--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জিপিএছ চাই গাড়ী চলোৱাটো কিমান ভয়ংকৰ সেই কথা শেহতীয়াকৈ সংঘটিত হোৱা এক ঘটনাই প্ৰমাণ কৰি গ'ল। জিপিএছ অনুসৰণ কৰি গাড়ী চলাই যাওতে নিৰ্মীয়মান দলঙৰ পৰা নদীত পৰিল এখন গাড়ী; এই ঘটনাত তিনিজনৰ কৰুণ মৃত্যু ঘটিছে।উত্তৰ প্ৰদেশৰ বৰেলীত সংঘটিত হৈছে এই ঘটনা। এই দুৰ্ঘটনাত চালকসহ তিনিজন লোকে প্ৰাণ হেৰুৱাইছে।

জিপিএছ চাই চাই নির্মীয়মান দলঙৰ ওপৰেৰে তীব্ৰ বেগেৰে গাড়ীখন চলাইছিল চালকে৷ গাড়ীখন পোনে পোনে গৈ নদীত পৰিল। বৰেলীৰ পৰা ডাটাগঞ্জলৈ গাড়ীখনত গৈ আছিল তিনিজন যাত্ৰী। গাড়ীখন খালপুৰ-ডাটাগঞ্জ পথটোৰে আগবাঢ়িছিল। এই পথতে আছে নিৰ্মীয়মান দলংখন। গাড়ীৰ চালকজনে মোবাইলত জিপিএছৰ নিৰ্দেশনা অনুসৰণ কৰি আছিল। দলঙত উঠি দ্ৰুতগতিত গাড়ী চলায় চালকে কিন্তু গাড়ীখন পোনে পোনে গৈ ৰামগংগা নদীত পৰে।

জানিব পৰা মতে চলিত বৰ্ষৰ বানপানীৰ সময়ত দলংখনৰ সন্মুখৰ অংশ ভাঙি গৈছে। ইয়াৰ পাছতে দলংখনৰ নির্মাণৰ কামো আৰম্ভ হয়৷ কিন্তু জিপিএছ আপডেট কৰা হোৱা নাছিল। সেইবাবেই চাগে চালকজনে গম পোৱা নাছিল যে দলংখন নিৰাপদ নহয়। আনকি, দলংখনত কোনো সতৰ্কবাণী ফলকো নাছিল।

গাড়ীখন দলঙৰ পৰা প্ৰায় ৫০ ফুট তলত নদীত বাগৰি পৰে। স্থানীয় বাসিন্দাসকলে এই কথা লক্ষ্য কৰি লগেলগে আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে তিনিওৰে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে আৰু নদীৰ পৰা উদ্ধাৰ কৰে গাড়ীখন।

এই ঘটনাৰ বাবে সকলোৱে প্ৰশাসনৰ গাফিলতিকে জগৰীয়া কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ