--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আহোম সেনাপতি তথা অসমৰ শৌৰ্য বীৰ্যৰ প্ৰতীক বীৰ লাচিতৰ ৪০২ সংখ্যক জন্মজয়ন্তী সমগ্ৰ ৰাজ্যত বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰা হৈছে৷ মহাবীৰ লাচিত দিৱস উপলক্ষে নতুন দিল্লীতো অনুষ্ঠানৰ আয়োজন কৰে কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে, অনুষ্ঠানত উপস্থিত থকে প্ৰধানমন্ত্ৰীৰ অৰ্থনৈতিক উপদেষ্টা পৰিষদৰ সদস্য তথা বিশিষ্ট ইতিহাসবিদ সঞ্জীৱ সান্যাল প্রমুখ্যে গণ্য-মান্য ব্যক্তিসকল, কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ উচ্চপদস্থ বিষয়াসকল, সামুদ্রিক প্ৰতিষ্ঠানৰ কেডেটসকলে অংশগ্ৰহণ কৰে অনুষ্ঠানটোত। 

অনুষ্ঠানৰ আৰম্ভণিতে মহান আহোম সেনাপতি লাচিত বৰফুকনৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অর্পণেৰে শ্ৰদ্ধার্ঘ অর্পণ কৰে। কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে ভাষণ প্রসংগত কয় যে, ভাৰতৰ ইতিহাসৰ এগৰাকী প্রবাদপ্রতিম মহাবীৰ লাচিত বৰফুকনৰ শৌৰ্য-বীর্ষ, অদম্য শক্তি, সাহস আৰু বীৰত্বৰ কাহিনীয়ে দেশবাসীক অনুপ্ৰেৰণা যোগাই আহিছে। লগতে এখন শক্তিশালী, সমৃদ্ধিশালী, আত্মনিৰ্ভৰ আৰু বিকশিত ভাৰত গঢ়াৰ দিশত লাচিত বৰফুকনৰ স্বদেশ-স্বজাতিৰ প্ৰতি থকা অতুলনীয় দায়বদ্ধতা, কর্মচেতনা, আত্মনিৰ্ভৰ ৰণকৌশল আৰু সাহসৰ দৃষ্টান্ত আমাৰ বাবে পাথেয় হৈ থাকিব। কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে লগতে কয়, ঐতিহাসিক শৰাইঘাটৰ ৰণ মহাবাহু ব্ৰহ্মপুত্ৰৰ জলপথত খুঁজা সর্ববৃহৎ যুদ্ধ। লাচিতে তাহানিতে যুদ্ধক্ষেত্ৰৰ জৰিয়তে আভ্যন্তৰীণ জলপথৰ শক্তি-সম্ভাৱনাক উপলব্ধি কৰিছিল। লাচিতৰ দূৰদৰ্শিতাক উপলব্ধি কৰি আমিও ব্ৰহ্মপুত্ৰকে ধৰি দেশৰ জলপথৰ অপৰিসীম সুযোগ-সম্ভাৱনা, শক্তিক ৰাষ্ট্ৰ হিতৰ বাবে ব্যৱহাৰ কৰি ন ন পদক্ষেপ গ্ৰহণ কৰি আছোঁ। মোগল সাম্রাজ্যৰ দুৰ্বলতা প্ৰকাশ কৰি লাচিত বৰফুকনে বীৰদর্পে দেখুৱাই দিছিল দেশমাতৃৰ প্ৰতি থকা তেওঁৰ অপৰিসীম শ্রদ্ধা আৰু ভক্তিৰ গাথা।

বিশিষ্ট ইতিহাসবিদ তথা অর্থনীতিবিদ সঞ্জীৱ সান্যালে ভাষণ প্রসংগত কয়, লাচিত বৰফুকন ভাৰতৰ সর্বশ্রেষ্ঠ এডমিৰেল। শৰাইঘাটৰ ৰণ বিশ্বৰ অন্যতম বৃহৎ নৌ যুদ্ধৰ এক নিদর্শন। ঐতিহাসিক শৰাইঘাটৰ যুদ্ধত লাচিত বৰফুকনৰ নেতৃত্বাধীন অসমীয়া সৈন্যবাহিনীয়ে মোগলক পৰাস্ত কৰাৰ পাছত মোগলৰ আধিপত্যৰ পতনৰ আৰম্ভণি ঘটিছিল। যিদৰে মাৰাঠা নৌ শক্তি অবিহনে আমি মাৰাঠা ইতিহাস বুজিব নোৱাৰোঁ, একেদৰেই লাচিত বৰফুকনৰ নেতৃত্বত থকা অসমীয়া সৈন্যই নৌ-যুদ্ধত দেখুওৱা অসীম বীৰত্ব আৰু পাৰদৰ্শিতাৰ ইতিহাস অবিহনে অসমৰ ইতিহাস আধৰুৱা। এতিয়া গুপ্ত যুগৰ জাহাজৰ পুনৰ নিৰ্মাণ কৰা হৈ আছে। একেদৰেই তাহানিৰ দুই মহা নৌশক্তি মাৰাঠা সাম্ৰাজ্যৰ যুগৰ আৰু লাচিত যুগৰ নৌকা পুনৰ নিৰ্মাণ কৰি আমি ইতিহাসক পুনৰুজ্জীৱিত কৰি তুলিব পাৰোঁ বুলি মন্তব্য কৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ