিলে সময়ৰ লগে লগে দাগ কমোৱাত কিছু পৰিমাণে সহায়ক হ’ব পাৰে।

২) এলোভেৰাঃ এলোভেৰাই প্ৰাকৃতিক এজেণ্ট হিচাপে কাম কৰে। ইয়াৰ দ্বাৰা জ্বলা-পোৰাৰ চিন চিকিৎসা কৰিব পাৰি। ইয়াৰ বাবে আপুনি এলোভেৰা পাতৰ বাহিৰৰ তৰপটো আঁতৰাই পাতৰ ভিতৰৰ পৰা আঠাযুক্ত জেলটো উলিয়াই আনিব লাগিব। তাৰ পিছত এই জেলটোৰে ছালখন মালিচ কৰি ২০-৪০ মিনিট ৰাখিব। ইয়াৰ পিছত পানীৰে ধুব। লগতে নাৰিকল তেল আৰু এলোভেৰা জেল একেলগে ব্যৱহাৰ কৰি পোৰাৰ দাগ আঁতৰাব পাৰে।

৩) কণীৰ বগাঃ এমিনো এচিড আৰু প্ৰটিনেৰে সমৃদ্ধ কণীৰ কুহুম ছালৰ বাবে ছুপাৰফুড। পোৰা চিনত লগালে ষ্ট্ৰেচবোৰ পাতল হ’ব আৰু ছালখন ভাল হ’ব।

৪) নাৰিকল তেলঃ দৈনন্দিন খাদ্যত নাৰিকল অন্তৰ্ভুক্ত কৰিলে ব্ৰণৰ লগতে জ্বলা-পোৰাৰ চিন আঁতৰোৱাত সহায় কৰিব পাৰে। আচলতে নাৰিকল তেলত ওমেগা ফেটি এচিড প্ৰচুৰ পৰিমাণে থাকে যিয়ে ছালত প্ৰৱেশ কৰি আৰ্দ্ৰতা প্ৰদান কৰে, সেয়েহে ই আপোনাৰ ছালৰ জিলিকনি পুনৰ ঘূৰাই আনিব পাৰে।

এণ্টিঅক্সিডেণ্ট আৰু ভিটামিন ই সমৃদ্ধ তেলে দাগ আঁতৰোৱাত সহায় কৰে। তাত দুই-তিনি টোপাল নেমুৰ ৰস দি পোৰা চিনবোৰত লাহে লাহে মালিচ কৰক। দিনটোত দুবাৰকৈ পুনৰাবৃত্তি কৰক।

পোৰা চিন আঁতৰাবলৈ ওপৰত দিয়া যিকোনো চিকিৎসা গ্ৰহণ কৰিব পাৰে। কিন্তু ছালখন ভালদৰে হাইড্ৰেটেড কৰি ৰাখিবলৈ নাপাহৰিব কাৰণ আৰ্দ্ৰতাৰ অভাৱে যিকোনো ঘৰুৱা উপায় লেহেমীয়া কৰিব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ