--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নিজৰ জন্মদিনৰ দিনাই মৃত্যুক সাবটিলে এজনী কণমানি ছোৱালীয়ে। মৃত্যু মানেই দুখৰ বিষয় কিন্তু কিছুমান মৃত্যুৰ ঘটনা ইমানেই বেদনাদায়ক যে সকলোৰে অন্তৰে কান্দি উঠে। জন্মদিন বুলি আনন্দত অধীৰ হৈ আছিল মানৱী নামৰ ১০ বছৰীয়া ছোৱালীজনী। মানৱীৰ জন্মদিন বাবেই অভিভাৱকে অনলাইনত অৰ্ডাৰ কৰি আনিলে এটা কেক। সেই কেক খায়ে মৃত্যুক সাবটি ল'লে মানৱীয়ে। এই কৰুণ ঘটনা সংঘটিত হৈছে পঞ্জাৱৰ পাটিয়ালাত। 

জন্মদিনৰ কেক খাই ৰহস্যজনকভাৱে ১০ বছৰীয়া কন্যা শিশুটিৰ  মৃত্যু ঘটিছে। এই ঘটনাই এতিয়া শোকৰ ছাঁ পেলাইছে। ধাৰণা কৰা অনুসৰি খাদ্যৰ বিষক্ৰিয়াৰ ফলতে শিশুটিৰ মৃত্যু ঘটিছে। ছোৱালীজনীৰ ভনীয়েকেও কেকটো খাইছিল। ফলত দুই বাই-ভনী অসুস্থ হৈ পৰে।

মানৱীয়ে নিজৰ জন্মদিন বৰ আনন্দেৰে উদযাপন কৰিছিল। জন্মদিনৰ কেকটো অনলাইনত অৰ্ডাৰ কৰা হৈছিল। মানৱী আৰু তেওঁৰ ভনীয়েকে কেকটো খাইছিল। এটা ভিডিঅ'ত দেখা গৈছে যে পৰিয়ালৰ আন সদস্যসকলে মানৱীক কেক খুৱাই আছে। কেকটো খোৱাৰ পিছতে মানৱী অসুস্থ হৈ পৰ। মানৱীৰ ভনীয়েকেও বমি কৰিবলৈ আৰম্ভ কৰে। 

তেওঁলোকক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে মানৱীক মৃত ঘোষণা কৰে। অৱশ্যে, তেওঁৰ ভনীয়েকৰ কোনোমতে প্ৰাণৰক্ষা পৰিছে৷ ঘটনা সন্দৰ্ভত মানৱীৰ পৰিয়ালে এখন এজাহাৰ দাখিল কৰিছে। 

পাটিয়ালা আৰক্ষীয়ে এই মৃত্যুৰ গোচৰত তিনিজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। বেকাৰীৰ মালিক এতিয়াও পলাতক হৈ আছে। ছোৱালীজনীৰ পৰিয়ালে অনলাইন ফুড ডেলিভাৰী এপ Zomato ৰ পৰা এই কেকটো অৰ্ডাৰ কৰিছিল।

পঞ্জাৱ আৰক্ষীয়ে এই বিষয় সন্দৰ্ভত 'কেক কানহা'ৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে। কিন্তু, যি ঠিকনা দিয়া হৈছিল, সেই ঠিকনাত তেনে কোনো দোকান নাই, সেই স্থানত 'ইণ্ডিয়া বেকাৰী' নামৰ দোকান এখন আছে।

ইণ্ডিয়া বেকাৰীৰ স্বত্বাধিকাৰী গুৰপ্ৰীতে কয় যে তেওঁৰ দোকানৰ পৰা কোনো কেক লোৱা হোৱা নাই আৰু ইয়াৰ সৈতে তেওঁৰ কোনো সম্পৰ্ক নাই। 

বিষয়টোৰ তদন্ত চলি আছে আৰু শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰা হ'ব।

এইবোৰ ঘটনা দেখা বা জনাৰ পাছত সকলোৱে সাৱধান হ'বৰ হ'ল। অনলাইন ফুড সেৱাত অধিক আশ্ৰয় লোৱাতকৈ ঘৰতে ৰন্ধন-প্ৰকৰণ কৰি নিজৰ স্বাস্থ্য সুৰক্ষিত কৰাটো ভাল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু