--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ প্ৰতি সঁহাৰি বৃদ্ধি পাইছে পৰিৱৰ্তনকামী জনতাৰ৷ চতুৰ্থ দিনাও নগালেণ্ডত অব্যাহত থাকে ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰা। আজি ৪ৰ্থ দিনা ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত জনতাই উষ্ম আদৰণি জনায় কংগ্ৰেছ নেতাগৰাকীক। 

আজি ৰাজ্যখনৰ মুককচাঙত এখন জনসভা সম্বোধন কৰি ৰাহুল গান্ধীয়ে হিন্দু ধৰ্ম সন্দৰ্ভত নিজৰ অভিমত ব্যক্ত কৰে ৰাহুলে। জনতাৰ সমুখত কংগ্ৰেছ সাংসদগৰাকীয়ে কয়, মই মানুহক সন্মান কৰোঁ। মই ঘৃণা বিয়পাই নুফুৰো। এয়াই মোৰ বাবে হিন্দু ধৰ্ম। 

নিজৰ হিন্দু ধৰ্মৰ জৰিয়তে বিশেষ সুবিধা ল’বলৈ কেতিয়াও প্ৰয়াস নকৰে বুলিও মন্তব্য কৰে ৰাহুল গান্ধীয়ে। হিন্দু ধৰ্মৰ নীতি–আদৰ্শ অনুযায়ী জীৱন যাপন কৰি আহিছে বুলি উল্লেখ কৰে ৰাহুলে। দেশৰ অন্য প্ৰান্তৰ দৰে উত্তৰ–পূৰ্বাঞ্চলো সমানে গুৰুত্বপূৰ্ণ। এই বাৰ্তা প্ৰেৰণ কৰিবলৈকে তেওঁ উত্তৰ–পূবত ন্যায় যাত্ৰা কৰিছে বুলি মন্তব্য কৰে কংগ্ৰেছ নেতাগৰাকীয়ে। 

জনসংখ্যা কম বাবেই উত্তৰ–পূবৰ গুৰুত্ব হ্ৰাস হ’ব নোৱাৰে বুলি উল্লেখ কৰে ৰাহুল গান্ধীয়ে। নগা চুক্তি সন্দৰ্ভতো মন্তব্য কৰে ৰাহুল গান্ধীয়ে। ২০১৫ চনতে নগা শান্তি চুক্তি স্বাক্ষৰ হৈছিল। নাগালেণ্ডৰ জনতাৰ আশা–আকাংক্ষা পূৰণৰ প্ৰতিশ্ৰুতি দিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। কিন্তু প্ৰধানমন্ত্ৰীগৰাকীয়ে আজি ৯ বছৰে নিজৰ প্ৰতিশ্ৰুতি পূৰণ কৰিব নোৱাৰিলে। ইয়াৰ বাবে তেওঁ লজ্জিত বুলি মন্তব্য কৰে কংগ্ৰেছ সাংসদগৰাকীয়ে। যদি কোনো সমস্যাৰ সমাধান নাথাকে, সমাধান আছে বুলি মিছা মাতিব নালাগে বুলি মোদীক আক্ৰমণ কৰে কংগ্ৰেছ নেতাগৰাকীয়ে।

আনহাতে, মুককচাঙত একাংশ যুৱ বাইকাৰ্ছৰ সৈতেও মত বিনিময় কৰি নগা যুৱ প্ৰজন্মৰ কাষ চপাৰ প্ৰয়াস কৰে নেতাগৰাকীয়ে। মুককচাঙৰ জনসভা সম্বোধন কৰি পুনৰ নগালেণ্ডলৈ অহাৰ প্ৰতিশ্ৰুতি দিয়ে ৰাহুল গান্ধীয়ে। দিল্লীত থাকি নগালেণ্ডবাসীৰ স্বাৰ্থ ৰক্ষা কৰিব বুলি জনতাৰ আগত ঘোষণা কৰে কংগ্ৰেছ নেতাগৰাকীয়ে। নগালেণ্ডবাসীৰ হৈ দিল্লীত এগৰাকী সৈনিক হৈ কাম কৰি যাব বুলি মন্তব্য কৰে কংগ্ৰেছ সাংসদগৰাকীয়ে। নগালেণ্ডবাসীৰ উষ্ম আদৰণি আৰু আপ্যায়নৰ বাবে কৃতজ্ঞতাও প্ৰকাশ কৰে ৰাহুলে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু