--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বহু ৰোগৰ লক্ষণসমূহ কমোৱাৰ বাবে যোগাসনৰ অভ্যাসক এক অতি ফলপ্ৰসূ উপায় বুলি বিশেষজ্ঞসকলে বিবেচনা কৰে। অধ্যয়নসমূহে এইটোও নিশ্চিত কৰিছে যে যোগ আসনৰ অভ্যাসক ৰুটিনত অন্তৰ্ভুক্ত কৰিলে ডায়েবেটিছ আৰু হৃদৰোগৰ দৰে গুৰুতৰ স্বাস্থ্যজনিত সমস্যাৰ পৰা হাত সাৰিব পাৰি। কিন্তু জণ্ডিচ ৰোগৰ সমস্যা যোগাভ্যাসৰ দ্বাৰা পৰিত্ৰাণ পাব পাৰিনে?

 যোগ বিশেষজ্ঞসকলৰ মতে কিছুমান যোগাসনে যকৃতৰ স্বাস্থ্য উন্নত কৰাৰ লগতে হৰম’নসমূহৰ ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰে, এনেদৰে যোগাভ্যাসৰ অভ্যাস গঢ়ি তুলিলে জণ্ডিচ প্ৰতিৰোধ কৰাই নহয়, ৰোগৰ লক্ষণসমূহো হ্ৰাস কৰিব পৰা যায়, সেয়েহে ক’ব পাৰি যে জণ্ডিছ ৰোগত যোগাসনৰ দ্বাৰা পৰিত্ৰাণ পাব পাৰি।

 স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে, তেজত বিলিৰুবিনৰ পৰিমাণ বৃদ্ধি পোৱাৰ বাবেই জণ্ডিচৰ সমস্যাৰ সৃষ্টি হয়। ৰক্তকণিকাবোৰ ভাঙি যোৱাৰ সময়ত যকৃতে কাৰ্যক্ষমভাৱে প্ৰক্ৰিয়াকৰণ কৰিব নোৱাৰাৰ ফলতেই জণ্ডিচৰ সম্ভাৱনা বৃদ্ধি পায়। এনে অৱস্থাত শৰীৰ, চকু আদি হালধীয়া হ’বলৈ ধৰে। যোগ বিশেষজ্ঞসকলৰ মতে, এই সময়ছোৱাত কিছুমান বিশেষ ব্যায়ামে আপোনাক লক্ষণসমূহ ক্ষিপ্ৰতাৰে আৰোগ্য লাভ কৰাত সহায় কৰিব পাৰে। এই বিষয়ে জানো আহক।

১. প্ৰাণায়ামঃ-যোগ বিশেষজ্ঞসকলে কয়, জণ্ডিচ সমস্যাত প্ৰাণায়ামৰ অভ্যাস অতি ফলপ্ৰসূ হ’ব পাৰে। কপালভাটি আৰু অনুলোম ভিলোমৰ দৰে যোগাসনে পেটৰ অংগসমূহক বিশেষকৈ যকৃতক কাৰ্যক্ষম আৰু শক্তিশালী কৰাত সহায় কৰে, যাৰ ফলত কাম কৰাটো সহজ হৈ পৰে। যকৃত সুস্থ কৰি ৰাখি জণ্ডিচৰ সমস্যা ৰোধ কৰিব পাৰে। শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায়ক হয় প্ৰাণায়াম।

 ২. সৰ্বাংগাসনৰ অভ্যাসঃ-যোগ বিশেষজ্ঞসকলে সৰ্বংগাসনক সেই ফলপ্ৰসূ যোগ ব্যায়ামৰ ভিতৰত অন্যতম বুলি গণ্য কৰে, যিয়ে সমগ্ৰ শৰীৰক উপকৃত কৰে। এই আসনত গোটেই শৰীৰৰ ওজন কান্ধ আৰু ডিঙিৰ ওপৰত নিৰ্ভৰ কৰে। বিশেষজ্ঞসকলৰ মতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাৰ লগতে সৰ্বাংগাসন অভ্যাস কৰিলে যকৃতৰ সমস্যা হ্ৰাস কৰিব পাৰে। কেৱল এয়াই নহয়, যিসকল লোকে নিয়মিতভাৱে এই যোগাসন কৰে, তেওঁলোকৰ বহু ৰোগৰ সম্ভাৱনা হ্ৰাস পায়।

 ৩. পদ্মাসন যোগৰ উপকাৰিতা-

জণ্ডিচৰ সমস্যাত লোটাছ প’জ (পদ্মাসন) যোগৰ অভ্যাসকো বিশেষজ্ঞসকলে অতি উপকাৰী বুলি বিবেচনা কৰে। এই আসনে আভ্যন্তৰীণ অংগসমূহ মালিচ কৰাৰ লগতে ৰক্ত সঞ্চালন আৰু হৰম’নৰ ভাৰসাম্যতা বৃদ্ধি কৰাত সহায় কৰে। যকৃতৰ সমস্যা নিৰাময় কৰাৰ লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে আৰু পদ্মাসন যোগৰ নিয়মীয়া অভ্যাসে সকলো বয়সৰ লোক উপকৃত হ’ব পাৰে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
দুদিনীয়া কাৰ্যসূচীৰে ২০ নৱেম্বৰত অৰুণাচললৈ আহিব অমিত শ্বাহ
আত্মীয়ক বিদায় দিবলৈ গৈ বন্দে ভাৰত এক্সপ্ৰেছত বন্দী ১২ জন; ১৫০ কিলোমিটাৰ যাত্ৰা কৰি ভৰিলে ৩৬ হাজাৰ টকাৰ জৰিমনা
ডেটিং এপৰ প্ৰেম: কানাডাৰ পৰা ভাৰতলৈ অহা ৬১ বছৰীয়া মহিলাক বিয়া কৰাবলৈ অস্বীকাৰ যুৱকৰ
চুৰিৰ উদ্দেশ্যে ঘৰত সোমাই পতি-পত্নীক হত্যা; ‘ডাবল মাৰ্ডাৰ’ৰ ঘটনাই কঁপাইছে কনৌজ
উত্তৰাখণ্ডত দুটাকৈ ভয়ংকৰ দুৰ্ঘটনাত মুঠ ১২ জনৰ মৃত্যু; কেইবাজনো লোক গুৰুতৰভাৱে আহত
TVS গ্ৰুপত সম্পত্তিক লৈ ডাঙৰ বিবাদ! ভাতৃৰ সমান অংশীদাৰী বিচাৰি পিতৃলৈ আইনী জাননী প্ৰেৰণ কন্যাৰ
ফেন্সি বজাৰৰ উৰ্বশী বজাৰত এন্দুৰৰ উপদ্ৰৱ আৰু গুৱাহাটী মহানগৰীৰ নিগমৰ জৰিমনা
অসমৰ অৱক্ষয়িত বনভূমি পুনৰুদ্ধাৰত ১৩৪ সংখ্যক ইক’লজিকেল টাস্ক ফ’ৰ্চৰ প্ৰশংসা মুখ্যমন্ত্ৰীৰ
আমিনগাঁৱত প্ৰদূষণকাৰী উদ্যোগ স্থাপনৰ বাবে প্ৰদান কৰা অনুমতি পত্ৰ খাৰিজ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ
কাজিৰঙাত সংঘটিত মৰ্মান্তিক পথ দুৰ্ঘটনাত কুৰিজনৰো অধিক লোকৰ প্ৰাণহানি, শীৰ্ষ নেতাসকলৰ শোক প্ৰকাশ
কাজিৰঙাৰ দুৰ্ঘটনা সন্দৰ্ভত এআইইউডিএফৰ গভীৰ শোক প্ৰকাশ
মহানগৰীত আৰক্ষীৰ কঠোৰ পদক্ষেপ, জনসাধাৰণক আমনি কৰাৰ অভিযোগত আটক ২২ জন তৃতীয় লিংগৰ ব্যক্তি
গুৱাহাটীত আৰম্ভ হ’ল ৰাষ্ট্ৰীয় ফাৰ্মাচী সপ্তাহ ২০২৬
মহানগৰীত ভেণ্ডিং জ’ন স্থাপনৰ পৰিকল্পনাত হেঙাৰ, ফুটপাথত অব্যাহত দখলদাৰী