--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশত এখন নিৰ্বাচিত চৰকাৰ থকাৰ কথাটো যেন কেতিয়াবা বিশ্বাস কৰিব নোৱাৰা হৈ পৰে। কাৰণ চৰকাৰ এখন থাকিলেও ঔষধ কোম্পানীবোৰে নিজৰ ইচ্ছানুসৰি বৃদ্ধি কৰিব পাৰিছে ঔষধৰ দাম। এইক্ষেত্ৰত চৰকাৰ মাথো নিৰব দৰ্শক হৈ ৰৈছে ।  নিৰ্বাচনৰ পূৰ্বে ১ এপ্ৰিলৰ পৰা  ৮০০ বিধ জীৱনৰক্ষাকাৰী ঔষধৰ দাম  বৃদ্ধি হৈছে। ৰাষ্ট্ৰীয় ফাৰ্মাচিউটিকেল প্ৰাইচিং অথৰিটিয়ে (এনপিপিএ)১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ এণ্টিবায়টিক আৰু পেইনকিলাৰকে ধৰি প্ৰায় ৮০০ বিধ  ঔষধৰ মূল্য বৃদ্ধি কৰিছে। তালিকাখনত ডায়েবেটিচ আদিৰ দৰে  ৰোগৰ  ঔষধো অন্তৰ্ভুক্ত আছে। 

ফলত জ্যেষ্ঠ নাগৰিকসকল ঔষধৰ মূল্য বৃদ্ধিক লৈ চিন্তিত হৈ পৰিছে। এন.পি.পি.এ.-ৰ মতে ষ্টেৰইড, এণ্টিবায়টিক, পেইনকিলাৰ, ভিটামিন, ৰক্তচাপ-শৰ্কৰা-কলেষ্টেৰল আৰু জ্বৰ-চৰ্দি-কাহত ব্যৱহৃত  প্ৰায় ৮০০ বিধ  ঔষধৰ মূল্য বৃদ্ধি কৰা হৈছে।  বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ অধীনত পৰামৰ্শদাতা পৰিষদৰ পৰামৰ্শ অনুসৰি ঔষধৰ নতুন মূল্য নিৰ্ধাৰণ কৰা হৈছে। অৱশ্যে এইবুলিও  দাবী কৰা হৈছে যে ঔষধৰ মূল্য আন বছৰবোৰতকৈ এই বছৰ যথেষ্ট কমকৈ  বৃদ্ধি কৰা হৈছে। 

এন.পি.পি.এ.-ৰ মতে, অত্যাৱশ্যকীয় ঔষধৰ মূল্য ০.০০৫৫ শতাংশ বৃদ্ধি কৰা হৈছে। যোৱা বছৰত  বহু ঔষধৰ মূল্য কমেও ১২ শতাংশ বৃদ্ধি কৰা হৈছিল বুলি কোম্পানীবোৰে যুক্তি দিছে। ২০২২  চনত ঐষধৰ মূল্য ১০ % বৃদ্ধি কৰা হৈছিল।

ইফালে, ঔষধৰ মূল্য বৃদ্ধিক লৈ সাধাৰণ মধ্যবিত্ত পৰিয়ালবোৰ  চিন্তিত হৈ পৰিছে। অভিযোগ কৰা হৈছে যে ফাৰ্মাচিউটিকেল কোম্পানীবোৰে ৰাজনৈতিক পৃষ্ঠপোষকতাৰ বাবে এনেদৰে মূল্য বৃদ্ধি কৰি আছে। কেইদিনমান আগতে  ফাৰ্মা কোম্পানীবোৰে শাসকীয় বিজেপিৰ নিৰ্বাচনী বণ্ডত প্ৰায় ৯০০ কোটি টকা পৰিশোধ কৰিছিল বুলি জনা গৈছে । 

এতিয়া সেই ধন জনতাৰ জেপৰ পৰাই সৰকাব বিচাৰিছে ঔষধ কোম্পানীয়ে।  ৰাজনৈতিক চক্ৰই দাবী কৰে যে ঔষধৰ মূল্য বৃদ্ধি কৰাৰ সুযোগ ল’বলৈয়েই  কোম্পানীবোৰে নিৰ্বাচনী বণ্ডৰ নামত ৰাজনৈতিক দলক বৃহৎ মাত্ৰাত ধন দিছিল।   এয়া স্পষ্ট যে শেহতীয়াকৈ দৈনিক অত্যাৱশ্যকীয় ঔষধ হিচাবে পৰিগণিত হোৱা ৰক্ত শৰ্কৰা, জ্বৰৰ ঔষধৰ মূল্য কমেও ১৫  শতাংশ বৃদ্ধি পাইছে। স্বাভাৱিকতে, ঔষধৰ মূল্য বৃদ্ধি কৰি ৰোগীৰ পৰিয়ালক দৰিদ্ৰ কৰি তোলাৰ বাবে ফাৰ্মা কোম্পানী আৰু কেন্দ্ৰই যেন অভিসন্ধি ৰচনা কৰিছে, সাধাৰণ জনতাৰ এতিয়া তেনে ধাৰণাই হৈছে। 



FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু