--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৰ্ণাঢ্য কেৰিয়াৰত তেওঁ অলেখ বলাৰৰ মুখামুখি হৈছে। কিন্তু ইয়াৰ মাজতে তেওঁ কাক শ্ৰেষ্ঠ বুলি ভাৱে? যশপ্ৰীত বুমৰাহ, নে ৰবিচন্দ্ৰন অশ্বিন? নাই, বিৰাট কোহলীয়ে কোনো ভাৰতীয় বলাৰৰ নাম উল্লেখ কৰা নাই। তেওঁ সন্মুখিন শ্ৰেষ্ঠ বলাৰজন হৈছে দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন পেচাৰ ডেল ষ্টেইন।

তাৰকা পেচাৰ ষ্টেইনে আই পি এলত ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ হৈ খেলিছিল। সেইবাবেই কোহলীয়ে পেচাৰজনক অতি নিবিড়ভাৱে দেখিছে। আই পি এলৰ প্ৰাক্তন সতীৰ্থ এ বি ডি ভিলিয়াৰ্ছৰ সৈতে ইউটিউব ভিডিঅ’ত বিৰাটে ষ্টেনৰ নাম উল্লেখ কৰে। ডি ভিলিয়াৰ্ছে তেওঁক সুধিলে- ''কোনে তোনাক খেলিবলৈ বেছি সমস্যাত পেলাই?’’

উত্তৰত বিৰাটে ক’লে, “মই ষ্টেইনৰ নাম ক’ম। তেওঁৰ বিৰুদ্ধে দেশৰ হৈ খেলিছিলো। আই পি এলতো তেওঁৰ বিৰুদ্ধে খেলিছিলো। ষ্টেইন যেতিয়া আৰ চি বিত আছিল তেতিয়া তেওঁক নেটত খেলাটো কঠিন আছিল। ষ্টেইনে যিকোনো পৰিস্থিতিত খাপ খাই পাৰিছিল। মই আন কাৰোবাৰ ক্ষেত্ৰত তেনেকুৱা দেখা নাই।''

ষ্টেইনে ২০০৮ চনৰ পৰা ২০১০ চনলৈকে আৰচিবিৰ হৈ খেলিছিল। ইয়াৰ পিছত ২০১৯ চনত পুনৰ বাংগালুৰু শিবিৰত যোগদান কৰে ষ্টেইনে। আই পি এলত মুঠ ৯৫খন মেচ খেলিছে ষ্টেইনে। ৯৭টা উইকেট দখল কৰে।

দক্ষিণ আফ্ৰিকাৰ হৈ ষ্টেইনে মুঠ ২৬৫খন খেল খেলিছিল। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত মুঠ ৬৯৯টা উইকেট দখল কৰিছে। ইয়াৰ ভিতৰত দক্ষিণ আফ্ৰিকাৰ এই পেচাৰগৰাকীয়ে ৯৩খন টেষ্টত ৪৩৯টা, ১২৫খন এদিনীয়া মেচত ১৯৬টা আৰু ৪৭খন টি-২০ মেচত ৬৪টা উইকেট দখল কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক