--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অভিনেত্ৰী জেকলিন ফাৰ্নাণ্ডেজৰ কথিত প্ৰেমিক সুকেশ চন্দ্ৰশেখৰৰ বিৰুদ্ধে ২০০ কোটি টকাৰ আৰ্থিক কেলেংকাৰীৰ অভিযোগ আছে। বৰ্তমান তেওঁ দিল্লীৰ মণ্ডোলী কাৰাগাৰত বন্দী হৈ আছে। সুকেশৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল অভিনেত্ৰীগৰাকী। এই জালিয়াতিৰ গোচৰৰ তদন্তৰ বাবে বিগত এটা বছৰত জেকলিনে কেইবাবাৰো আদালতত হাজিৰ হ’বলগীয়া হৈছিল।

১১ আগষ্ট তাৰিখে অভিনেত্ৰী গৰাকীৰ জন্মদিন। সেয়ে কাৰাগাৰৰ পৰাই সুকেশে গোটেই প্ৰেম চিঠি এখন লিখিলে। সুকেশে সেই চিঠিখন উকীল অনন্ত মালিকৰ হাতেৰে জেকলিনলৈ পঠিয়াই দিলে।

চিঠিখনৰ প্ৰতিটো অধ্যায়তে তেওঁ জেকলিনৰ প্ৰতি থকা প্ৰেমৰ কথা প্ৰকাশ কৰিছিল। কেৱল সেয়াই নহয়, জেকুলিনক মিছ কৰাৰ কথাও তাত লিখে।

চিঠিখনৰ আৰম্ভণিতে সুকেশে জেকলিনক ‘বেবী গাৰ্ল’ বুলি সম্বোধন কৰিছিল। তেওঁ লিখিছে, "আজি মোৰ জীৱনৰ আটাইতকৈ সুখৰ দিন। মোৰ নিজৰ জন্মদিনতকৈ এই দিনটো বেছি গুৰুত্বপূৰ্ণ। তুমি হয়তো নাজানা যে সময়ৰ লগে লগে প্ৰতিদিনে অধিক ধুনীয়া হৈ পৰিছা। মই তোমাক কিমান মিছ কৰো তোমাৰ কোনো ধাৰণা নাই। পুৰণি স্মৃতিবোৰ আজি বৰ প্ৰাঞ্জল হৈ পৰিছে। মই নিজে বনোৱা কাৰ্ড এখন পঠাইছো। য'ত আমাৰ কিছুমান স্মৃতি আঁকিলোঁ।’’

চিঠিখনৰ শেষত সুকেশে জেকলিনক লিখিছে- "এই বছৰো মই তোমাৰ লগত থাকিব নোৱাৰিলোঁ। কিন্তু প্ৰতিশ্ৰুতি দিছো, অহা বছৰ আমাৰ জন্মদিনত আমি একেলগে থাকিম।''

বৰ্তমান জেকুলিন আমেৰিকাত আছে। তাতেই জন্মদিন উদযাপন কৰিছে অভিনেত্ৰীগৰাকীয়ে। অভিনেত্ৰীগৰাকীয়ে তেওঁলোকৰ সম্পৰ্কক অস্বীকাৰ কৰি আহিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ