--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিহাৰৰ দৰভঙাৰ পৰা পোহৰলৈ আহিছে হত্যাৰ এক চাঞ্চল্যকৰ গোচৰ। য'ত জন্মদিনৰ পাৰ্টিত এজন ফটোগ্ৰাফাৰক গুলীয়াই হত্যা কৰা হৈছে। জানিব পৰা মতে, কেমেৰাৰ বেটাৰী ডিচাৰ্জ হোৱাৰ বাবে ক্ষুব্ধ লোকে তেওঁৰ মুখত গুলীচালনা কৰে আৰু থিতাতে তেওঁৰ মৃত্যু হয়। পাৰ্টিত ডিজেৰ লগত বাৰ গাৰ্ল সকলে নৃত্য কৰাৰ ব্যৱস্থা কৰা হৈছিল। কেমেৰা মেন সুশীল সাহনীক গুলীচালনা কৰা হয়। যাৰ বাবে তেওঁৰ থিতাতে মৃত্যু হয়।

জানিব পৰা মতে বেটাৰী ডিচাৰ্জ হোৱাৰ পিছত প্ৰথমে সুশীল সাহনীক আক্ৰমণ কৰা হৈছিল। বেটেৰী শেষ হোৱাৰ বাবে তেওঁৰ মুখৰ ভিতৰত পিষ্টল ভৰাই গুলীচালনা কৰে। স্থানত উপস্থিত থকা লোকসকলে জনোৱা মতে, জন্মদিনৰ পাৰ্টি উদযাপন কৰা লোকসকলে ছোৱালীকেইজনীৰ সৈতে বাৰে বাৰে নাচি থকাৰ সময়তো এনেই গুলী ফুটাই আছিল।

দৰভঙা জিলাৰ বাহেৰী থানা এলেকাৰ মাখনাহা গাঁৱত সংঘটিত হৈছে এই ঘটনা। সেইদিনা একেখন গাঁৱৰ ৰাকেশ সাহনীৰ কন্যাৰ জন্মদিনৰ পাৰ্টি আছিল।এই পাৰ্টিটো কভাৰ কৰিবলৈ একেখন গাঁৱৰ ভিডিঅ' ফটোগ্ৰাফাৰ সুশীল কুমাৰ সাহনীক মাতি অনা হৈছিল।

পাৰ্টিত সুশীল সাহনীয়ে অবিৰতভাৱে ভিডিঅ’গ্ৰাফী কৰি আছিল। বহুসময়ৰ পাছত তেওঁৰ কেমেৰাৰ বেটাৰী শেষ হৈ গ’ল। ইয়াৰ পিছত তেওঁৰ লগত সুশীল আৰু ৰাকেশ নামৰ এজন যুৱক কাজিয়াত লিপ্ত হয়। সুশীলে বেটাৰী চাৰ্জ কৰি পুনৰ পাৰ্টিলৈ আহিছিল কিন্তু মদ্যপান কৰি থকা খঙাল ৰাকেশ সাহানীয়ে প্ৰথমে সুশীলক আক্ৰমণ কৰি পাছত সুশীলৰ মুখত গুলীচালনা কৰে। লগে লগে হুলস্থূলৰ সৃষ্টি হয় আৰু অভিযুক্ত ৰাকেশে সংকটজনক অৱস্থাত সুশীলক দৰভঙাৰ ডি এম চি এইচ হাস্পতাললৈ লৈ যায় আৰু গেটত এৰি পলাই যায়।

ঘটনাৰ তথ্য পোৱাৰ লগে লগে আৰক্ষীয়ে সেই স্থানত উপস্থিত হৈ সুশীলৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰি গোচৰৰ তদন্ত আৰম্ভ কৰে। মৃতকৰ পৰিয়াল শোকত ভাগি পৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী