--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতত ডায়েবেটিছে এতিয়া  মহামাৰীৰ দৰে বিয়পি পৰিছে। বিশ্বৰ ডায়েবেটিছ ৰোগীৰ ১৭ শতাংশ লোক  ভাৰততেই  বাস কৰে। সম্ভৱতঃ সেইবাবেই  ভাৰতক  ডায়েবেটিছৰ  ৰাজধানী বুলি কোৱা হয়। ডায়েবেটিছে কেৱল স্বাস্থ্যকেই প্ৰভাৱিত নকৰে, ই সঞ্চয়ৰ ক্ষেত্ৰতো প্ৰভাৱ পেলাই আহিছে।
 
 দেশত প্ৰতি ১০ জনৰ ভিতৰত ১ জন লোকৰেই  ডায়েবেটিছ আছে।  জীৱনশৈলীৰ সৈতে জৰিত  স্বাস্থ্যৰ লগতে, ই আপোনাৰ সঞ্চয়ৰ ওপৰতো প্ৰভাৱ পেলাইছে। এক শেহতীয়া  প্ৰতিবেদন অনুসৰি  ডায়েবেটিছৰ  বাবদ একোজন লোকৰ ব্যয় বছৰি প্ৰায় ১১  হাজাৰ টকাৰ পৰা ২৫ হাজাৰ টকালৈ হয়।এনে খৰচৰ ভিতৰত থাকে ঔষধ, ইনচুলিন, চিকিৎসক আৰু সঘনাই তেজ পৰীক্ষা কৰাৰ  ব্যয় আদি।

ডায়েবেটিছে শৰীৰৰ বহুতো অংশ প্ৰভাৱিত কৰে। এই ৰোগে বৃক্ক আৰু যকৃতৰ ক্ষতি কৰিব পাৰে৷  ই হৃদৰোগৰ আক্ৰমণৰ আশংকা বৃদ্ধি কৰে

এক অধ্যয়ন অনুসৰি, ভাৰতৰ মুঠ ডায়েবেটিক ৰোগীৰ এক তৃতীয়াংশৰো অধিক লোকে  মাহে ২০,০০০ টকাৰ কম উপাৰ্জন কৰে।  কম উপাৰ্জনকাৰী পৰিয়াল এটাই তেওঁলোকৰ উপাৰ্জনৰ ২০ শতাংশলৈকে  ডায়েবেটিকৰ চিকিৎসাত ব্যয় কৰিবলগীয়া হয়। যদি পৰিয়ালত এনে এজনতকৈ অধিক ব্যক্তি থাকে  তেন্তে  ব্যয় আৰু ভালে খিনি বৃদ্ধি পায়।

বীমা কোম্পানীবোৰেও এজন স্বাস্থ্যৱান ব্যক্তিতকৈ ডায়েবেটিছ থকা ব্যক্তি এজনৰ পৰা ৩০-৪০ শতাংশ অধিক প্ৰিমিয়াম পৰিশোধ কৰিবলৈ কোৱা দেখা যায়।  যদি ই টাইপ-১ ডায়েবিটিছ  হয় তেন্তে  বীমা কোম্পানীয়ে  বীমাৰ আঁচনি দিবলৈ অস্বীকাৰ কৰিবও পাৰে। আনকি আঁচনি দিলেও ৩ বছৰৰ বাবে  কোম্পানীয়ে ডায়েবেটিচ আৰু ইয়াৰ সৈতে জৰিত সমস্যাবোৰৰ বাবে পলিচী কৰা লোক জনৰ  দায়িত্ব নলবও পাৰে৷ 

সেয়ে আৰ্থিক ভাবে ক্ষতিৰ সন্মুখীন হ’বলগীয়া হয় বহু লোক। ডায়েবেটিছৰ ক্ষেত্ৰত এটা স্বাস্থ্য সন্মত জীৱনশৈলী মানি চলাটেোৱেই বুদ্ধিমানৰ কাম। জিভা নিয়ন্ত্ৰণ কৰিব পাৰিলেহে ডায়েবেটিছৰ পৰা সকাহ পাই থাকিব পাৰি। অন্যথা নাখাবলগীয়া খাদ্যৰ প্ৰতি থকা অত্যধিক লোভ সম্বৰণ কৰিব নোৱাৰিলে ৰোগ বিধে কেতিয়াবা ভাবিব নোৱাৰা বিপদো ঘটাব পাৰে।সেয়ে প্ৰয়োজন মাথো সচেতনতাৰ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লিভাৰ বেয়া হোৱাৰ ১৪টা লক্ষণ; জানি লওক আৰু সাৱধান হওক
বচ্চন পৰিয়ালত আৰ্থিক সমস্যা ! অমিতাভে বিক্ৰী কৰিলে দুটাকৈ বিলাসী ফ্লেট
নিলম্বন কৰা হ'ল হাফলং উপকাৰাগাৰৰ 'Jailer' আৰু 'Warder'ক
আকৌ উন্মোচন মহম্মদ ইউনুছৰ ভাৰত-বিৰোধী ব্লুপ্রিন্ট, অসমসহ উত্তৰ-পূৰ্বাঞ্চলক সামৰি এখন বৃহত্তৰ বাংলাদেশৰ পৰিকল্পনা
কাছাৰত পুনৰ গ্ৰেপ্তাৰ ভুৱা চিকিৎসক
ভাৰতীয় মহিলা ক্ৰিকেট দলৰ খেলুৱৈসকললৈ Tata Sierra উপহাৰ টাটা মটৰ্ছৰ
'হেছটেগ জাষ্টিচ ফৰ জুবিন গাৰ্গ'এ স্পর্শ কৰিলে ৪.১ মিলিয়ন, অসমীয়াৰ ডিজিটেল আন্দোলনৰ অভিলেখ
প্রধানমন্ত্রী মোদী দেখিবলৈও সুন্দৰ, তেওঁ মহান ব্যক্তি; মোদীৰ প্ৰশংসাত পঞ্চমুখ মাৰ্কিন ৰাষ্ট্ৰপতি ট্রাম্প
ৰৈ ৰৈ বিনালে চাবলৈ নোপোৱা দুখে দহিছে মাজুলীবাসীক ; মাজুলীত ছবিগৃহ নিৰ্মাণ কৰাৰ কথা মঞ্চত ঘোষণা কৰিছিল জুবিন গাৰ্গে
বাংলাদেশৰ জাতীয় সংগীত গোৱা কংগ্ৰেছীৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ তৰিব অসম চৰকাৰে
জুবিনৰ শক্তি! ‘ৰৈ ৰৈ বিনালে’ৰ বাবে অসমত এটাও দৰ্শনী পোৱা নাই আজি মুক্তি পোৱা ‘বাহুবলী ৩’য়ে
৩৩ বছৰৰ পাছত পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা কৰিব আমেৰিকাই, ৰাছিয়া-চীনক লক্ষ্য কৰি ট্ৰাম্পৰ ঘোষণা
বল্লভভাই পেটেলক স্মৰণ কৰি বিশাল পেৰেডেৰে আজি একতা দিৱস উদযাপন; অনুষ্ঠানত উপস্থিত প্ৰধানমন্ত্ৰী মোদী
শিৱসাগৰত ভয়াৱহ পথ দুৰ্ঘটনা!  দুজনৰ অৱস্থা সংকটজনক