--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰৰ ৰিয়াছি জিলাৰ পাছত শেহতীয়াকৈ ৰাজস্থানতো লিথিয়াম পোৱা গৈছে। ৰাজস্থানৰ ডেগানা অঞ্চলত লিথিয়ামৰ খনি পোৱা গৈছে।

ভাৰতৰ ভূতাত্ত্বিক জৰীপে ইতিমধ্যে প্ৰকাশ কৰিছে যে যোৱা ফেব্ৰুৱাৰী মাহত জম্মু-কাশ্মীৰত পোৱাতকৈ ৰাজস্থানত অধিক লিথিয়ামৰ মজুত আছে।

ইয়াৰ উপৰিও ৰাজস্থান চৰকাৰী বিষয়াসকলে দাবী কৰিছে যে ৰাজ্যখনত পোৱা লিথিয়ামৰ পৰিমাণে দেশৰ চাহিদাৰ ৮০ শতাংশতকৈও অধিক প্ৰয়োজন সহজেই পূৰণ কৰিব পাৰে। কিন্তু ৰাজস্থানত পোৱা লিথিয়ামৰ সঠিক পৰিমাণ এতিয়াও জানিব পৰা হোৱা নাই।

মন কৰিবলগীয়া যে স্মাৰ্টফোন আৰু লেপটপত ব্যৱহৃত বেটাৰীৰ অন্যতম প্ৰধান উপাদান লিথিয়াম। ইয়াৰ উপৰিও শেহতীয়া বৈদ্যুতিক বাহনত লিথিয়ামৰ ভূমিকা অপৰিসীম। সেয়েহে দেশত লিথিয়াম খনি বিচাৰি পোৱাটো নিঃসন্দেহে এক ডাঙৰ কথা।

ইফালে এতিয়ালৈকে ভাৰতে এই লিথিয়ামৰ বাবে আন দেশৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছিল। কিন্তু দেশত লিথিয়ামৰ বৃহৎ মজুত থকাৰ বাবে এই নিৰ্ভৰশীলতা হ্ৰাস পোৱাৰ সম্ভাৱনা আছে।

আমেৰিকাৰ ভূতাত্ত্বিক জৰীপৰ পৰিসংখ্যা অনুসৰি সমগ্ৰ বিশ্বৰ ভিতৰতে সৰ্বাধিক লিথিয়ামৰ মজুত থকা দেশসমূহৰ ভিতৰত ভাৰতৰ স্থান সপ্তম।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
অভিযন্তাৰ ঘৰত চলিল অভিযান! আতংকিত পত্নীয়ে জ্বলাই দিলে ২০ লাখ টকা, ৪০ লাখ নগদ ধন আৰু দামী ঘড়ী উদ্ধাৰ
গোৱালপাৰাত অবৈধভাৱে সৰবৰাহ কৰা গৰুসহ মেঘালয়ৰ দুজন লোকক আটক
মুকালমুৱা আৰক্ষীৰ বৃহৎ সফলতা! জালত পৰিল ৯ চাইবাৰ অপৰাধী
'উইজডেন'ৰ বিশ্বৰ ৪০জন উদীয়মান ক্রিকেটাৰৰ তালিকাত ৰিয়ান পৰাগ
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান