--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ প্ৰতি সঁহাৰি বৃদ্ধি পাইছে পৰিৱৰ্তনকামী জনতাৰ৷ চতুৰ্থ দিনাও নগালেণ্ডত অব্যাহত থাকে ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰা। আজি ৪ৰ্থ দিনা ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত জনতাই উষ্ম আদৰণি জনায় কংগ্ৰেছ নেতাগৰাকীক। 

আজি ৰাজ্যখনৰ মুককচাঙত এখন জনসভা সম্বোধন কৰি ৰাহুল গান্ধীয়ে হিন্দু ধৰ্ম সন্দৰ্ভত নিজৰ অভিমত ব্যক্ত কৰে ৰাহুলে। জনতাৰ সমুখত কংগ্ৰেছ সাংসদগৰাকীয়ে কয়, মই মানুহক সন্মান কৰোঁ। মই ঘৃণা বিয়পাই নুফুৰো। এয়াই মোৰ বাবে হিন্দু ধৰ্ম। 

নিজৰ হিন্দু ধৰ্মৰ জৰিয়তে বিশেষ সুবিধা ল’বলৈ কেতিয়াও প্ৰয়াস নকৰে বুলিও মন্তব্য কৰে ৰাহুল গান্ধীয়ে। হিন্দু ধৰ্মৰ নীতি–আদৰ্শ অনুযায়ী জীৱন যাপন কৰি আহিছে বুলি উল্লেখ কৰে ৰাহুলে। দেশৰ অন্য প্ৰান্তৰ দৰে উত্তৰ–পূৰ্বাঞ্চলো সমানে গুৰুত্বপূৰ্ণ। এই বাৰ্তা প্ৰেৰণ কৰিবলৈকে তেওঁ উত্তৰ–পূবত ন্যায় যাত্ৰা কৰিছে বুলি মন্তব্য কৰে কংগ্ৰেছ নেতাগৰাকীয়ে। 

জনসংখ্যা কম বাবেই উত্তৰ–পূবৰ গুৰুত্ব হ্ৰাস হ’ব নোৱাৰে বুলি উল্লেখ কৰে ৰাহুল গান্ধীয়ে। নগা চুক্তি সন্দৰ্ভতো মন্তব্য কৰে ৰাহুল গান্ধীয়ে। ২০১৫ চনতে নগা শান্তি চুক্তি স্বাক্ষৰ হৈছিল। নাগালেণ্ডৰ জনতাৰ আশা–আকাংক্ষা পূৰণৰ প্ৰতিশ্ৰুতি দিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। কিন্তু প্ৰধানমন্ত্ৰীগৰাকীয়ে আজি ৯ বছৰে নিজৰ প্ৰতিশ্ৰুতি পূৰণ কৰিব নোৱাৰিলে। ইয়াৰ বাবে তেওঁ লজ্জিত বুলি মন্তব্য কৰে কংগ্ৰেছ সাংসদগৰাকীয়ে। যদি কোনো সমস্যাৰ সমাধান নাথাকে, সমাধান আছে বুলি মিছা মাতিব নালাগে বুলি মোদীক আক্ৰমণ কৰে কংগ্ৰেছ নেতাগৰাকীয়ে।

আনহাতে, মুককচাঙত একাংশ যুৱ বাইকাৰ্ছৰ সৈতেও মত বিনিময় কৰি নগা যুৱ প্ৰজন্মৰ কাষ চপাৰ প্ৰয়াস কৰে নেতাগৰাকীয়ে। মুককচাঙৰ জনসভা সম্বোধন কৰি পুনৰ নগালেণ্ডলৈ অহাৰ প্ৰতিশ্ৰুতি দিয়ে ৰাহুল গান্ধীয়ে। দিল্লীত থাকি নগালেণ্ডবাসীৰ স্বাৰ্থ ৰক্ষা কৰিব বুলি জনতাৰ আগত ঘোষণা কৰে কংগ্ৰেছ নেতাগৰাকীয়ে। নগালেণ্ডবাসীৰ হৈ দিল্লীত এগৰাকী সৈনিক হৈ কাম কৰি যাব বুলি মন্তব্য কৰে কংগ্ৰেছ সাংসদগৰাকীয়ে। নগালেণ্ডবাসীৰ উষ্ম আদৰণি আৰু আপ্যায়নৰ বাবে কৃতজ্ঞতাও প্ৰকাশ কৰে ৰাহুলে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক