--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ পত্নী সুনীতা কেজৰিৱালে দিল্লীৰ মুখ্যমন্ত্ৰীক গ্ৰেপ্তাৰ কৰাৰ পিছৰে পৰা সংবাদ মাধ্যমত সোচ্চাৰ হৈ আহিছে। দেওবাৰে "লোকতন্ত্ৰ বচাও" ৰেলীৰ সময়তো কেজৰিৱালৰ অংগীকাৰ  পত্ৰ পঢ়ি শুনাইছিল সুনীতাই। কেজৰিৱালক ১৫  এপ্ৰিললৈকে তিহাৰ কাৰাগাৰলৈ প্ৰেৰণ কৰাৰ পিছতে কেজৰিৱাল পত্নী  সুনীতাই বিজেপি নেতৃত্বাধীন কেন্দ্ৰৰ চৰকাৰক  সমালোচনা কৰি কয়, "তেওঁলোকৰ (বিজেপি) একমাত্ৰ উদ্দেশ্য হৈছে লোকসভা নিৰ্বাচনৰ পূৰ্বে কেজৰিৱালক  কাৰাগাৰত বন্দী কৰি ৰখা।" 


 সুনীতাই কয় "তেওঁক কিয় কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে? দেশৰ ৰাইজে এই স্বৈৰাচাৰৰ উত্তৰ দিব "ত সুনীতাই সংবাদমেল সম্বোধন কৰি এনেদৰে কয়।  আজি প্ৰৱৰ্তন সঞ্চালকালয়ে আম আদমী পাৰ্টিৰ  নেতাজনক চিবিআইৰ বিশেষ ন্যায়াধীশ কাবেৰী বাৱেজাৰ সন্মুখতহাজিৰ কৰোৱাইছিল। ইয়াৰ পিছতে তেওঁক তিহাৰ কাৰাগাৰলৈ প্ৰেৰণ কৰা হয়। আদালতে  আবকাৰী কেলেংকাৰী সন্দৰ্ভত দিল্লীৰ এখন আদালতে এইবাৰ  তেওঁক ১৫ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। কেন্দ্ৰীয় তদন্তকাৰী  সংস্থাটোৱে দিল্লীৰ মুখ্যমন্ত্ৰীক নিজৰ জিম্মাত ৰাখিব নিবিচৰাৰ বাবেই তেওঁক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয়আদালতে কেজৰিৱালক  কাৰাগাৰলৈ প্ৰেৰণ কৰাৰ নিৰ্দেশ দিয়ে। 

আদালতৰ নিৰ্দেশৰ পিছতে কেজৰিৱালক   তিহাৰ কাৰাগাৰলৈ প্ৰেৰণ কৰা হ'ব। দিল্লীৰ তদানীন্তন  উপ মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াকো   আবকাৰী কেলেংকাৰীৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছিল।চিছোদিয়াকো বৰ্তমান কাৰাগাৰত ৰখা হৈছে। অৱশ্যে দিল্লীৰ মুখ্যমন্ত্ৰীয়ে কাৰাগাৰলৈ যোৱাৰ আগতে তেওঁৰ পত্নী সুনীতা আৰু দিল্লীৰ দুজন মন্ত্ৰী আতিশী আৰু সৌৰভ ভৰদ্বাজক লগ কৰিবলৈ সক্ষম হ'ব। গ্ৰেপ্তাৰ হোৱাৰ পিছত কেজৰিৱালে ইডিৰ জিম্মাৰ পৰাই চৰকাৰ চলাইছিল। 

তেওঁ তিহাৰ কাৰাগাৰৰ পৰা চৰকাৰ চলাব পাৰিবনে নাই সেয়া সন্দেহৰ বিষয় হৈ পৰিছে। কাৰণ কাৰাগাৰৰ ভিতৰত তেওঁ মোবাইল ফোন ব্যৱহাৰ কৰিব নোৱাৰিব। আবকাৰী কেলেংকাৰীৰ সন্দৰ্ভত ২১ মাৰ্চত কেন্দ্ৰীয় তদন্ত সংস্থাই দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালক  গ্ৰেপ্তাৰ কৰিছিল। কেজৰিৱালে নবাৰকৈ  ইডিৰ চমন এৰাই চলাৰ পিছতে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল। তেওঁ জেৰাৰ পূৰ্বে গ্ৰেপ্তাৰৰ পৰা সুৰক্ষাৰ বাবে আদালতত আবেদন কৰিছিল। অৱশ্যে, আদালতে তেওঁক সকাহ দিয়া নাছিল।কেজৰিৱালক আদালতে  সুৰক্ষা প্ৰদান নকৰাৰ দিনাই  ইডিয়ে তেওঁক নিজৰ  বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰিছিল। কেজৰিৱালৰ ইডি জিম্মাৰ ম্যাদ সোমবাৰে উকলি যায়।

ইডিয়ে ৰাউজ এভিনিউ আদালতক কৈছে  যে দিল্লীৰ মুখ্যমন্ত্ৰীয়ে তদন্তত সহযোগিতা কৰা নাই। । সেয়েহে, ইডিয়ে কেজৰিৱালক নিজৰ জিম্মাত ৰাখিব বিচৰা নাই। তদন্তকাৰী  সংস্থাৰ যুক্তিৰ পিছত আদালতে কেজৰিৱালক তিহাৰ কাৰাগাৰলৈ প্ৰেৰণ কৰাৰ নিৰ্দেশ দিয়ে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
আয় বহির্ভূত সম্পত্তি!  মালিগাঁৱৰ সহকাৰী কাৰ্যবাহী অভিযন্তা প্ৰণৱ বৈশ্যৰ বিৰুদ্ধে গোচৰ ৰুজু CBIৰ
১৯৭৩ চনৰ বিমান হাইজেকত জড়িত নেপালৰ প্ৰধানমন্ত্ৰী সুশীলা কাৰ্কিৰ স্বামী
মুস্তাক খানৰ দুষ্কৰ্ম! ছ'চিয়েল মিডিয়াত ছোৱালীৰ নামত ফেক একাউণ্ট খুলি বহু পুৰুষক ব্লেকমেইল
সুৰাপান নকৰা লোকৰ মাজতো লিভাৰ কেন্সাৰৰ সম্ভাৱনা বাঢ়িছে! সাৱধান হওক
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে
চীন-ৰাছিয়াৰ মিত্ৰজোঁটক ৰুধিবলৈ মার্কিন সেনাক সষ্টম হোৱাৰ নিৰ্দেশ, পেন্টাগনক সতর্ক হ'বলৈ ক'লে ৰাষ্ট্ৰপতি ট্রাম্পে
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৫ (SIIMA) ; শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দখল আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দানাৰ
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
ভাৰত-আমেৰিকাৰ সম্পৰ্কক লৈ দুশ্চিন্তাৰ কোনো কাৰণ নাই: ট্রাম্প