--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নিজৰ জন্মদিনৰ দিনাই মৃত্যুক সাবটিলে এজনী কণমানি ছোৱালীয়ে। মৃত্যু মানেই দুখৰ বিষয় কিন্তু কিছুমান মৃত্যুৰ ঘটনা ইমানেই বেদনাদায়ক যে সকলোৰে অন্তৰে কান্দি উঠে। জন্মদিন বুলি আনন্দত অধীৰ হৈ আছিল মানৱী নামৰ ১০ বছৰীয়া ছোৱালীজনী। মানৱীৰ জন্মদিন বাবেই অভিভাৱকে অনলাইনত অৰ্ডাৰ কৰি আনিলে এটা কেক। সেই কেক খায়ে মৃত্যুক সাবটি ল'লে মানৱীয়ে। এই কৰুণ ঘটনা সংঘটিত হৈছে পঞ্জাৱৰ পাটিয়ালাত। 

জন্মদিনৰ কেক খাই ৰহস্যজনকভাৱে ১০ বছৰীয়া কন্যা শিশুটিৰ  মৃত্যু ঘটিছে। এই ঘটনাই এতিয়া শোকৰ ছাঁ পেলাইছে। ধাৰণা কৰা অনুসৰি খাদ্যৰ বিষক্ৰিয়াৰ ফলতে শিশুটিৰ মৃত্যু ঘটিছে। ছোৱালীজনীৰ ভনীয়েকেও কেকটো খাইছিল। ফলত দুই বাই-ভনী অসুস্থ হৈ পৰে।

মানৱীয়ে নিজৰ জন্মদিন বৰ আনন্দেৰে উদযাপন কৰিছিল। জন্মদিনৰ কেকটো অনলাইনত অৰ্ডাৰ কৰা হৈছিল। মানৱী আৰু তেওঁৰ ভনীয়েকে কেকটো খাইছিল। এটা ভিডিঅ'ত দেখা গৈছে যে পৰিয়ালৰ আন সদস্যসকলে মানৱীক কেক খুৱাই আছে। কেকটো খোৱাৰ পিছতে মানৱী অসুস্থ হৈ পৰ। মানৱীৰ ভনীয়েকেও বমি কৰিবলৈ আৰম্ভ কৰে। 

তেওঁলোকক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে মানৱীক মৃত ঘোষণা কৰে। অৱশ্যে, তেওঁৰ ভনীয়েকৰ কোনোমতে প্ৰাণৰক্ষা পৰিছে৷ ঘটনা সন্দৰ্ভত মানৱীৰ পৰিয়ালে এখন এজাহাৰ দাখিল কৰিছে। 

পাটিয়ালা আৰক্ষীয়ে এই মৃত্যুৰ গোচৰত তিনিজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। বেকাৰীৰ মালিক এতিয়াও পলাতক হৈ আছে। ছোৱালীজনীৰ পৰিয়ালে অনলাইন ফুড ডেলিভাৰী এপ Zomato ৰ পৰা এই কেকটো অৰ্ডাৰ কৰিছিল।

পঞ্জাৱ আৰক্ষীয়ে এই বিষয় সন্দৰ্ভত 'কেক কানহা'ৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে। কিন্তু, যি ঠিকনা দিয়া হৈছিল, সেই ঠিকনাত তেনে কোনো দোকান নাই, সেই স্থানত 'ইণ্ডিয়া বেকাৰী' নামৰ দোকান এখন আছে।

ইণ্ডিয়া বেকাৰীৰ স্বত্বাধিকাৰী গুৰপ্ৰীতে কয় যে তেওঁৰ দোকানৰ পৰা কোনো কেক লোৱা হোৱা নাই আৰু ইয়াৰ সৈতে তেওঁৰ কোনো সম্পৰ্ক নাই। 

বিষয়টোৰ তদন্ত চলি আছে আৰু শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰা হ'ব।

এইবোৰ ঘটনা দেখা বা জনাৰ পাছত সকলোৱে সাৱধান হ'বৰ হ'ল। অনলাইন ফুড সেৱাত অধিক আশ্ৰয় লোৱাতকৈ ঘৰতে ৰন্ধন-প্ৰকৰণ কৰি নিজৰ স্বাস্থ্য সুৰক্ষিত কৰাটো ভাল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
৩.৫৯%! ৰাজ্যত ছমাহত মুদ্রাস্ফীতিৰ ভয়াৱহ ৰূপ
উপভোক্তাৰ পক্ষত ই-২০ পেট্র’ল বিষয়ক প্রথমটো গোচৰৰ ৰায়
গোসাইগাঁৱৰ বল্লামগুৰিত মাৰণাস্ত্ৰসহ চাৰিজন ছুপাৰী কিলাৰক আটক
ওজন কমোৱাত সহায় কৰে ব্লেক কফিয়ে; আপুনি খায়নে?
উৰহীৰ নানা উপকাৰী গুণৰ বিষয়ে আপুনি জানেনে?
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
কঁঠাল গুটিৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ; নোখোৱাকৈ নাথাকিব
বিশ্বনাথৰ বালিপুখুৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু; হত্যাৰ অভিযোগত স্বামীসহ তিনিজনক আটক
ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ নির্মীয়মাণ সর্ববৃহৎ বান্ধে নমাব মহাপ্রলয়
ভিয়েটনামত ভয়ংকৰ নাও দুৰ্ঘটনা; ১৫ গৰাকী ভাৰতীয় পৰ্যটকৰ সলিল সমাধি
Advertisement