--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এলাহাবাদ উচ্চ ন্যায়ালয়ে জ্ঞানৱাপী মছজিদ কৰ্তৃপক্ষৰ দ্বাৰা 'তেহখানা'ত উপাসনা কৰাৰ অনুমতিক প্ৰত্যাহ্বান জনাই দাখিল কৰা এখন আবেদন খাৰিজ কৰিছে। অৰ্থাৎ হিন্দুধৰ্মী লোকে সেই স্থানত  উপাসনা কৰাত আৰু কোনো বাধা নাই। এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ ৰোহিত ৰঞ্জন আগৰৱালাৰ নেতৃত্বত গঠিত  এখন বিচাৰপীঠে সোমবাৰে বিষয়টোৰ শুনানি গ্ৰহণ কৰে। দুয়োপক্ষৰ যুক্তি শুনি ন্যায়াধীশে বাৰাণসী জিলা আৰু সত্ৰ আদালতৰ ৰায়ৰ বিৰুদ্ধে মছজিদ সমিতিৰ আবেদন খাৰিজ কৰে। আদালতৰ এই ৰায়ৰ পিছতে হিন্দুসকল স্বাভাৱিকতে আনন্দিত হৈ পৰিছে৷ 

 
হিন্দুসকলৰ হৈ উপস্থিত থকা অধিবক্তা প্ৰভাস পাণ্ডেই কয় যে মুছলিম সমিতিয়ে তেহখানাত পূজা কৰাৰ ক্ষেত্ৰত বাৰাণসী জিলা আদালতৰ ৰায়ক প্ৰত্যাহ্বান জনাই এলাহাবাদ উচ্চ ন্যায়ালয়ত আবেদন জনাইছিল। কিন্তু আজি, বিচাৰকে  তেওঁলোকৰ আবেদন নাকচ কৰে। পূজা অব্যাহত থাকিব। এয়া  সনাতন ধৰ্মৰ বাবে এটা ডাঙৰ বিজয়। মুছলিম পক্ষই পুনৰ আদালতৰ কাষ চাপিব পাৰে। অৱশ্যে, উপাসনা বা আৰতি বাধাপ্ৰাপ্ত নহ'ব।  

জ্ঞানৱাপীৰ 'তেহখানা'ত পূজাৰ অনুমতি দিয়া বাৰাণসী জিলা আদালতৰ আদেশক প্ৰত্যাহ্বান জনাই মুছলমান পক্ষই ২ মাৰ্চত উচ্চ ন্যায়ালয়ত আবেদন কৰিছিল।  শুনানিৰ পিছত ন্যায়াধীশে ১৫  ফেব্ৰুৱাৰীলৈ ৰায়টো সংৰক্ষিত ৰাখিছিল। সোমবাৰে উচ্চ ন্যায়ালয়ে কয়  যে তেহখানাত পূজা অব্যাহত থাকিব। লক্ষণীয় যে জ্ঞানৱাপীত মুঠ ৮ টা তেহখানা আছে। য'ত ১৯৯৩  চনলৈকে প্ৰাৰ্থনা অনুষ্ঠিত হৈছিল। এলাহাবাদ উচ্চ ন্যায়ালয়ে আদেশ দিছে যে পূজা আৰু আৰতি অব্যাহত থাকিব। 

পূৰ্বে এএছআইৰ প্ৰতিবেদনত কোৱা হৈছিল যে মছজিদৰ উজুখানা চৌহদত এটা অসম্পূৰ্ণ শিৱলিং পোৱা গৈছিল। তাত হনুমান, বিষ্ণু আৰু নন্দীৰ মূৰ্তিও আছে। মধ্যযুগীয় দেৱ-দেৱীৰ মূৰ্তি আৰু ভাস্কৰ্যও আছে। তাত আধা হনুমান আৰু আধা সাপৰ ঐশ্বৰিক ভাস্কৰ্যও পোৱা গৈছে। 

২০২১ চনৰ আগষ্ট মাহত পাঁচগৰাকী হিন্দু মহিলাই জ্ঞানৱাপীৰ 'মা শ্ৰীংগৰ গৌৰী' (ৱুজুখানা আৰু তেহখানা নামেৰেও জনাজাত) আৰু মছজিদৰ ভিতৰৰ পশ্চিম দেৱালত দেৱতাৰ মূৰ্তিত উপাসনা কৰাৰ অনুমতি বিচাৰি বাৰাণসীৰ এখন আদালতৰ কাষ চাপিছিল। বাৰাণসী সত্ৰ আদালতৰ ন্যায়াধীশ ৰবি কুমাৰ দিবাকাৰৰ দ্বাৰা নিযুক্ত এখন সমিতিৰ নিৰ্দেশত জ্ঞানৱাপী মছজিদৰ ভিতৰত ভিডিঅ' জৰীপ  কৰা হৈছিল। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী