--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাজ্যসভাৰ ৩৩ শতাংশ  সাংসদৰ বিৰুদ্ধে আছে ফৈজদাৰী গোচৰ। কেৱল সেয়াই নহয়, এইসকল সাংসদৰ সম্পত্তিৰ পৰিমাণো পৰ্বতসম। এক প্ৰতিবেদন অনুসৰি ৰাজ্যসভাৰ ৩৩ শতাংশ সাংসদৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ আছে। তেওঁলোকৰ সম্পত্তিৰ পৰিমাণেও কুবেৰকো পিছ পেলাই যাব। এছ'চিয়েশ্যন ফৰ ডেমক্ৰেটিক ৰিফৰ্মছে (এডিআৰ) শেহতীয়াকৈ এক প্ৰতিবেদন প্ৰকাশ কৰিছে।

 ইয়াত কোৱা হৈছে যে  ৰাজ্যসভাৰ ৩৩ শতাংশ সাংসদৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ আছে। তেওঁলোকৰ সম্মিলিত সম্পত্তিৰ পৰিমাণ হৈছে প্ৰায় ২০,০০০ কোটি টকা! নেচনেল ইলেকশন ৱাচ (নিউ) আৰু এডিআৰৰ এক যুটীয়া অধ্যয়ন অনুসৰি ৰাজ্যসভাৰ দুজন সাংসদে ভাৰতীয় দণ্ডবিধিৰ ৩০২ (হত্যা) ধাৰাৰ সন্মুখীন হৈছে। চাৰিজন সাংসদৰ বিৰুদ্ধে ধাৰা ৩০৭ বা হত্যাৰ চেষ্টাৰ অধীনত গোচৰ ৰুজু কৰা হৈছে। জৰীপটো ৰাজ্যসভাৰ ২২৫ জন সাংসদৰ মাজত কৰা হৈছিল।

 এডিআৰ প্ৰতিবেদনত এইবুলিও  কোৱা হৈছে যে অপৰাধমূলক গোচৰত কোনবোৰ দলৰ সাংসদ  তালিকাত আছে। দেখা গৈছে সংখ্যাৰ ক্ষেত্ৰত, বিজেপিতে সৰ্বাধিক সংখ্যক গোচৰ থকা সাংসদ আছে। ৰাজ্যসভাত দলটোৰ ৯০  জন সাংসদৰ ভিতৰত ২৩  শতাংশৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ আছে। তালিকাত দ্বিতীয়ত আছে  কংগ্ৰেছ। কংগ্ৰেছৰ ২৮ জন সাংসদৰ বিৰুদ্ধে আছে গোচৰ। তৃণমূল কংগ্ৰেছ তৃতীয় স্থানত আছে। তৃণমূল শিবিৰৰ ১৩ জন সাংসদৰ ভিতৰত পাঁচজনৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ আছে।            

এ.ডি.আৰ. প্ৰতিবেদন অনুসৰি এই  সাংসদসকলৰ সম্পত্তিৰ পৰিমাণোচকুত লগা ধৰণৰ! বৰ্তমান ৰাজ্যসভাৰ ২২৫  গৰাকী  সদস্যৰ ১৯৬০২ কোটি টকাৰ সম্পত্তি আছে । অৰ্থাৎ ৰাজ্যসভাৰ প্ৰতিজন সদস্যৰ গড় সম্পত্তি হৈছে ৮৭.১২ কোটি টকা।


FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী