--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ প্ৰেক্ষাপটত জল জীৱন মিছনৰ প্ৰসংগ৷এইবাৰ জল জীৱন মিছনৰ উপভোক্তাৰ সন্তুষ্টিৰ নহয় বৰঞ্চ জল জীৱন মিছনৰ নামত সংঘটিত বৃহৎ কেলেংকাৰীৰ খবৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে৷আজি ভাৰতীয় জাতীয় কংগ্ৰেছে জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিনহা আৰু কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্ৰ শ্বেখাৱটৰ বিৰুদ্ধে বৃহৎ অভিযোগ উত্থাপন কৰে। কংগ্ৰেছৰ মুখপাত্ৰ পৱন খেৰাই কয় যে জি-২০ৰ আৱৰণত “এল জি-৪২০”ক লুকুৱাই ৰখা হৈছে। জল জীৱন মিছন প্ৰকল্পত নিয়ম উলংঘাৰ উদ্ধৃতি দি কংগ্ৰেছৰ মুখপাত্ৰগৰাকীয়ে ১৩ হাজাৰ কোটি টকাৰ কেলেংকাৰীৰ অভিযোগো সংবাদমেলত উত্থাপন কৰে।

পৱন খেৰাই কয় যে, দলিত সম্প্ৰদায়ৰ পৰা অহা আই এ এছ বিষয়া অশোক পাৰমাৰে যেতিয়া অনিয়মৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছিল, তেতিয়া তেওঁক কেৱল বদলি কৰাই নহয় বৰঞ্চ অপমানিত কৰাও  হৈছিল।এই সমগ্ৰ বিষয়টোৰ ওপৰত কোনো তদন্ত নহ’ল তাৰ বিপৰীতে সোধা-পোছা কৰা বিষয়াসকলক পদোন্নতি দিয়া হ’ল৷তদুপৰি অনুসূচিত জাতি আয়োগে পাৰমাৰৰ হাৰাশাস্তি সম্পৰ্কীয় অভিযোগৰ প্ৰতিও গুৰুত্ব নিদিলে। পাৰমাৰৰ অভিযোগ থকাৰ পাছতো আয়োগে জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিনহাক সোধা-পোছাৰ বাবে মাতিবলৈ সাহস গোটাব নোৱাৰিলে।

কংগ্ৰেছে লগতে কয় যে আই এ এছ বিষয়া অশোক পাৰমাৰে এই সমগ্ৰ বিষয়টো উজাগৰ কৰি দিলে।যাৰ ফলশ্ৰুতিত উপ-ৰাজ্যপাল মনোজ সিনহাই ২০২২ চনৰ ৬ জুনত কোনো ভুল নকৰাকৈ তেওঁক সচিবসকলৰ সভাকক্ষৰ পৰা বাহিৰ কৰি দিলে। পাৰমাৰক মানসিকভাৱে নিৰ্যাতন আৰু হাৰাশাস্তি কৰা হ’ল।ইয়াৰ কাৰণ এটাই মাত্ৰ, সেয়া হ’ল ১৩ হাজাৰ কোটি টকাৰ কেলেংকাৰী উদঙাই দিলে এজন আই এ এছ বিষয়াই। ইয়াৰ কোনো প্ৰমাণ প্ৰশাসনৰ হাতত নাথাকিলেও অশোক পাৰমাৰৰ বিৰুদ্ধেও মিছা অভিযোগ উত্থাপন কৰা হৈছিল বুলি সচেতনমহলে দাবী কৰে৷

খেৰাই আৰু কয় যে, জল জীৱন মিছনৰ কামসমূহ নিবিদা অবিহনে দিয়া হৈছিল।তদুপৰি বিষয়াগৰাকীয়ে প্ৰশ্ন উত্থাপন কৰাৰ লগতে কামৰ মানদণ্ড বেয়া হোৱাৰ পাছতো তদন্ত কৰা হোৱা নাছিল। এনে পৰিস্থিতিত সন্দেহৰ আঙুলি কেন্দ্ৰীয় জল শক্তি মন্ত্ৰী গজেন্দ্ৰ শ্বেখাৱটৰ ফালে যায়। আৰু সেয়েহে কংগ্ৰেছে এই সমগ্ৰ বিষয়ৰ ওপৰত এক নিৰপেক্ষ তদন্তৰ দাবী কৰে৷








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক