--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ পিছত জ্ঞানৱাপী মছজিদ কৰ্তৃপক্ষই উচ্চতম ন্যায়ালয়তো মুখ থেকেচা খাবলগীয়া হ’ল। উচ্চতম ন্যায়ালয়ে 'তেহখানা'ত হিন্দুসকলৰ পূজা আৰু আৰতি নিষিদ্ধ কৰিবলৈ অস্বীকাৰ কৰিছেআৰু  মছজিদ চৌহদত হিন্দু পক্ষৰ ধৰ্মীয় ৰীতি-নীতি  অব্যাহত ৰাখিব পাৰিব বুলি ৰায় দিছে। উচ্চতম ন্যায়ালয়ে জ্ঞানৱাপী  হিন্দু পক্ষৰ পূজা-আৰতিৰ লগতে মুছলমানসকলেও নামাজৰ আয়োজন কৰিব পাৰিব বুলি কৈছে। স্বাভাৱিকতে  হিন্দু পক্ষ উচ্চতম ন্যায়ালয়ৰ এই আদেশত সুখী হৈ পৰা পৰিলক্ষিত হৈছে।  

বাৰাণসী জিলা আদালতে জ্ঞানৱাপীৰ 'তেহখানা'ত হিন্দুসকলক উপাসনা কৰাৰ অনুমতি প্ৰদান কৰি  ৰায় দিয়াৰ পিছত মুছলমান পক্ষই এলাহাবাদ উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল। অৱশ্যে  উচ্চ ন্যায়ালয়েও কৈছিল যে পূজা 'তেহখানা'ত অব্যাহত থাকিব। ইয়াৰ পিছত 'অঞ্জুমান ইন্তেজামিয়া মছজিদ সমিতিয়ে' এই বিষয়ত উচ্চতম ন্যায়ালয়ত এটা গোচৰ ৰুজু কৰে। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় আৰু ন্যায়াধীশ জে বি পাৰ্দিৱালা আৰু মনোজ মিশ্ৰৰ বিচাৰপীঠে আবেদনখন খাৰিজ কৰে আৰু আদালতৰ পূৰ্বৰ ৰায়সমূহ বাহাল ৰাখে। লক্ষ্যণীয় কথাটো হ’ল  জ্ঞানৱাপীত মুঠ ৪ টা তেহখানা আছে। য'ত ১৯৯৩ চনলৈকে প্ৰাৰ্থনা অনুষ্ঠিত হৈছিল। তাত এতিয়া  নতুনকৈ হিন্দুসকলে  পূজা কৰা আৰম্ভ কৰিছে। 

বিচাৰপীঠে কয়  যে চলিত বৰ্ষৰ ১৭ আৰু ৩১ জানুৱাৰীত আদালতৰ নিৰ্দেশৰ পিছত  মুছলমান সম্প্ৰদায়ে কোনো বাধা অবিহনে নামাজ আগবঢ়াইছে। আনহাতে, হিন্দুসকলৰ উপাসনাৰ ব্যৱস্থাও তেহখানাত  আছে। এই স্থিতি বজাই ৰখা হ'ব। দুয়োটা সম্প্ৰদায়ে  চৰ্ত অনুসৰি উপাসনা কৰিব পাৰিব। অৱশ্যে আদালতে কয় যে তেহখানাত পূজাৰ অনুমতি দিয়াৰ বিষয়ে জুলাইত চূড়ান্ত সিদ্ধান্ত লোৱা হ'ব। 

 এএছআইৰ প্ৰতিবেদনত কোৱা হৈছিল যে মছজিদৰ উজুখানা চৌহদত এটা অসম্পূৰ্ণ শিৱলিং পোৱা গৈছিল। তাত হনুমান, বিষ্ণু আৰু নন্দীৰ মূৰ্তিও আছে প্ৰতিবেদনত কোৱা হৈছিল। তাত মধ্যযুগীয় দেৱ-দেৱীৰ মূৰ্তি আৰু ভাস্কৰ্যও আছে।জ্ঞানৱাপীত আধা হনুমান আৰু আধা সাপৰ ঐশ্বৰিক ভাস্কৰ্যও পোৱা গৈছে।এনে পৰিস্থিতিত, হিন্দু পক্ষক উপাসনা কৰিবলৈ দিয়া কথাটো  গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হৈছে।

২০২১ চনৰ আগষ্ট মাহত পাঁচগৰাকী হিন্দু মহিলাই জ্ঞানৱাপীৰ 'মা শ্ৰীংগৰ গৌৰী' (উজুখানা আৰু তেহখানা নামেৰেও জনাজাত) আৰু মছজিদৰ ভিতৰৰ পশ্চিম দেৱালত দেৱতাৰ মূৰ্তিত উপাসনা কৰাৰ অনুমতি বিচাৰি বাৰাণসীৰ এখন আদালতৰ কাষ চাপিছিল। বাৰাণসী সত্ৰ আদালতৰ ন্যায়াধীশ ৰবি কুমাৰ দিবাকৰৰ দ্বাৰা নিযুক্ত এখন সমিতিৰ নিৰ্দেশত জ্ঞানৱাপী মছজিদৰ ভিতৰত ভিডিঅ' জৰীপ কৰা হৈছিল। এএছআইৰ প্ৰতিবেদনো আদালতত দাখিল কৰা হৈছে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু