--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ পিছত জ্ঞানৱাপী মছজিদ কৰ্তৃপক্ষই উচ্চতম ন্যায়ালয়তো মুখ থেকেচা খাবলগীয়া হ’ল। উচ্চতম ন্যায়ালয়ে 'তেহখানা'ত হিন্দুসকলৰ পূজা আৰু আৰতি নিষিদ্ধ কৰিবলৈ অস্বীকাৰ কৰিছেআৰু  মছজিদ চৌহদত হিন্দু পক্ষৰ ধৰ্মীয় ৰীতি-নীতি  অব্যাহত ৰাখিব পাৰিব বুলি ৰায় দিছে। উচ্চতম ন্যায়ালয়ে জ্ঞানৱাপী  হিন্দু পক্ষৰ পূজা-আৰতিৰ লগতে মুছলমানসকলেও নামাজৰ আয়োজন কৰিব পাৰিব বুলি কৈছে। স্বাভাৱিকতে  হিন্দু পক্ষ উচ্চতম ন্যায়ালয়ৰ এই আদেশত সুখী হৈ পৰা পৰিলক্ষিত হৈছে।  

বাৰাণসী জিলা আদালতে জ্ঞানৱাপীৰ 'তেহখানা'ত হিন্দুসকলক উপাসনা কৰাৰ অনুমতি প্ৰদান কৰি  ৰায় দিয়াৰ পিছত মুছলমান পক্ষই এলাহাবাদ উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল। অৱশ্যে  উচ্চ ন্যায়ালয়েও কৈছিল যে পূজা 'তেহখানা'ত অব্যাহত থাকিব। ইয়াৰ পিছত 'অঞ্জুমান ইন্তেজামিয়া মছজিদ সমিতিয়ে' এই বিষয়ত উচ্চতম ন্যায়ালয়ত এটা গোচৰ ৰুজু কৰে। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় আৰু ন্যায়াধীশ জে বি পাৰ্দিৱালা আৰু মনোজ মিশ্ৰৰ বিচাৰপীঠে আবেদনখন খাৰিজ কৰে আৰু আদালতৰ পূৰ্বৰ ৰায়সমূহ বাহাল ৰাখে। লক্ষ্যণীয় কথাটো হ’ল  জ্ঞানৱাপীত মুঠ ৪ টা তেহখানা আছে। য'ত ১৯৯৩ চনলৈকে প্ৰাৰ্থনা অনুষ্ঠিত হৈছিল। তাত এতিয়া  নতুনকৈ হিন্দুসকলে  পূজা কৰা আৰম্ভ কৰিছে। 

বিচাৰপীঠে কয়  যে চলিত বৰ্ষৰ ১৭ আৰু ৩১ জানুৱাৰীত আদালতৰ নিৰ্দেশৰ পিছত  মুছলমান সম্প্ৰদায়ে কোনো বাধা অবিহনে নামাজ আগবঢ়াইছে। আনহাতে, হিন্দুসকলৰ উপাসনাৰ ব্যৱস্থাও তেহখানাত  আছে। এই স্থিতি বজাই ৰখা হ'ব। দুয়োটা সম্প্ৰদায়ে  চৰ্ত অনুসৰি উপাসনা কৰিব পাৰিব। অৱশ্যে আদালতে কয় যে তেহখানাত পূজাৰ অনুমতি দিয়াৰ বিষয়ে জুলাইত চূড়ান্ত সিদ্ধান্ত লোৱা হ'ব। 

 এএছআইৰ প্ৰতিবেদনত কোৱা হৈছিল যে মছজিদৰ উজুখানা চৌহদত এটা অসম্পূৰ্ণ শিৱলিং পোৱা গৈছিল। তাত হনুমান, বিষ্ণু আৰু নন্দীৰ মূৰ্তিও আছে প্ৰতিবেদনত কোৱা হৈছিল। তাত মধ্যযুগীয় দেৱ-দেৱীৰ মূৰ্তি আৰু ভাস্কৰ্যও আছে।জ্ঞানৱাপীত আধা হনুমান আৰু আধা সাপৰ ঐশ্বৰিক ভাস্কৰ্যও পোৱা গৈছে।এনে পৰিস্থিতিত, হিন্দু পক্ষক উপাসনা কৰিবলৈ দিয়া কথাটো  গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হৈছে।

২০২১ চনৰ আগষ্ট মাহত পাঁচগৰাকী হিন্দু মহিলাই জ্ঞানৱাপীৰ 'মা শ্ৰীংগৰ গৌৰী' (উজুখানা আৰু তেহখানা নামেৰেও জনাজাত) আৰু মছজিদৰ ভিতৰৰ পশ্চিম দেৱালত দেৱতাৰ মূৰ্তিত উপাসনা কৰাৰ অনুমতি বিচাৰি বাৰাণসীৰ এখন আদালতৰ কাষ চাপিছিল। বাৰাণসী সত্ৰ আদালতৰ ন্যায়াধীশ ৰবি কুমাৰ দিবাকৰৰ দ্বাৰা নিযুক্ত এখন সমিতিৰ নিৰ্দেশত জ্ঞানৱাপী মছজিদৰ ভিতৰত ভিডিঅ' জৰীপ কৰা হৈছিল। এএছআইৰ প্ৰতিবেদনো আদালতত দাখিল কৰা হৈছে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ