--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশত এখন নিৰ্বাচিত চৰকাৰ থকাৰ কথাটো যেন কেতিয়াবা বিশ্বাস কৰিব নোৱাৰা হৈ পৰে। কাৰণ চৰকাৰ এখন থাকিলেও ঔধ কোম্পানীবোৰে নিজৰ ইচ্ছানুসৰি বৃদ্ধি কৰিব পাৰিছে ঔষধৰ দাম। এইক্ষেত্ৰত চৰকাৰ মাথো নিৰব দৰ্শক হৈ ৰৈছে ।  নিৰ্বাচনৰ পূৰ্বে ১ এপ্ৰিলৰ পৰা  ৮০০ বিধ জীৱনক্ষাকাৰী ঔষধৰ দাম  বৃদ্ধি হৈছে। ৰাষ্ট্ৰীয় ফাৰ্মাচিউটিকেল প্ৰাইচিং অথৰিটিয়ে (এনপিপিএ)১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ এণ্টিবায়টিক আৰু পেইনকিলাৰকে ধৰি প্ৰায় ৮০০ বিধ  ঔষধৰ মূল্য বৃদ্ধি কৰিছে। তালিকাখনত ডায়েবেটিচ আদিৰ দৰে  ৰোগৰ  ঔষধো অন্তৰ্ভুক্ত আছে। 

ফলত জ্যেষ্ঠ নাগৰিকসকল ঔষধৰ মূল্য বৃদ্ধিক লৈ চিন্তিত হৈ পৰিছে। এন.পি.পি.এ.-ৰ মতে ষ্টেৰইড, এণ্টিবায়টিক, পেইনকিলাৰ, ভিটামিন, ৰক্তচাপ-শৰ্কৰা-কলেষ্টেৰল আৰু জ্বৰ-চৰ্দি-কাহত ব্যৱহৃত  প্ৰায় ৮০০ বিধ  ঔষধৰ মূল্য বৃদ্ধি কৰা হৈছে।  বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ অধীনত পৰামৰ্শদাতা পৰিষদৰ পৰামৰ্শ অনুসৰি ঔষধৰ নতুন মূল্য নিৰ্ধাৰণ কৰা হৈছে। অৱশ্যে এইবুলিও  দাবী কৰা হৈছে যে ঔষধৰ মূল্য আন বছৰবোৰতকৈ এই বছৰ যথেষ্ট কমকৈ  বৃদ্ধি কৰা হৈছে। 

এন.পি.পি.এ.-ৰ মতে, অত্যাৱশ্যকীয় ঔষধৰ মূল্য ০.০০৫৫ শতাংশ বৃদ্ধি কৰা হৈছে। যোৱা বছৰত  বহু ঔষধৰ মূল্য কমেও ১২ শতাংশ বৃদ্ধি কৰা হৈছিল বুলি কোম্পানীবোৰে যুক্তি দিছে। ২০২২  চনত ঐষধৰ মূল্য ১০ % বৃদ্ধি কৰা হৈছিল।

ইফালে, ঔষধৰ মূল্য বৃদ্ধিক লৈ সাধাৰণ মধ্যবিত্ত পৰিয়ালবোৰ  চিন্তিত হৈ পৰিছে। অভিযোগ কৰা হৈছে যে ফাৰ্মাচিউটিকেল কোম্পানীবোৰে ৰাজনৈতিক পৃষ্ঠপোষকতাৰ বাবে এনেদৰে মূল্য বৃদ্ধি কৰি আছে। কেইদিনমান আগতে  ফাৰ্মা কোম্পানীবোৰে শাসকীয় বিজেপিৰ নিৰ্বাচনী বণ্ডত প্ৰায় ৯০০ কোটি টকা পৰিশোধ কৰিছিল বুলি জনা গৈছে । 

এতিয়া সেই ধন জনতাৰ জেপৰ পৰাই সৰকাব বিচাৰিছে ঔষধ কোম্পানীয়ে।  ৰাজনৈতিক চক্ৰই দাবী কৰে যে ঔষধৰ মূল্য বৃদ্ধি কৰাৰ সুযোগ ল’বলৈয়েই  কোম্পানীবোৰে নিৰ্বাচনী বণ্ডৰ নামত ৰাজনৈতিক দলক বৃহৎ মাত্ৰাত ধন দিছিল।   এয়া স্পষ্ট যে শেহতীয়াকৈ দৈনিক অত্যাৱশ্যকীয় ঔষধ হিচাবে পৰিগণিত হোৱা ৰক্ত শৰ্কৰা, জ্বৰৰ ঔষধৰ মূল্য কমেও ১৫  শতাংশ বৃদ্ধি পাইছে। স্বাভাৱিকতে, ঔষধৰ মূল্য বৃদ্ধি কৰি ৰোগীৰ পৰিয়ালক দৰিদ্ৰ কৰি তোলাৰ বাবে ফাৰ্মা কোম্পানী আৰু কেন্দ্ৰই যেন অভিসন্ধি ৰচনা কৰিছে, সাধাৰণ জনতাৰ এতিয়া তেনে ধাৰণাই হৈছে। 



FOLLOW US F
POPULAR
FEATURE
TRENDY
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
৩.৫৯%! ৰাজ্যত ছমাহত মুদ্রাস্ফীতিৰ ভয়াৱহ ৰূপ
উপভোক্তাৰ পক্ষত ই-২০ পেট্র’ল বিষয়ক প্রথমটো গোচৰৰ ৰায়
গোসাইগাঁৱৰ বল্লামগুৰিত মাৰণাস্ত্ৰসহ চাৰিজন ছুপাৰী কিলাৰক আটক
ওজন কমোৱাত সহায় কৰে ব্লেক কফিয়ে; আপুনি খায়নে?
উৰহীৰ নানা উপকাৰী গুণৰ বিষয়ে আপুনি জানেনে?
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
কঁঠাল গুটিৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ; নোখোৱাকৈ নাথাকিব
বিশ্বনাথৰ বালিপুখুৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু; হত্যাৰ অভিযোগত স্বামীসহ তিনিজনক আটক
ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ নির্মীয়মাণ সর্ববৃহৎ বান্ধে নমাব মহাপ্রলয়
ভিয়েটনামত ভয়ংকৰ নাও দুৰ্ঘটনা; ১৫ গৰাকী ভাৰতীয় পৰ্যটকৰ সলিল সমাধি
Advertisement