--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জ্ঞানৱাপী মছজিদৰএক বিশেষ অংশত  পূজা অব্যাহত থাকিব। এলাহাবাদ উচ্চ ন্যায়ালয়ে বাৰাণসী জিলা আদালতৰ আদেশ বাহাল ৰাখি এই ৰায়োন কৰে । উচ্চ ন্যায়ালয়ে কয় যে গোচৰটোৰ শুনানি চলি থকাৰ মাজতে  মন্দিৰ চৌহদত পূজা অনুষ্ঠিত কৰিব পাৰিব।

শেহতীয়াকৈ এএছআইৰ প্ৰতিবেদনত কোৱা হৈছে যে মছজিদৰ ৱুজুখানা চৌহদতো এটা শিৱলিংগৰ অস্তিত্ব পোৱা গৈছে। প্ৰতিবেদনখনত হনুমান, বিষ্ণু আৰু নন্দীৰ মূৰ্তিৰ কথাও উল্লেখ কৰা হৈছিল। মধ্যযুগীয় দেৱ-দেৱীৰ মূৰ্তি আৰু ভাস্কৰ্যও পোৱা গৈছে বুলি জানিব পৰা গৈছে। এই প্ৰতিবেদনৰ পিছত মছজিদত উপাসনা কৰাৰ অনুমতি বিচাৰি বাৰাণসী জিলা আদালতৰ কাষ চাপিছিল ভক্তই । দুদিন পূৰ্বে বাৰাণসী জিলা আদালতে হিন্দু ভক্তসকলক 'ব্যাস কা টয়খানা' চৌহদত উপাসনা কৰিবলৈ অনুমতি দিছিল। এই নিৰ্দেশৰ কেইঘণ্টামান পিছত মাজনিশা পূজা আৰু আৰতি আৰম্ভ হৈছিল। হিন্দু পক্ষই প্ৰশাসনৰ উপস্থিতিত পূজা আৰম্ভ কৰিছিল।

 অঞ্জুমান ইন্তেজামিয়া মছজিদ সমিতিয়ে জিলা আদালতৰ আদেশক উচ্চতম ন্যায়ালয়ত প্ৰত্যাহ্বান জনাইছিল। বৃহস্পতিবাৰে নিশা মুছলমান পক্ষই গোচৰটোৰ জৰুৰী শুনানিৰ বাবে উচ্চতম ন্যায়ালয়ত আবেদন  কৰিছিল। আবেদনত কোৱা হৈছিল যে যোগী প্ৰশাসনে হিন্দু পক্ষৰ সৈতে মিত্ৰতা কৰি ৰাতিটোৰ ভিতৰতে জিলা আদালতৰ আদেশ কাৰ্যকৰী কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে। 

সেয়েহে এই বিষয়ত  তাৎক্ষণিক পদক্ষেপ লোৱাটো গুৰুত্বপূৰ্ণ। অৱশ্যে উচ্চতম ন্যায়ালয়ৰ পঞ্জীয়কে মুছলমান পক্ষৰ অধিবক্তাসকলক এলাহাবাদ উচ্চ ন্যায়ালয়ৰ কাষ চাপিবলৈ কয়।ইয়াৰ পিছত মছজিদ কৰ্তৃপক্ষই এলাহাবাদ উচ্চ ন্যায়ালয়ৰ কাষ চাপে। কিন্তু তেওঁলোকে কোনো সকাহ নাপালে । এলাহাবাদ উচ্চ ন্যায়ালয়ে কৈছে যে গোচৰটো চলি থকাৰ   সময়তো তাত  পূজা বন্ধ কৰিব পৰা নাযাব। ন্যায়াধীশ ৰোহিত ৰঞ্জন আগৰৱালাই কয়  যে চৰকাৰে মছজিদ চৌহদৰ ভিতৰত আৰু বাহিৰত শান্তি আৰু শৃংখলা নিশ্চিত কৰিব লাগিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু