--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৰ্ণাঢ্য কেৰিয়াৰত তেওঁ অলেখ বলাৰৰ মুখামুখি হৈছে। কিন্তু ইয়াৰ মাজতে তেওঁ কাক শ্ৰেষ্ঠ বুলি ভাৱে? যশপ্ৰীত বুমৰাহ, নে ৰবিচন্দ্ৰন অশ্বিন? নাই, বিৰাট কোহলীয়ে কোনো ভাৰতীয় বলাৰৰ নাম উল্লেখ কৰা নাই। তেওঁ সন্মুখিন শ্ৰেষ্ঠ বলাৰজন হৈছে দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন পেচাৰ ডেল ষ্টেইন।

তাৰকা পেচাৰ ষ্টেইনে আই পি এলত ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ হৈ খেলিছিল। সেইবাবেই কোহলীয়ে পেচাৰজনক অতি নিবিড়ভাৱে দেখিছে। আই পি এলৰ প্ৰাক্তন সতীৰ্থ এ বি ডি ভিলিয়াৰ্ছৰ সৈতে ইউটিউব ভিডিঅ’ত বিৰাটে ষ্টেনৰ নাম উল্লেখ কৰে। ডি ভিলিয়াৰ্ছে তেওঁক সুধিলে- ''কোনে তোনাক খেলিবলৈ বেছি সমস্যাত পেলাই?’’

উত্তৰত বিৰাটে ক’লে, “মই ষ্টেইনৰ নাম ক’ম। তেওঁৰ বিৰুদ্ধে দেশৰ হৈ খেলিছিলো। আই পি এলতো তেওঁৰ বিৰুদ্ধে খেলিছিলো। ষ্টেইন যেতিয়া আৰ চি বিত আছিল তেতিয়া তেওঁক নেটত খেলাটো কঠিন আছিল। ষ্টেইনে যিকোনো পৰিস্থিতিত খাপ খাই পাৰিছিল। মই আন কাৰোবাৰ ক্ষেত্ৰত তেনেকুৱা দেখা নাই।''

ষ্টেইনে ২০০৮ চনৰ পৰা ২০১০ চনলৈকে আৰচিবিৰ হৈ খেলিছিল। ইয়াৰ পিছত ২০১৯ চনত পুনৰ বাংগালুৰু শিবিৰত যোগদান কৰে ষ্টেইনে। আই পি এলত মুঠ ৯৫খন মেচ খেলিছে ষ্টেইনে। ৯৭টা উইকেট দখল কৰে।

দক্ষিণ আফ্ৰিকাৰ হৈ ষ্টেইনে মুঠ ২৬৫খন খেল খেলিছিল। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত মুঠ ৬৯৯টা উইকেট দখল কৰিছে। ইয়াৰ ভিতৰত দক্ষিণ আফ্ৰিকাৰ এই পেচাৰগৰাকীয়ে ৯৩খন টেষ্টত ৪৩৯টা, ১২৫খন এদিনীয়া মেচত ১৯৬টা আৰু ৪৭খন টি-২০ মেচত ৬৪টা উইকেট দখল কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু