--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জিপিএছ চাই গাড়ী চলোৱাটো কিমান ভয়ংকৰ সেই কথা শেহতীয়াকৈ সংঘটিত হোৱা এক ঘটনাই প্ৰমাণ কৰি গ'ল। জিপিএছ অনুসৰণ কৰি গাড়ী চলাই যাওতে নিৰ্মীয়মান দলঙৰ পৰা নদীত পৰিল এখন গাড়ী; এই ঘটনাত তিনিজনৰ কৰুণ মৃত্যু ঘটিছে।উত্তৰ প্ৰদেশৰ বৰেলীত সংঘটিত হৈছে এই ঘটনা। এই দুৰ্ঘটনাত চালকসহ তিনিজন লোকে প্ৰাণ হেৰুৱাইছে।

জিপিএছ চাই চাই নির্মীয়মান দলঙৰ ওপৰেৰে তীব্ৰ বেগেৰে গাড়ীখন চলাইছিল চালকে৷ গাড়ীখন পোনে পোনে গৈ নদীত পৰিল। বৰেলীৰ পৰা ডাটাগঞ্জলৈ গাড়ীখনত গৈ আছিল তিনিজন যাত্ৰী। গাড়ীখন খালপুৰ-ডাটাগঞ্জ পথটোৰে আগবাঢ়িছিল। এই পথতে আছে নিৰ্মীয়মান দলংখন। গাড়ীৰ চালকজনে মোবাইলত জিপিএছৰ নিৰ্দেশনা অনুসৰণ কৰি আছিল। দলঙত উঠি দ্ৰুতগতিত গাড়ী চলায় চালকে কিন্তু গাড়ীখন পোনে পোনে গৈ ৰামগংগা নদীত পৰে।

জানিব পৰা মতে চলিত বৰ্ষৰ বানপানীৰ সময়ত দলংখনৰ সন্মুখৰ অংশ ভাঙি গৈছে। ইয়াৰ পাছতে দলংখনৰ নির্মাণৰ কামো আৰম্ভ হয়৷ কিন্তু জিপিএছ আপডেট কৰা হোৱা নাছিল। সেইবাবেই চাগে চালকজনে গম পোৱা নাছিল যে দলংখন নিৰাপদ নহয়। আনকি, দলংখনত কোনো সতৰ্কবাণী ফলকো নাছিল।

গাড়ীখন দলঙৰ পৰা প্ৰায় ৫০ ফুট তলত নদীত বাগৰি পৰে। স্থানীয় বাসিন্দাসকলে এই কথা লক্ষ্য কৰি লগেলগে আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে তিনিওৰে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে আৰু নদীৰ পৰা উদ্ধাৰ কৰে গাড়ীখন।

এই ঘটনাৰ বাবে সকলোৱে প্ৰশাসনৰ গাফিলতিকে জগৰীয়া কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু