--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰৰ ৰিয়াছি জিলাৰ পাছত শেহতীয়াকৈ ৰাজস্থানতো লিথিয়াম পোৱা গৈছে। ৰাজস্থানৰ ডেগানা অঞ্চলত লিথিয়ামৰ খনি পোৱা গৈছে।

ভাৰতৰ ভূতাত্ত্বিক জৰীপে ইতিমধ্যে প্ৰকাশ কৰিছে যে যোৱা ফেব্ৰুৱাৰী মাহত জম্মু-কাশ্মীৰত পোৱাতকৈ ৰাজস্থানত অধিক লিথিয়ামৰ মজুত আছে।

ইয়াৰ উপৰিও ৰাজস্থান চৰকাৰী বিষয়াসকলে দাবী কৰিছে যে ৰাজ্যখনত পোৱা লিথিয়ামৰ পৰিমাণে দেশৰ চাহিদাৰ ৮০ শতাংশতকৈও অধিক প্ৰয়োজন সহজেই পূৰণ কৰিব পাৰে। কিন্তু ৰাজস্থানত পোৱা লিথিয়ামৰ সঠিক পৰিমাণ এতিয়াও জানিব পৰা হোৱা নাই।

মন কৰিবলগীয়া যে স্মাৰ্টফোন আৰু লেপটপত ব্যৱহৃত বেটাৰীৰ অন্যতম প্ৰধান উপাদান লিথিয়াম। ইয়াৰ উপৰিও শেহতীয়া বৈদ্যুতিক বাহনত লিথিয়ামৰ ভূমিকা অপৰিসীম। সেয়েহে দেশত লিথিয়াম খনি বিচাৰি পোৱাটো নিঃসন্দেহে এক ডাঙৰ কথা।

ইফালে এতিয়ালৈকে ভাৰতে এই লিথিয়ামৰ বাবে আন দেশৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছিল। কিন্তু দেশত লিথিয়ামৰ বৃহৎ মজুত থকাৰ বাবে এই নিৰ্ভৰশীলতা হ্ৰাস পোৱাৰ সম্ভাৱনা আছে।

আমেৰিকাৰ ভূতাত্ত্বিক জৰীপৰ পৰিসংখ্যা অনুসৰি সমগ্ৰ বিশ্বৰ ভিতৰতে সৰ্বাধিক লিথিয়ামৰ মজুত থকা দেশসমূহৰ ভিতৰত ভাৰতৰ স্থান সপ্তম।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে