--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বহু সময়ত ৰন্ধা-বঢ়া কৰি থাকোঁতে গৰম তেলৰ চিটিকণি পৰি, গৰম পানী পৰি বা গৰম বাচন-বৰ্তন চুলে ছালখন জ্বলি যায়। ছালখন জ্বলিলে ছালৰ ক্ষতি হয়। জ্বলোৱাৰ বাবে কেৱল ছালৰ বাহিৰৰ তৰপটোৱেই নহয়, সেই ঠাইৰ কলাবোৰো মৃত হৈ পৰে আৰু বাদামী ৰঙৰ চিন এটা গঠন হয় বা তাত থকা ছালখন টান খায় যায়। এতিয়া এনে পৰিস্থিতিত সকলোৱে বিচাৰে সেই চিনবোৰ অতি সোনকালে আঁতৰি যোৱাটো। যদি আপোনাৰ শৰীৰত এনে কিছুমান দাগ থাকে, তেন্তে সেইবোৰৰ পৰা মুক্তি পাবলৈ কিছুমান ঘৰুৱা উপায় গ্ৰহণ কৰিব পাৰে।

প্ৰাথমিক চিকিৎসা

পোৰা চিন ৰোধ কৰিবলৈ প্ৰথমে পোৰা ঠাইখিনি ঠাণ্ডা বৈ যোৱা পানীৰ তলত ৰাখি পৰিষ্কাৰ তিতা কাপোৰেৰে ধুই অধিক সকাহ পাব লাগে। কাপোৰখন পোৰা ঠাইত প্ৰায় ১৫ৰ পৰা ২০ মিনিটমান ৰাখিব লাগে কিন্তু একেবাৰে ঘঁহি নল’বলৈ যত্ন ল’ব লাগে।

১) মৌঃ পোৰা, ঘা, ৰিংৱৰ্মকে ধৰি বহুতো ঔষধি চিকিৎসাত মৌ ব্যৱহাৰ কৰা হয়। ইয়াৰ প্ৰাকৃতিক মইশ্ব’ৰাইজিং প্ৰভাৱ আৰু পুনৰুৎপাদন গুণে আপোনাৰ জ্বলা ছালখন সুস্থ কৰাত সহায় কৰিব পাৰে।

মৌৱে ইয়াৰ এণ্টি-ইনফ্লেমেটৰী আৰু এণ্টিবেক্টেৰিয়েল গুণৰ দ্বাৰা আনকি সৰু সৰু পোৰা দাগবোৰো ভাল কৰাত সহায় কৰিব পাৰে। জ্বলা ছালত মৌ প্ৰয়োগ কৰিলে সময়ৰ লগে লগে দাগ কমোৱাত কিছু পৰিমাণে সহায়ক হ’ব পাৰে।

২) এলোভেৰাঃ এলোভেৰাই প্ৰাকৃতিক এজেণ্ট হিচাপে কাম কৰে। ইয়াৰ দ্বাৰা জ্বলা-পোৰাৰ চিন চিকিৎসা কৰিব পাৰি। ইয়াৰ বাবে আপুনি এলোভেৰা পাতৰ বাহিৰৰ তৰপটো আঁতৰাই পাতৰ ভিতৰৰ পৰা আঠাযুক্ত জেলটো উলিয়াই আনিব লাগিব। তাৰ পিছত এই জেলটোৰে ছালখন মালিচ কৰি ২০-৪০ মিনিট ৰাখিব। ইয়াৰ পিছত পানীৰে ধুব। লগতে নাৰিকল তেল আৰু এলোভেৰা জেল একেলগে ব্যৱহাৰ কৰি পোৰাৰ দাগ আঁতৰাব পাৰে।

৩) কণীৰ বগাঃ এমিনো এচিড আৰু প্ৰটিনেৰে সমৃদ্ধ কণীৰ কুহুম ছালৰ বাবে ছুপাৰফুড। পোৰা চিনত লগালে ষ্ট্ৰেচবোৰ পাতল হ’ব আৰু ছালখন ভাল হ’ব।

৪) নাৰিকল তেলঃ দৈনন্দিন খাদ্যত নাৰিকল অন্তৰ্ভুক্ত কৰিলে ব্ৰণৰ লগতে জ্বলা-পোৰাৰ চিন আঁতৰোৱাত সহায় কৰিব পাৰে। আচলতে নাৰিকল তেলত ওমেগা ফেটি এচিড প্ৰচুৰ পৰিমাণে থাকে যিয়ে ছালত প্ৰৱেশ কৰি আৰ্দ্ৰতা প্ৰদান কৰে, সেয়েহে ই আপোনাৰ ছালৰ জিলিকনি পুনৰ ঘূৰাই আনিব পাৰে।

এণ্টিঅক্সিডেণ্ট আৰু ভিটামিন ই সমৃদ্ধ তেলে দাগ আঁতৰোৱাত সহায় কৰে। তাত দুই-তিনি টোপাল নেমুৰ ৰস দি পোৰা চিনবোৰত লাহে লাহে মালিচ কৰক। দিনটোত দুবাৰকৈ পুনৰাবৃত্তি কৰক।

পোৰা চিন আঁতৰাবলৈ ওপৰত দিয়া যিকোনো চিকিৎসা গ্ৰহণ কৰিব পাৰে। কিন্তু ছালখন ভালদৰে হাইড্ৰেটেড কৰি ৰাখিবলৈ নাপাহৰিব কাৰণ আৰ্দ্ৰতাৰ অভাৱে যিকোনো ঘৰুৱা উপায় লেহেমীয়া কৰিব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু