--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: শুকুৰবাৰে অৰ্থাৎ আজি জম্মু-কাশ্মীৰ ভ্ৰমণ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। জম্মু-কাশ্মীৰৰ ৰাজৌৰী জিলা ভ্ৰমণ কৰিব গৃহমন্ত্ৰীগৰাকীয়ে। ইয়াৰ বাবে জম্মুৰ পৰা ৰাজৌৰীলৈ কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে। তেওঁ জম্মুৰ কাৰিকৰী বিমানবন্দৰত উপস্থিত হ’ব আৰু তাৰ পৰা হেলিকপ্টাৰেৰে ৰাজৌৰীলৈ যাব।

ৰাজৌৰীত হিন্দু পৰিয়ালৰ সৈতে সাক্ষাৎ কৰাৰ পাছত তাত আৰক্ষী আৰু অন্যান্য নিৰাপত্তা সংস্থাৰ সৈতে নিৰাপত্তাৰক্ষীৰ বৈঠক অনুষ্ঠিত কৰিব। ইয়াত হত্যা বন্ধ কৰা, হিন্দু পৰিয়ালক নিৰাপত্তা প্ৰদান কৰা, সন্ত্ৰাসবাদী ষড়যন্ত্ৰ বিফল কৰা আদি বিষয়সমূহৰ ওপৰত আলোচনা কৰা হ’ব।

শ্বাহে কাশ্মীৰ আৰু তাৰ পিছত জম্মু সংমণ্ডলত হোৱা লক্ষ্য হত্যা সন্দৰ্ভত নিৰাপত্তা সংস্থাসমূহৰ সৈতে গভীৰ আলোচনাত মিলিত হ’ব। গৃহমন্ত্ৰীয়ে এই সময়চোৱাত কেইদিনমান পূৰ্বে সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হোৱা ঠাইখন পৰিদৰ্শন কৰিব। লগতে ঘটনাটোত নিহত হোৱা লোক সকলৰ পৰিয়ালৰ সদস্যক সাক্ষাৎ কৰিব। তেওঁ আৰক্ষী আৰু অন্যান্য সংস্থাকো কিছু নিৰ্দিষ্ট নিৰ্দেশনা দিব পাৰে। যাৰ বাবে হিন্দু অঞ্চলৰ নিৰাপত্তাৰ সন্দৰ্ভত সুনিৰ্দিষ্ট পদক্ষেপ গ্ৰহণ কৰা হ’ব।

উল্লেখ্য যে অমিত শ্বাহৰ শেষ ভ্ৰমণৰ মাত্ৰ দুদিন পূৰ্বে উধামপুৰত দুটাকৈ বিস্ফোৰণ সংঘটিত হৈছিল।এই আক্ৰমণত কেইবাজন লোকৰ মৃত্যু হৈছল। একেলগে দুটা বিস্ফোৰণ সংঘটিত হয়। এই বিস্ফোৰণৰ দোষীক জেৰাৰ সময়ত পোহৰলৈ আহে যে এই লোকসকলে অমিত শ্বাহৰ ভ্ৰমণক প্ৰভাৱিত কৰিবলৈ এই বিস্ফোৰণ সংঘটিত কৰিছিল। ইয়াৰ পৰিপ্ৰেক্ষিতত জম্মুৰ পৰা কাশ্মীৰলৈ সতৰ্কতা জাৰি কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক