--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ আক্ৰমণৰ লক্ষ্য হৈ পৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী৷দেওবাৰে কংগ্ৰেছে জি-২০ সন্মিলনৰ স্থান ভাৰত মণ্ডপমত পানী জমা হোৱাৰ ভিডিঅ’ এক্সত শ্বেয়াৰ কৰি কয় যে “ইয়াৰ দ্বাৰা মোদী চৰকাৰৰ “ফোঁপোলা উন্নয়ন” উদঙাই দিয়া হৈছে। ভিডিঅ’টোত পানীৰে ভৰা কৰিড’ৰত মানুহ খোজ কাঢ়ি থকা দেখা গৈছে৷ জি-২০ৰ বাবে ভাৰত মণ্ডপম সাজু হৈছিল। ২৭০০ কোটি টকা খৰচ হ'ল। কিন্তু এটা বৰষুণতে সকলো হেৰাই গ'ল৷”

নিৰ্বাচনমুখী ৰাজস্থানৰ টংক জিলাৰ নিৱাইত এখন সভাত ভাষণ দি কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধীয়ে ভাৰত মণ্ডপমত পানী জমা হোৱাক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আক্ৰমণ কৰে।গান্ধীয়ে কয় যে "হয়তো আমাৰ দেশৰ জনসাধাৰণে ভয়ৰ বাবে যিটো ক'ব পৰা নাই,সেইটো ভগৱানে কৈছে, এই দেশে আপোনাক নেতা বনাইছে, দেশক প্ৰথম স্থান দিয়ক আৰু জনসাধাৰণক সৰ্বোচ্চ গুৰুত্ব প্ৰদান কৰক।"

তদুপৰি কংগ্ৰেছৰ সাধাৰণ সম্পাদক ৰনদ্বীপ সুৰজেৱালাই কয়, "প্ৰায় ৩০০০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা "ভাৰত মণ্ডপমত" আজি সামান্য বৰষুণতে "উন্নয়ন" ওপঙি থকা দেখা গ'ল।" এক্সত কয় যে তেওঁ  ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিব যে দিনত বেছি বৰষুণ নপৰে আৰু জি-২০ শীৰ্ষ সন্মিলন নিৰাপদে সম্পূৰ্ণ হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক