--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিহাৰৰ দৰভঙাৰ পৰা পোহৰলৈ আহিছে হত্যাৰ এক চাঞ্চল্যকৰ গোচৰ। য'ত জন্মদিনৰ পাৰ্টিত এজন ফটোগ্ৰাফাৰক গুলীয়াই হত্যা কৰা হৈছে। জানিব পৰা মতে, কেমেৰাৰ বেটাৰী ডিচাৰ্জ হোৱাৰ বাবে ক্ষুব্ধ লোকে তেওঁৰ মুখত গুলীচালনা কৰে আৰু থিতাতে তেওঁৰ মৃত্যু হয়। পাৰ্টিত ডিজেৰ লগত বাৰ গাৰ্ল সকলে নৃত্য কৰাৰ ব্যৱস্থা কৰা হৈছিল। কেমেৰা মেন সুশীল সাহনীক গুলীচালনা কৰা হয়। যাৰ বাবে তেওঁৰ থিতাতে মৃত্যু হয়।

জানিব পৰা মতে বেটাৰী ডিচাৰ্জ হোৱাৰ পিছত প্ৰথমে সুশীল সাহনীক আক্ৰমণ কৰা হৈছিল। বেটেৰী শেষ হোৱাৰ বাবে তেওঁৰ মুখৰ ভিতৰত পিষ্টল ভৰাই গুলীচালনা কৰে। স্থানত উপস্থিত থকা লোকসকলে জনোৱা মতে, জন্মদিনৰ পাৰ্টি উদযাপন কৰা লোকসকলে ছোৱালীকেইজনীৰ সৈতে বাৰে বাৰে নাচি থকাৰ সময়তো এনেই গুলী ফুটাই আছিল।

দৰভঙা জিলাৰ বাহেৰী থানা এলেকাৰ মাখনাহা গাঁৱত সংঘটিত হৈছে এই ঘটনা। সেইদিনা একেখন গাঁৱৰ ৰাকেশ সাহনীৰ কন্যাৰ জন্মদিনৰ পাৰ্টি আছিল।এই পাৰ্টিটো কভাৰ কৰিবলৈ একেখন গাঁৱৰ ভিডিঅ' ফটোগ্ৰাফাৰ সুশীল কুমাৰ সাহনীক মাতি অনা হৈছিল।

পাৰ্টিত সুশীল সাহনীয়ে অবিৰতভাৱে ভিডিঅ’গ্ৰাফী কৰি আছিল। বহুসময়ৰ পাছত তেওঁৰ কেমেৰাৰ বেটাৰী শেষ হৈ গ’ল। ইয়াৰ পিছত তেওঁৰ লগত সুশীল আৰু ৰাকেশ নামৰ এজন যুৱক কাজিয়াত লিপ্ত হয়। সুশীলে বেটাৰী চাৰ্জ কৰি পুনৰ পাৰ্টিলৈ আহিছিল কিন্তু মদ্যপান কৰি থকা খঙাল ৰাকেশ সাহানীয়ে প্ৰথমে সুশীলক আক্ৰমণ কৰি পাছত সুশীলৰ মুখত গুলীচালনা কৰে। লগে লগে হুলস্থূলৰ সৃষ্টি হয় আৰু অভিযুক্ত ৰাকেশে সংকটজনক অৱস্থাত সুশীলক দৰভঙাৰ ডি এম চি এইচ হাস্পতাললৈ লৈ যায় আৰু গেটত এৰি পলাই যায়।

ঘটনাৰ তথ্য পোৱাৰ লগে লগে আৰক্ষীয়ে সেই স্থানত উপস্থিত হৈ সুশীলৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰি গোচৰৰ তদন্ত আৰম্ভ কৰে। মৃতকৰ পৰিয়াল শোকত ভাগি পৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু