--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে ৰাজ্যখনৰ হিংসাত্মক ঘটনা সন্দৰ্ভত মুখ খুলিছে। যোৱা বুধবাৰৰ পৰা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যখনত হিংসাই জোকাৰি গৈছে। ৰাজ্যৰ এটা অংশত সান্ধ্য আইন আৰোপ কৰাৰ পৰা আৰম্ভ কৰি ইণ্টাৰনেট সেৱা বন্ধ কৰালৈকে চৰকাৰে বিভিন্ন পদক্ষেপ ল’ব লগা হৈছে।

এই পৰিবেশৰ মাজতে মুখ্যমন্ত্রীয়ে প্রথমবাৰৰ বাবে ৰাজহুৱাভাৱে ৰাজ্যখনৰ হিংসাত্মক পৰিস্থিতিৰ বিষয়ে মুখ খুলিলে৷ তেওঁ ৰাইজক শান্তি-সম্প্ৰীতি বজাই ৰাখিবলৈ আহ্বান জনায়।

মুখ্যমন্ত্ৰীয়ে কয় যে যোৱা কেইদিনমানত মণিপুৰত ৬০ জন লোক হিংসাত্মক ঘটনাৰ বলি হৈছে। ইয়াৰ বাহিৰেও বহু লোক আহত হয়। বহু লোকৰ ঘৰ জ্বলিছে। এই পৰিস্থিতিৰ বাবে যিসকল দায়ী তেওঁলোকক ৰেহাই দিয়া নহ’ব বুলিও মুখ্যমন্ত্ৰীয়ে কয়। কঠোৰ শাস্তিৰ সন্মুখীন হ’ব লাগিব বুলিও সকীয়াই দিয়ে।

তেওঁ কয়, ‘’এই হিংসাত এতিয়ালৈকে ৬০ জন লোকে প্ৰাণ হেৰুৱাইছে। আহত হৈছে ২৩১জন লোক। ইয়াৰ বাহিৰেও কমেও ১৭০০ ঘৰ জ্বলি গৈছে। ৰাজ্যবাসীক শান্তি বজাই ৰাখিবলৈ আহ্বান জনাইছোঁ।”

মুখ্যমন্ত্ৰীয়ে লগতে কয়, “মণিপুৰৰ বিভিন্ন প্ৰান্তত গৃহহীন আৰু সিঁচৰতি হৈ থকা সকলোকে চৰকাৰে সহায় কৰি আছে। তেওঁলোকক নিৰাপদ স্থানলৈ লৈ যোৱা হৈছে। এই পৰ্যন্ত ২০ হাজাৰ লোকক নিৰাপদ আশ্ৰয়স্থললৈ প্ৰেৰণ কৰা হৈছে। আৰু ১০ হাজাৰ লোক গৃহহীন হৈ আছে।”

এই পৰিস্থিতিৰ বাবে দায়ীসকলক চিনাক্ত কৰিবলৈ উচ্চ পৰ্যায়ৰ তদন্ত কৰা হ’ব বুলি জানিবলৈ দিছে মুখ্যমন্ত্ৰীয়ে। কেৱল সেয়াই নহয়, পৰিস্থিতি চম্ভালিব নোৱাৰা আৰু কৰ্তব্য পালনত ব্যৰ্থ হোৱা চৰকাৰী আৰু প্ৰশাসনিক বিষয়াসকলকো কঠোৰ শাস্তি প্ৰদান কৰা হ’ব বুলিও তেওঁ কয়। একে সময়তে ৰাজ্যবাসীক ভুৱা বাতৰি আৰু উৰাবাতৰি প্ৰচাৰ নকৰিবলৈ তেওঁ আহ্বান জনায়।










FOLLOW US F
POPULAR
FEATURE
TRENDY
'উইজডেন'ৰ বিশ্বৰ ৪০জন উদীয়মান ক্রিকেটাৰৰ তালিকাত ৰিয়ান পৰাগ
টিংখাঙত শোকাৱহ পথ দুৰ্ঘটনা! দুচকীয়া বাহনৰ মুখামুখি সংঘৰ্ষত দুজন নিহত, আহত দুজন
সাৱধান লখিমপুৰ সীমান্তবাসী!  অসম-অৰুণাচল সীমান্তত চলিব বোমা বিস্ফোৰণ, ৰকেট, গুলীচালনাৰ অনুশীলন
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়