--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাজ্যসভাৰ ৩৩ শতাংশ  সাংসদৰ বিৰুদ্ধে আছে ফৈজদাৰী গোচৰ। কেৱল সেয়াই নহয়, এইসকল সাংসদৰ সম্পত্তিৰ পৰিমাণো পৰ্বতসম। এক প্ৰতিবেদন অনুসৰি ৰাজ্যসভাৰ ৩৩ শতাংশ সাংসদৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ আছে। তেওঁলোকৰ সম্পত্তিৰ পৰিমাণেও কুবেৰকো পিছ পেলাই যাব। এছ'চিয়েশ্যন ফৰ ডেমক্ৰেটিক ৰিফৰ্মছে (এডিআৰ) শেহতীয়াকৈ এক প্ৰতিবেদন প্ৰকাশ কৰিছে।

 ইয়াত কোৱা হৈছে যে  ৰাজ্যসভাৰ ৩৩ শতাংশ সাংসদৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ আছে। তেওঁলোকৰ সম্মিলিত সম্পত্তিৰ পৰিমাণ হৈছে প্ৰায় ২০,০০০ কোটি টকা! নেচনেল ইলেকশন ৱাচ (নিউ) আৰু এডিআৰৰ এক যুটীয়া অধ্যয়ন অনুসৰি ৰাজ্যসভাৰ দুজন সাংসদে ভাৰতীয় দণ্ডবিধিৰ ৩০২ (হত্যা) ধাৰাৰ সন্মুখীন হৈছে। চাৰিজন সাংসদৰ বিৰুদ্ধে ধাৰা ৩০৭ বা হত্যাৰ চেষ্টাৰ অধীনত গোচৰ ৰুজু কৰা হৈছে। জৰীপটো ৰাজ্যসভাৰ ২২৫ জন সাংসদৰ মাজত কৰা হৈছিল।

 এডিআৰ প্ৰতিবেদনত এইবুলিও  কোৱা হৈছে যে অপৰাধমূলক গোচৰত কোনবোৰ দলৰ সাংসদ  তালিকাত আছে। দেখা গৈছে সংখ্যাৰ ক্ষেত্ৰত, বিজেপিতে সৰ্বাধিক সংখ্যক গোচৰ থকা সাংসদ আছে। ৰাজ্যসভাত দলটোৰ ৯০  জন সাংসদৰ ভিতৰত ২৩  শতাংশৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ আছে। তালিকাত দ্বিতীয়ত আছে  কংগ্ৰেছ। কংগ্ৰেছৰ ২৮ জন সাংসদৰ বিৰুদ্ধে আছে গোচৰ। তৃণমূল কংগ্ৰেছ তৃতীয় স্থানত আছে। তৃণমূল শিবিৰৰ ১৩ জন সাংসদৰ ভিতৰত পাঁচজনৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ আছে।            

এ.ডি.আৰ. প্ৰতিবেদন অনুসৰি এই  সাংসদসকলৰ সম্পত্তিৰ পৰিমাণোচকুত লগা ধৰণৰ! বৰ্তমান ৰাজ্যসভাৰ ২২৫  গৰাকী  সদস্যৰ ১৯৬০২ কোটি টকাৰ সম্পত্তি আছে । অৰ্থাৎ ৰাজ্যসভাৰ প্ৰতিজন সদস্যৰ গড় সম্পত্তি হৈছে ৮৭.১২ কোটি টকা।


FOLLOW US F
POPULAR
FEATURE
TRENDY
গোৱালপাৰাত অবৈধভাৱে সৰবৰাহ কৰা গৰুসহ মেঘালয়ৰ দুজন লোকক আটক
মুকালমুৱা আৰক্ষীৰ বৃহৎ সফলতা! জালত পৰিল ৯ চাইবাৰ অপৰাধী
'উইজডেন'ৰ বিশ্বৰ ৪০জন উদীয়মান ক্রিকেটাৰৰ তালিকাত ৰিয়ান পৰাগ
টিংখাঙত শোকাৱহ পথ দুৰ্ঘটনা! দুচকীয়া বাহনৰ মুখামুখি সংঘৰ্ষত দুজন নিহত, আহত দুজন
সাৱধান লখিমপুৰ সীমান্তবাসী!  অসম-অৰুণাচল সীমান্তত চলিব বোমা বিস্ফোৰণ, ৰকেট, গুলীচালনাৰ অনুশীলন
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক