--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ আক্ৰমণৰ লক্ষ্য হৈ পৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী৷দেওবাৰে কংগ্ৰেছে জি-২০ সন্মিলনৰ স্থান ভাৰত মণ্ডপমত পানী জমা হোৱাৰ ভিডিঅ’ এক্সত শ্বেয়াৰ কৰি কয় যে “ইয়াৰ দ্বাৰা মোদী চৰকাৰৰ “ফোঁপোলা উন্নয়ন” উদঙাই দিয়া হৈছে। ভিডিঅ’টোত পানীৰে ভৰা কৰিড’ৰত মানুহ খোজ কাঢ়ি থকা দেখা গৈছে৷ জি-২০ৰ বাবে ভাৰত মণ্ডপম সাজু হৈছিল। ২৭০০ কোটি টকা খৰচ হ'ল। কিন্তু এটা বৰষুণতে সকলো হেৰাই গ'ল৷”

নিৰ্বাচনমুখী ৰাজস্থানৰ টংক জিলাৰ নিৱাইত এখন সভাত ভাষণ দি কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধীয়ে ভাৰত মণ্ডপমত পানী জমা হোৱাক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আক্ৰমণ কৰে।গান্ধীয়ে কয় যে "হয়তো আমাৰ দেশৰ জনসাধাৰণে ভয়ৰ বাবে যিটো ক'ব পৰা নাই,সেইটো ভগৱানে কৈছে, এই দেশে আপোনাক নেতা বনাইছে, দেশক প্ৰথম স্থান দিয়ক আৰু জনসাধাৰণক সৰ্বোচ্চ গুৰুত্ব প্ৰদান কৰক।"

তদুপৰি কংগ্ৰেছৰ সাধাৰণ সম্পাদক ৰনদ্বীপ সুৰজেৱালাই কয়, "প্ৰায় ৩০০০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা "ভাৰত মণ্ডপমত" আজি সামান্য বৰষুণতে "উন্নয়ন" ওপঙি থকা দেখা গ'ল।" এক্সত কয় যে তেওঁ  ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিব যে দিনত বেছি বৰষুণ নপৰে আৰু জি-২০ শীৰ্ষ সন্মিলন নিৰাপদে সম্পূৰ্ণ হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু