--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে ৰাজ্যখনৰ হিংসাত্মক ঘটনা সন্দৰ্ভত মুখ খুলিছে। যোৱা বুধবাৰৰ পৰা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যখনত হিংসাই জোকাৰি গৈছে। ৰাজ্যৰ এটা অংশত সান্ধ্য আইন আৰোপ কৰাৰ পৰা আৰম্ভ কৰি ইণ্টাৰনেট সেৱা বন্ধ কৰালৈকে চৰকাৰে বিভিন্ন পদক্ষেপ ল’ব লগা হৈছে।

এই পৰিবেশৰ মাজতে মুখ্যমন্ত্রীয়ে প্রথমবাৰৰ বাবে ৰাজহুৱাভাৱে ৰাজ্যখনৰ হিংসাত্মক পৰিস্থিতিৰ বিষয়ে মুখ খুলিলে৷ তেওঁ ৰাইজক শান্তি-সম্প্ৰীতি বজাই ৰাখিবলৈ আহ্বান জনায়।

মুখ্যমন্ত্ৰীয়ে কয় যে যোৱা কেইদিনমানত মণিপুৰত ৬০ জন লোক হিংসাত্মক ঘটনাৰ বলি হৈছে। ইয়াৰ বাহিৰেও বহু লোক আহত হয়। বহু লোকৰ ঘৰ জ্বলিছে। এই পৰিস্থিতিৰ বাবে যিসকল দায়ী তেওঁলোকক ৰেহাই দিয়া নহ’ব বুলিও মুখ্যমন্ত্ৰীয়ে কয়। কঠোৰ শাস্তিৰ সন্মুখীন হ’ব লাগিব বুলিও সকীয়াই দিয়ে।

তেওঁ কয়, ‘’এই হিংসাত এতিয়ালৈকে ৬০ জন লোকে প্ৰাণ হেৰুৱাইছে। আহত হৈছে ২৩১জন লোক। ইয়াৰ বাহিৰেও কমেও ১৭০০ ঘৰ জ্বলি গৈছে। ৰাজ্যবাসীক শান্তি বজাই ৰাখিবলৈ আহ্বান জনাইছোঁ।”

মুখ্যমন্ত্ৰীয়ে লগতে কয়, “মণিপুৰৰ বিভিন্ন প্ৰান্তত গৃহহীন আৰু সিঁচৰতি হৈ থকা সকলোকে চৰকাৰে সহায় কৰি আছে। তেওঁলোকক নিৰাপদ স্থানলৈ লৈ যোৱা হৈছে। এই পৰ্যন্ত ২০ হাজাৰ লোকক নিৰাপদ আশ্ৰয়স্থললৈ প্ৰেৰণ কৰা হৈছে। আৰু ১০ হাজাৰ লোক গৃহহীন হৈ আছে।”

এই পৰিস্থিতিৰ বাবে দায়ীসকলক চিনাক্ত কৰিবলৈ উচ্চ পৰ্যায়ৰ তদন্ত কৰা হ’ব বুলি জানিবলৈ দিছে মুখ্যমন্ত্ৰীয়ে। কেৱল সেয়াই নহয়, পৰিস্থিতি চম্ভালিব নোৱাৰা আৰু কৰ্তব্য পালনত ব্যৰ্থ হোৱা চৰকাৰী আৰু প্ৰশাসনিক বিষয়াসকলকো কঠোৰ শাস্তি প্ৰদান কৰা হ’ব বুলিও তেওঁ কয়। একে সময়তে ৰাজ্যবাসীক ভুৱা বাতৰি আৰু উৰাবাতৰি প্ৰচাৰ নকৰিবলৈ তেওঁ আহ্বান জনায়।










FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে