--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চিনেমাৰ পৰ্দালৈ ঘূৰি আহিছে ছুপাৰষ্টাৰ ৰজনীকান্ত। উতলি উঠিছে সমগ্ৰ দক্ষিণ ভাৰত। বিশেষকৈ তামিলনাডু, কৰ্ণাটকৰ দৰে ৰাজ্যৰ ‘থালাইভা’ অনুৰাগীৰ উৎসাহ স্পষ্ট। ১০ আগষ্টত সমগ্ৰ দেশতে মুক্তি পাব ৰজনীকান্তৰ ছবি ‘জেইলাৰ’। আনকি ছবিখনৰ মুক্তিৰ উপলক্ষে বেংগালুৰুৰ চেন্নাইৰ দৰে চহৰতো বন্ধৰ দিন ঘোষণা কৰা হৈছে।

ৰজনীকান্ত মেগাষ্টাৰ। তেওঁৰ জনপ্ৰিয়তা সমগ্ৰ বিশ্বতে বিয়পি পৰা। ইয়াৰ প্ৰমাণো পোৱা গৈছে। কেৱল তেওঁৰ ছবি চাবলৈকে জাপানৰ পৰা ভাৰতলৈ আহিছে এহাল দম্পতী।

জাপানৰ ওছাকা প্ৰদেশৰ পৰা ভাৰতৰ চেন্নাইত উপস্থিত হয় এহাল জাপানী দম্পতী।  ‘জেইলাৰ’ৰ প্ৰথম দিনৰ প্ৰথম শ্ব’ চাবলৈ তেওঁলোক হৈছে। যশুদা হিদেতোছি জাপানৰ ‘ৰজনীকান্ত ফেন ক্লাব’ৰ নেত্ৰী। যোৱা ২০ বছৰ ধৰি তেওঁ ৰজনীৰ অনুৰাগী। যশুদাই কোনো কাৰণতে ৰজনীকান্তৰ ছবিখন মিছ কৰিব নিবিচাৰে। সেয়ে থালাইভাৰ চিনেমা চাবলৈ ১০ আগষ্টত পত্নীৰ সৈতে চেন্নাইত উপস্থিত হয়। ছৱিখনক লৈ যে জাপানী দম্পতীহালে যে অতিশয় উৎসাহিত সেয়া তেওঁলোকৰ সাজ-পোছাকৰ পৰাই স্পষ্ট হৈ পৰিছে। ৰজনীকান্তৰ ছৱি থকা চাৰ্ট পিন্ধি ছবিখন চোৱাৰ পৰিকল্পনা কৰিছে।

বিশ্বৰ বিভিন্ন প্ৰান্তৰ মুঠ ৪০০০ পৰ্দাত মুক্তি লাভ কৰিছে ৰজনীকান্তৰ ‘জেইলাৰ’। এই ৪০০০খন পৰ্দাৰ ভিতৰত ৮০০খন পৰ্দা তামিলনাডু ৰাজ্যৰ। নতুন ছবিখন মুক্তি পোৱাৰ পূৰ্বে থালাইভাই দৰে হিমালয়লৈ যাত্ৰা কৰিছিল। অৱশ্যে যাত্ৰাৰ পূৰ্বে অনুৰাগীসকলক ছবিসমূহ চাবলৈ অনুৰোধ কৰিবলৈ নাপাহৰিলে ৰজনীকান্তে।\

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু