--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতত ডায়েবেটিছে এতিয়া  মহামাৰীৰ দৰে বিয়পি পৰিছে। বিশ্বৰ ডায়েবেটিছ ৰোগীৰ ১৭ শতাংশ লোক  ভাৰততেই  বাস কৰে। সম্ভৱতঃ সেইবাবেই  ভাৰতক  ডায়েবেটিছৰ  ৰাজধানী বুলি কোৱা হয়। ডায়েবেটিছে কেৱল স্বাস্থ্যকেই প্ৰভাৱিত নকৰে, ই সঞ্চয়ৰ ক্ষেত্ৰতো প্ৰভাৱ পেলাই আহিছে।
 
 দেশত প্ৰতি ১০ জনৰ ভিতৰত ১ জন লোকৰেই  ডায়েবেটিছ আছে।  জীৱনশৈলীৰ সৈতে জৰিত  স্বাস্থ্যৰ লগতে, ই আপোনাৰ সঞ্চয়ৰ ওপৰতো প্ৰভাৱ পেলাইছে। এক শেহতীয়া  প্ৰতিবেদন অনুসৰি  ডায়েবেটিছৰ  বাবদ একোজন লোকৰ ব্যয় বছৰি প্ৰায় ১১  হাজাৰ টকাৰ পৰা ২৫ হাজাৰ টকালৈ হয়।এনে খৰচৰ ভিতৰত থাকে ঔষধ, ইনচুলিন, চিকিৎসক আৰু সঘনাই তেজ পৰীক্ষা কৰাৰ  ব্যয় আদি।

ডায়েবেটিছে শৰীৰৰ বহুতো অংশ প্ৰভাৱিত কৰে। এই ৰোগে বৃক্ক আৰু যকৃতৰ ক্ষতি কৰিব পাৰে৷  ই হৃদৰোগৰ আক্ৰমণৰ আশংকা বৃদ্ধি কৰে

এক অধ্যয়ন অনুসৰি, ভাৰতৰ মুঠ ডায়েবেটিক ৰোগীৰ এক তৃতীয়াংশৰো অধিক লোকে  মাহে ২০,০০০ টকাৰ কম উপাৰ্জন কৰে।  কম উপাৰ্জনকাৰী পৰিয়াল এটাই তেওঁলোকৰ উপাৰ্জনৰ ২০ শতাংশলৈকে  ডায়েবেটিকৰ চিকিৎসাত ব্যয় কৰিবলগীয়া হয়। যদি পৰিয়ালত এনে এজনতকৈ অধিক ব্যক্তি থাকে  তেন্তে  ব্যয় আৰু ভালে খিনি বৃদ্ধি পায়।

বীমা কোম্পানীবোৰেও এজন স্বাস্থ্যৱান ব্যক্তিতকৈ ডায়েবেটিছ থকা ব্যক্তি এজনৰ পৰা ৩০-৪০ শতাংশ অধিক প্ৰিমিয়াম পৰিশোধ কৰিবলৈ কোৱা দেখা যায়।  যদি ই টাইপ-১ ডায়েবিটিছ  হয় তেন্তে  বীমা কোম্পানীয়ে  বীমাৰ আঁচনি দিবলৈ অস্বীকাৰ কৰিবও পাৰে। আনকি আঁচনি দিলেও ৩ বছৰৰ বাবে  কোম্পানীয়ে ডায়েবেটিচ আৰু ইয়াৰ সৈতে জৰিত সমস্যাবোৰৰ বাবে পলিচী কৰা লোক জনৰ  দায়িত্ব নলবও পাৰে৷ 

সেয়ে আৰ্থিক ভাবে ক্ষতিৰ সন্মুখীন হ’বলগীয়া হয় বহু লোক। ডায়েবেটিছৰ ক্ষেত্ৰত এটা স্বাস্থ্য সন্মত জীৱনশৈলী মানি চলাটেোৱেই বুদ্ধিমানৰ কাম। জিভা নিয়ন্ত্ৰণ কৰিব পাৰিলেহে ডায়েবেটিছৰ পৰা সকাহ পাই থাকিব পাৰি। অন্যথা নাখাবলগীয়া খাদ্যৰ প্ৰতি থকা অত্যধিক লোভ সম্বৰণ কৰিব নোৱাৰিলে ৰোগ বিধে কেতিয়াবা ভাবিব নোৱাৰা বিপদো ঘটাব পাৰে।সেয়ে প্ৰয়োজন মাথো সচেতনতাৰ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ