--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: শুকুৰবাৰে অৰ্থাৎ আজি জম্মু-কাশ্মীৰ ভ্ৰমণ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। জম্মু-কাশ্মীৰৰ ৰাজৌৰী জিলা ভ্ৰমণ কৰিব গৃহমন্ত্ৰীগৰাকীয়ে। ইয়াৰ বাবে জম্মুৰ পৰা ৰাজৌৰীলৈ কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে। তেওঁ জম্মুৰ কাৰিকৰী বিমানবন্দৰত উপস্থিত হ’ব আৰু তাৰ পৰা হেলিকপ্টাৰেৰে ৰাজৌৰীলৈ যাব।

ৰাজৌৰীত হিন্দু পৰিয়ালৰ সৈতে সাক্ষাৎ কৰাৰ পাছত তাত আৰক্ষী আৰু অন্যান্য নিৰাপত্তা সংস্থাৰ সৈতে নিৰাপত্তাৰক্ষীৰ বৈঠক অনুষ্ঠিত কৰিব। ইয়াত হত্যা বন্ধ কৰা, হিন্দু পৰিয়ালক নিৰাপত্তা প্ৰদান কৰা, সন্ত্ৰাসবাদী ষড়যন্ত্ৰ বিফল কৰা আদি বিষয়সমূহৰ ওপৰত আলোচনা কৰা হ’ব।

শ্বাহে কাশ্মীৰ আৰু তাৰ পিছত জম্মু সংমণ্ডলত হোৱা লক্ষ্য হত্যা সন্দৰ্ভত নিৰাপত্তা সংস্থাসমূহৰ সৈতে গভীৰ আলোচনাত মিলিত হ’ব। গৃহমন্ত্ৰীয়ে এই সময়চোৱাত কেইদিনমান পূৰ্বে সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হোৱা ঠাইখন পৰিদৰ্শন কৰিব। লগতে ঘটনাটোত নিহত হোৱা লোক সকলৰ পৰিয়ালৰ সদস্যক সাক্ষাৎ কৰিব। তেওঁ আৰক্ষী আৰু অন্যান্য সংস্থাকো কিছু নিৰ্দিষ্ট নিৰ্দেশনা দিব পাৰে। যাৰ বাবে হিন্দু অঞ্চলৰ নিৰাপত্তাৰ সন্দৰ্ভত সুনিৰ্দিষ্ট পদক্ষেপ গ্ৰহণ কৰা হ’ব।

উল্লেখ্য যে অমিত শ্বাহৰ শেষ ভ্ৰমণৰ মাত্ৰ দুদিন পূৰ্বে উধামপুৰত দুটাকৈ বিস্ফোৰণ সংঘটিত হৈছিল।এই আক্ৰমণত কেইবাজন লোকৰ মৃত্যু হৈছল। একেলগে দুটা বিস্ফোৰণ সংঘটিত হয়। এই বিস্ফোৰণৰ দোষীক জেৰাৰ সময়ত পোহৰলৈ আহে যে এই লোকসকলে অমিত শ্বাহৰ ভ্ৰমণক প্ৰভাৱিত কৰিবলৈ এই বিস্ফোৰণ সংঘটিত কৰিছিল। ইয়াৰ পৰিপ্ৰেক্ষিতত জম্মুৰ পৰা কাশ্মীৰলৈ সতৰ্কতা জাৰি কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু