--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অভিনেত্ৰী জেকলিন ফাৰ্নাণ্ডেজৰ কথিত প্ৰেমিক সুকেশ চন্দ্ৰশেখৰৰ বিৰুদ্ধে ২০০ কোটি টকাৰ আৰ্থিক কেলেংকাৰীৰ অভিযোগ আছে। বৰ্তমান তেওঁ দিল্লীৰ মণ্ডোলী কাৰাগাৰত বন্দী হৈ আছে। সুকেশৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল অভিনেত্ৰীগৰাকী। এই জালিয়াতিৰ গোচৰৰ তদন্তৰ বাবে বিগত এটা বছৰত জেকলিনে কেইবাবাৰো আদালতত হাজিৰ হ’বলগীয়া হৈছিল।

১১ আগষ্ট তাৰিখে অভিনেত্ৰী গৰাকীৰ জন্মদিন। সেয়ে কাৰাগাৰৰ পৰাই সুকেশে গোটেই প্ৰেম চিঠি এখন লিখিলে। সুকেশে সেই চিঠিখন উকীল অনন্ত মালিকৰ হাতেৰে জেকলিনলৈ পঠিয়াই দিলে।

চিঠিখনৰ প্ৰতিটো অধ্যায়তে তেওঁ জেকলিনৰ প্ৰতি থকা প্ৰেমৰ কথা প্ৰকাশ কৰিছিল। কেৱল সেয়াই নহয়, জেকুলিনক মিছ কৰাৰ কথাও তাত লিখে।

চিঠিখনৰ আৰম্ভণিতে সুকেশে জেকলিনক ‘বেবী গাৰ্ল’ বুলি সম্বোধন কৰিছিল। তেওঁ লিখিছে, "আজি মোৰ জীৱনৰ আটাইতকৈ সুখৰ দিন। মোৰ নিজৰ জন্মদিনতকৈ এই দিনটো বেছি গুৰুত্বপূৰ্ণ। তুমি হয়তো নাজানা যে সময়ৰ লগে লগে প্ৰতিদিনে অধিক ধুনীয়া হৈ পৰিছা। মই তোমাক কিমান মিছ কৰো তোমাৰ কোনো ধাৰণা নাই। পুৰণি স্মৃতিবোৰ আজি বৰ প্ৰাঞ্জল হৈ পৰিছে। মই নিজে বনোৱা কাৰ্ড এখন পঠাইছো। য'ত আমাৰ কিছুমান স্মৃতি আঁকিলোঁ।’’

চিঠিখনৰ শেষত সুকেশে জেকলিনক লিখিছে- "এই বছৰো মই তোমাৰ লগত থাকিব নোৱাৰিলোঁ। কিন্তু প্ৰতিশ্ৰুতি দিছো, অহা বছৰ আমাৰ জন্মদিনত আমি একেলগে থাকিম।''

বৰ্তমান জেকুলিন আমেৰিকাত আছে। তাতেই জন্মদিন উদযাপন কৰিছে অভিনেত্ৰীগৰাকীয়ে। অভিনেত্ৰীগৰাকীয়ে তেওঁলোকৰ সম্পৰ্কক অস্বীকাৰ কৰি আহিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু