--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জ্ঞানৱাপী মছজিদৰএক বিশেষ অংশত  পূজা অব্যাহত থাকিব। এলাহাবাদ উচ্চ ন্যায়ালয়ে বাৰাণসী জিলা আদালতৰ আদেশ বাহাল ৰাখি এই ৰায়োন কৰে । উচ্চ ন্যায়ালয়ে কয় যে গোচৰটোৰ শুনানি চলি থকাৰ মাজতে  মন্দিৰ চৌহদত পূজা অনুষ্ঠিত কৰিব পাৰিব।

শেহতীয়াকৈ এএছআইৰ প্ৰতিবেদনত কোৱা হৈছে যে মছজিদৰ ৱুজুখানা চৌহদতো এটা শিৱলিংগৰ অস্তিত্ব পোৱা গৈছে। প্ৰতিবেদনখনত হনুমান, বিষ্ণু আৰু নন্দীৰ মূৰ্তিৰ কথাও উল্লেখ কৰা হৈছিল। মধ্যযুগীয় দেৱ-দেৱীৰ মূৰ্তি আৰু ভাস্কৰ্যও পোৱা গৈছে বুলি জানিব পৰা গৈছে। এই প্ৰতিবেদনৰ পিছত মছজিদত উপাসনা কৰাৰ অনুমতি বিচাৰি বাৰাণসী জিলা আদালতৰ কাষ চাপিছিল ভক্তই । দুদিন পূৰ্বে বাৰাণসী জিলা আদালতে হিন্দু ভক্তসকলক 'ব্যাস কা টয়খানা' চৌহদত উপাসনা কৰিবলৈ অনুমতি দিছিল। এই নিৰ্দেশৰ কেইঘণ্টামান পিছত মাজনিশা পূজা আৰু আৰতি আৰম্ভ হৈছিল। হিন্দু পক্ষই প্ৰশাসনৰ উপস্থিতিত পূজা আৰম্ভ কৰিছিল।

 অঞ্জুমান ইন্তেজামিয়া মছজিদ সমিতিয়ে জিলা আদালতৰ আদেশক উচ্চতম ন্যায়ালয়ত প্ৰত্যাহ্বান জনাইছিল। বৃহস্পতিবাৰে নিশা মুছলমান পক্ষই গোচৰটোৰ জৰুৰী শুনানিৰ বাবে উচ্চতম ন্যায়ালয়ত আবেদন  কৰিছিল। আবেদনত কোৱা হৈছিল যে যোগী প্ৰশাসনে হিন্দু পক্ষৰ সৈতে মিত্ৰতা কৰি ৰাতিটোৰ ভিতৰতে জিলা আদালতৰ আদেশ কাৰ্যকৰী কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে। 

সেয়েহে এই বিষয়ত  তাৎক্ষণিক পদক্ষেপ লোৱাটো গুৰুত্বপূৰ্ণ। অৱশ্যে উচ্চতম ন্যায়ালয়ৰ পঞ্জীয়কে মুছলমান পক্ষৰ অধিবক্তাসকলক এলাহাবাদ উচ্চ ন্যায়ালয়ৰ কাষ চাপিবলৈ কয়।ইয়াৰ পিছত মছজিদ কৰ্তৃপক্ষই এলাহাবাদ উচ্চ ন্যায়ালয়ৰ কাষ চাপে। কিন্তু তেওঁলোকে কোনো সকাহ নাপালে । এলাহাবাদ উচ্চ ন্যায়ালয়ে কৈছে যে গোচৰটো চলি থকাৰ   সময়তো তাত  পূজা বন্ধ কৰিব পৰা নাযাব। ন্যায়াধীশ ৰোহিত ৰঞ্জন আগৰৱালাই কয়  যে চৰকাৰে মছজিদ চৌহদৰ ভিতৰত আৰু বাহিৰত শান্তি আৰু শৃংখলা নিশ্চিত কৰিব লাগিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক