--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৱৰ্ল্ড ৰেছলিং এণ্টাৰটেইনমেণ্ট (WWE) নোচোৱা মানুহ প্ৰায় নাইয়েই। বিশ্বজুৰি প্ৰায় ১০ কোটি দৰ্শকে টেলিভিছনৰ পৰ্দাত ৩০টা ভাষাত WWE চায়। পৰিকল্পিত চিত্ৰনাট্য, অগাধ মনোৰঞ্জন-গ্লেমাৰ আৰু দৰ্শকৰ পাৰ ভঙা উন্মাদনাৰে ভৰা আমেৰিকা যুক্তৰাষ্ট্ৰৰ এই মল্লযুদ্ধৰ প্ৰতিযোগিতাখনৰ দ্বাৰা খ্যাতিৰ শিখৰত উঠিছে অলেখ মল্লযুজাৰু। খ্যাতিৰ উপৰিও তেওঁলোকে অজস্ৰ ধন-সম্পত্তিৰো গৰাকী হৈছে। চাওঁ আহক, WWEৰ শীৰ্ষ পাঁচজন সৰ্বাধিক দৰমহা পোৱা মল্লযুঁজাৰু কোন কোন?

WWEত আয়ৰ ক্ষেত্ৰত শীৰ্ষস্থান দখল কৰিছে ভিন্স মেকমেহনে। WWE ৰ চিইঅ’ আৰু চেয়াৰমেন ভিন্সে ১৯৬৯ চনত এই বৃত্তিত অভিষেক ঘটায়। অৱসৰৰ পিছত এই কোম্পানীটোৰ ব্যৱসায়িক দিশটোৰ লগত জড়িত হৈ পৰে। WWE ত ২.৮৭ বিলিয়ন ডলাৰৰ অংশীদাৰিত্বৰ উপৰিও ভিন্সৰ ৰিয়েল এষ্টেট বিনিয়োগো আছে। ইয়াৰ উপৰিও তেওঁৰ এখন বিলাসী ইয়টও আছে। WWE ৰ পৰা তেওঁৰ বাৰ্ষিক আয় ১ বিলিয়ন ডলাৰ। ভাৰতীয় মুদ্ৰাত যিটো প্ৰায় ৮২৫৫ কোটি টকা।

কিছুদিন পূৰ্বে তেওঁ গোলাপী ৰঙৰ চুট পিন্ধি অস্কাৰৰ মঞ্চত উঠিছিল। হলিউডত ড্ৱেইন জনছন নামেৰে পৰিচিত এই মল্লযুঁজাৰুজন হৈছে ‘দ্য ৰক’। তেওঁ বহু একচন ছবিতো অভিনয় কৰিছে। WWEৰ আটাইতকৈ ধনী মল্লযুঁজাৰুৰ তালিকাত দ্বিতীয় স্থানত আছে ‘দ্য ৰক’। ১০ বাৰৰ বিশ্ব চেম্পিয়নগৰাকীয়ে ৫টা দলীয় চেম্পিয়নশ্বিপৰ খিতাপ দখল কৰিছে। ৰিঙৰ পৰা তেওঁৰ বাৰ্ষিক আয় ৪ কোটি ডলাৰ। ভাৰতীয় মুদ্ৰাত যিটো প্ৰায় ৩৩৩২ কোটি টকা।

পল মাইকেল লেভেস্কৰ নামটো বহুতৰে বাবে অচিনাকি যেন লাগিব পাৰে। কাৰণ মল্লযুঁজৰ ৰিঙত তেওঁক 'ট্ৰিপল এইচ’ নামেৰে বেছি পৰিচিত। ‘ব্লেড: ট্ৰিনিটি’ বা ‘ইনছাইড আউট’ৰ দৰে একচন ছবিৰ বাবে হলিউডৰ পৰ্দাতো 'ট্ৰিপল এইচ’ এক পৰিচিত মুখ। অভিনয়ৰ উপৰিও ট্ৰিপল এইচে ব্যৱসায়ৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছে। তেওঁক WWE ৰ অন্যতম শ্ৰেষ্ঠ বুলি গণ্য কৰা হয়। তেওঁ ৫টা বিশ্ব হেভিৱেট চেম্পিয়নশ্বিপৰ লগতে ৯টা WWE খিতাপ দখল কৰিছে। ৰিঙৰ পৰা ট্ৰিপল এইচৰ বাৰ্ষিক আয় ১৫ কোটি ডলাৰ। ভাৰতীয় মুদ্ৰাত যিটো প্ৰায় ১২৩৮ কোটি টকা।

WWEৰ চিইঅ’ ভিন্স মেকমেহনৰ কন্যা ষ্টেফানীয়ে পিতৃৰ পথ অনুসৰণ কৰিয়েই বিশ বছৰ ধৰি এই উদ্যোগত জড়িত হৈ আছে। ২০১৮ চনত ৰিঙৰ পৰা বিদায় লোৱাৰ পিছতো তেওঁ নিজকে ইয়াৰ ব্যৱসায়িক দিশৰ পৰা আঁতৰাই নিব পৰা নাই। বৰ্তমান তেওঁৰ হাতত আছে WWEৰ ২.৪৭ শতাংশ। এটা সময়ত ষ্টেফানীয়ে শ্বেয়াৰৰ লাভৰ পৰা ২২.৫ মিলিয়ন ডলাৰ উপাৰ্জন কৰিছিল। এটা সময়ত ডব্লিউ ডব্লিউ এফৰ খিতাপ জয় কৰা ষ্টেফানীৰ বাৰ্ষিক আয় আছিল ১৫ কোটি ডলাৰ। সেই ধন তেওঁ কেৱল মল্লযুঁজৰ ৰিঙৰ পৰাই উপাৰ্জন কৰিছিল।

মল্লযুঁজৰ উপৰিও জন চিনাৰ একচন হলিউডৰ পৰ্দাতো দেখা যায়। ২০০৬ চনত ‘দ্য মেৰিন’ৰ জনপ্ৰিয়তাৰ কাৰণ আছিল জন। হলিউডৰ দ্বিতীয়খন ছবিত তেওঁ খ্যাতি অৰ্জন কৰিছিল। ভান ডিজেলৰ সৈতে ‘ফাষ্ট এণ্ড ফিউৰিয়াছ’ ছিৰিজতো কাম কৰিছে। তেওঁ ৰেপিংতো ভাল, যাৰ প্ৰমাণ তেওঁৰ এলবাম ‘ইউ কেন’ট ছি মি’ত পোৱা গৈছে। কেৱল মল্লযুঁজৰ আঙঠিৰ পৰাই জন বছৰি ৬ কোটি ডলাৰ উপাৰ্জন কৰে। ভাৰতীয় মুদ্ৰাত সেইটো প্ৰায় ৪৯৫ কোটি টকা।


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু