--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ প্ৰেক্ষাপটত জল জীৱন মিছনৰ প্ৰসংগ৷এইবাৰ জল জীৱন মিছনৰ উপভোক্তাৰ সন্তুষ্টিৰ নহয় বৰঞ্চ জল জীৱন মিছনৰ নামত সংঘটিত বৃহৎ কেলেংকাৰীৰ খবৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে৷আজি ভাৰতীয় জাতীয় কংগ্ৰেছে জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিনহা আৰু কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্ৰ শ্বেখাৱটৰ বিৰুদ্ধে বৃহৎ অভিযোগ উত্থাপন কৰে। কংগ্ৰেছৰ মুখপাত্ৰ পৱন খেৰাই কয় যে জি-২০ৰ আৱৰণত “এল জি-৪২০”ক লুকুৱাই ৰখা হৈছে। জল জীৱন মিছন প্ৰকল্পত নিয়ম উলংঘাৰ উদ্ধৃতি দি কংগ্ৰেছৰ মুখপাত্ৰগৰাকীয়ে ১৩ হাজাৰ কোটি টকাৰ কেলেংকাৰীৰ অভিযোগো সংবাদমেলত উত্থাপন কৰে।

পৱন খেৰাই কয় যে, দলিত সম্প্ৰদায়ৰ পৰা অহা আই এ এছ বিষয়া অশোক পাৰমাৰে যেতিয়া অনিয়মৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছিল, তেতিয়া তেওঁক কেৱল বদলি কৰাই নহয় বৰঞ্চ অপমানিত কৰাও  হৈছিল।এই সমগ্ৰ বিষয়টোৰ ওপৰত কোনো তদন্ত নহ’ল তাৰ বিপৰীতে সোধা-পোছা কৰা বিষয়াসকলক পদোন্নতি দিয়া হ’ল৷তদুপৰি অনুসূচিত জাতি আয়োগে পাৰমাৰৰ হাৰাশাস্তি সম্পৰ্কীয় অভিযোগৰ প্ৰতিও গুৰুত্ব নিদিলে। পাৰমাৰৰ অভিযোগ থকাৰ পাছতো আয়োগে জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিনহাক সোধা-পোছাৰ বাবে মাতিবলৈ সাহস গোটাব নোৱাৰিলে।

কংগ্ৰেছে লগতে কয় যে আই এ এছ বিষয়া অশোক পাৰমাৰে এই সমগ্ৰ বিষয়টো উজাগৰ কৰি দিলে।যাৰ ফলশ্ৰুতিত উপ-ৰাজ্যপাল মনোজ সিনহাই ২০২২ চনৰ ৬ জুনত কোনো ভুল নকৰাকৈ তেওঁক সচিবসকলৰ সভাকক্ষৰ পৰা বাহিৰ কৰি দিলে। পাৰমাৰক মানসিকভাৱে নিৰ্যাতন আৰু হাৰাশাস্তি কৰা হ’ল।ইয়াৰ কাৰণ এটাই মাত্ৰ, সেয়া হ’ল ১৩ হাজাৰ কোটি টকাৰ কেলেংকাৰী উদঙাই দিলে এজন আই এ এছ বিষয়াই। ইয়াৰ কোনো প্ৰমাণ প্ৰশাসনৰ হাতত নাথাকিলেও অশোক পাৰমাৰৰ বিৰুদ্ধেও মিছা অভিযোগ উত্থাপন কৰা হৈছিল বুলি সচেতনমহলে দাবী কৰে৷

খেৰাই আৰু কয় যে, জল জীৱন মিছনৰ কামসমূহ নিবিদা অবিহনে দিয়া হৈছিল।তদুপৰি বিষয়াগৰাকীয়ে প্ৰশ্ন উত্থাপন কৰাৰ লগতে কামৰ মানদণ্ড বেয়া হোৱাৰ পাছতো তদন্ত কৰা হোৱা নাছিল। এনে পৰিস্থিতিত সন্দেহৰ আঙুলি কেন্দ্ৰীয় জল শক্তি মন্ত্ৰী গজেন্দ্ৰ শ্বেখাৱটৰ ফালে যায়। আৰু সেয়েহে কংগ্ৰেছে এই সমগ্ৰ বিষয়ৰ ওপৰত এক নিৰপেক্ষ তদন্তৰ দাবী কৰে৷








FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু