--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চিনেমাৰ পৰ্দালৈ ঘূৰি আহিছে ছুপাৰষ্টাৰ ৰজনীকান্ত। উতলি উঠিছে সমগ্ৰ দক্ষিণ ভাৰত। বিশেষকৈ তামিলনাডু, কৰ্ণাটকৰ দৰে ৰাজ্যৰ ‘থালাইভা’ অনুৰাগীৰ উৎসাহ স্পষ্ট। ১০ আগষ্টত সমগ্ৰ দেশতে মুক্তি পাব ৰজনীকান্তৰ ছবি ‘জেইলাৰ’। আনকি ছবিখনৰ মুক্তিৰ উপলক্ষে বেংগালুৰুৰ চেন্নাইৰ দৰে চহৰতো বন্ধৰ দিন ঘোষণা কৰা হৈছে।

ৰজনীকান্ত মেগাষ্টাৰ। তেওঁৰ জনপ্ৰিয়তা সমগ্ৰ বিশ্বতে বিয়পি পৰা। ইয়াৰ প্ৰমাণো পোৱা গৈছে। কেৱল তেওঁৰ ছবি চাবলৈকে জাপানৰ পৰা ভাৰতলৈ আহিছে এহাল দম্পতী।

জাপানৰ ওছাকা প্ৰদেশৰ পৰা ভাৰতৰ চেন্নাইত উপস্থিত হয় এহাল জাপানী দম্পতী।  ‘জেইলাৰ’ৰ প্ৰথম দিনৰ প্ৰথম শ্ব’ চাবলৈ তেওঁলোক হৈছে। যশুদা হিদেতোছি জাপানৰ ‘ৰজনীকান্ত ফেন ক্লাব’ৰ নেত্ৰী। যোৱা ২০ বছৰ ধৰি তেওঁ ৰজনীৰ অনুৰাগী। যশুদাই কোনো কাৰণতে ৰজনীকান্তৰ ছবিখন মিছ কৰিব নিবিচাৰে। সেয়ে থালাইভাৰ চিনেমা চাবলৈ ১০ আগষ্টত পত্নীৰ সৈতে চেন্নাইত উপস্থিত হয়। ছৱিখনক লৈ যে জাপানী দম্পতীহালে যে অতিশয় উৎসাহিত সেয়া তেওঁলোকৰ সাজ-পোছাকৰ পৰাই স্পষ্ট হৈ পৰিছে। ৰজনীকান্তৰ ছৱি থকা চাৰ্ট পিন্ধি ছবিখন চোৱাৰ পৰিকল্পনা কৰিছে।

বিশ্বৰ বিভিন্ন প্ৰান্তৰ মুঠ ৪০০০ পৰ্দাত মুক্তি লাভ কৰিছে ৰজনীকান্তৰ ‘জেইলাৰ’। এই ৪০০০খন পৰ্দাৰ ভিতৰত ৮০০খন পৰ্দা তামিলনাডু ৰাজ্যৰ। নতুন ছবিখন মুক্তি পোৱাৰ পূৰ্বে থালাইভাই দৰে হিমালয়লৈ যাত্ৰা কৰিছিল। অৱশ্যে যাত্ৰাৰ পূৰ্বে অনুৰাগীসকলক ছবিসমূহ চাবলৈ অনুৰোধ কৰিবলৈ নাপাহৰিলে ৰজনীকান্তে।\

FOLLOW US F
POPULAR
FEATURE
TRENDY
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ