--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • কিংবদন্তি অনুসৰি প্ৰায় ১,৪০০ শতিকাৰ পৰাই তাহানিৰ ঐতিহাসিক গোভা দেওৰজাৰ অধীনত পৰম্পৰাগতভাৱে এই জোনবিল মেলা অনুষ্ঠিত হৈ আহিছে।

ডিজিটেল ডেস্ক : প্রাচীন ঐতিহ্য- পৰম্পৰাৰে সমৃদ্ধ ঐতিহাসিক গোভা দেওৰজাৰ জোনবিল মেলা এইবেলি অহা ২২ জানুৱাৰীৰ পৰা তিনিদিনীয়া বর্ণাঢ্য কাৰ্যসূচীৰে জাগীৰোড-মৰিগাঁও পথৰ জোনবিলৰ পাৰত অনুষ্ঠিত হ'ব।


কিংবদন্তি অনুসৰি প্ৰায় ১,৪০০ শতিকাৰ পৰাই তাহানিৰ ঐতিহাসিক গোভা দেওৰজাৰ অধীনত পৰম্পৰাগতভাৱে এই জোনবিল মেলা অনুষ্ঠিত হৈ আহিছে। বর্তমান গোভাৰ পৰম্পৰাগত ৰজা দীপ সিংহ দেওৰজাৰ তত্ত্বাৱধানত অনুষ্ঠিত হ'বলগীয়া এই মেলাৰ বাবে ব্যাপক প্রস্তুতি চলাইছে জোনবিল মেলা উন্নয়ন সমিতি আৰু তিৱা ৰাজদৰবাৰে। 


বিভিন্ন জাতি-জনগোষ্ঠীৰ সমন্বয়ৰ মিলনভূমি এই জোনবিলৰ পাৰত দেখিবলৈ পোৱা যাব পাহাৰ-ভৈয়ামৰ সম্প্ৰীতিৰ অন্যতম নিদর্শন বিনিময় প্রথাৰ হাট। কাৰ্যসূচী অনুসৰি মেলাৰ প্রথম দিনা পুৱা ছয় বজাত গোভা দেওৰজা চাৰিভাই দেওশাল শিৱথানত তিৱাসকলৰ ৰীতি-নীতি অনুসৰি পূজা-অর্চনা তথা মাংগলিক পৰ্বৰে আৰম্ভ হ'ব মেলাৰ কাৰ্যসূচী। ইয়াৰ পাছতে গাভৰু আম গছত হ'ব বন্তি প্রজ্বলন। ন বজাত মেলাথলীত বন্তি প্রজ্বলন কৰিব দীপ সিংহ দেওৰজাই। 


প্ৰাণৰ শিল্পী জুবিন গাৰ্গ সোঁৱৰণী শ্রদ্ধাঞ্জলি অনুষ্ঠানত বন্তি প্রজ্বলন কৰিব সীতা জখলা দুগ্ধ উৎপাদক সমবায় সমিতিৰ অধ্যক্ষ ৰঞ্জীৱ শৰ্মাই আৰু মুখ্য অতিথি হিচাপে উপস্থিত থাকিব বাঘজাপস্থিত এলষ্টন ইন্ডাষ্ট্রীজ প্রাইভেট লিমিটেডৰ মুখ্য প্রবন্ধক উদয় সিং ৰাজপুত। তিৱাসকলৰ পৰম্পৰাগত চামাদি উদ্বোধন কৰিব মৰিগাঁও জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া অনন্ত কুমাৰ গগৈয়ে। ন-বাৰ উদ্বোধন কৰিব জাগীৰোড সমজিলাৰ আয়ুক্ত হৃদয় কুমাৰ দাসে। ঠুঙি-ন' উদ্বোধন কৰিব মায়ং ৰাজহ চক্ৰৰ চক্ৰ বিষয়া প্রিয়ংকা গগৈয়ে আৰু মাৰু উদ্বোধন কৰিব জাগীৰোড থানা নাগৰিক সমিতিৰ সভাপতি প্রবীণ ডেকাই। সেইদিনা পুৱা ৯-৩৫ বজাত মূল মঞ্চ উদ্বোধন কৰিব যোৰহাটৰ বিশিষ্ট উদ্যোগপতি শিবাজী জয়চোৱালে। ৯-৫০ বজাত পতাকা উত্তোলন কৰিব গোভা দেওৰজা জোনবিল মেলা উন্নয়ন সমিতিৰ সভাপতি সোণেশ্বৰ দলৈয়ে। ১০ বজাত জোনবিল মেলাৰ গীত পৰিৱেশনৰ পাছতে স্মৃতিগ্রন্থ উন্মোচন কৰিব মৰিগাঁও জিলাৰ আয়ুক্ত অনামিকা তেৱাৰীয়ে আৰু খাৰবিল হাট পুস্তিকা উন্মোচন কৰিব মৰিগাঁও জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক অপূৰ্ব ঠাকুৰীয়াই। দুপৰীয়া ১২ বজাত মেলালৈ আগমন ঘটিব পাহাৰৰ মামা-মামীসকল। তেওঁলোকে লগত লৈ আহিব পাহাৰত উৎপাদিত কৃষি দ্রব্য আদা-হালধি, জালুক-জলকীয়া, লাও-কোমোৰাকে ধৰি বিভিন্ন প্ৰকাৰৰ সামগ্রী। ১-৩০ বজাত জোনবিলৰ পাৰত গোভাৰজা সমন্বিতে ভোজভাত খাব ৰজাৰ বা-বিষয়াসকলে। বিয়লি ৪ বজাত গোভাৰজাই পাহাৰৰ মামা-মামীসকলৰ সৈতে মত বিনিময় কৰাৰ পাছত অনুষ্ঠিত হ'বলগীয়া পাহাৰ-ভৈয়ামৰ সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰিব বিশিষ্ট সমাজকর্মী অপূর্ব ডেকাই। মেলাৰ দ্বিতীয় দিনা কাহিলিপুৱাতে সম্পাদন হ'ব ঐতিহাসিক বিনিময় প্রথাৰ হাট। এই বিনিময় কার্যসূচী উদ্বোধন কৰিব মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে। ইয়াৰ পাছতে অনুষ্ঠিত হ'ব জোনবিলত সমূহীয়া মাছ মৰা পৰ্ব। সেই দিনা পুৱা ৮-৩০ বজাত গোভাৰজা, পশ্চিম নগাঁৱৰ দেওৰজা সমন্বিতে মধ্য অসমৰ তিৱা ৰজাসকলৰ জোনবিল মেলাৰ দৰবাৰলৈ আগমন ঘটিব। ন বজাত বহুকেইগৰাকী বিশিষ্ট ব্যক্তিৰ উপস্থিতিত অনুষ্ঠিত হ'ব তিৱা লোক নৃত্য, উত্তৰ-পূব ক্ষেত্ৰ সাংস্কৃতিক কেন্দ্ৰৰ সাংস্কৃতিক অনুষ্ঠান আৰু জোনবিল সাংস্কৃতিক উৎসৱ। দুপৰীয়া ১২-৩০ বজাত অনুষ্ঠিত হ'ব মধ্য অসমৰ পৰম্পৰাগত তিৱা ৰজাসকলৰ বহু প্রতিক্ষিত ৰাজদৰবাৰ। এই ৰাজদৰবাৰত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা। ২২গৰাকী তিৱা ৰজাক মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰিব ৰাজভাত্তা। 


তিৱা স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰে আদৰণী ভাষণ দিব আৰু নির্দিষ্ট বক্তা হিচাপে উপস্থিত থাকিব মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰী। এই অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ লগতে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব মন্ত্রী পীযূষ হাজৰিকা, মন্ত্রী ডাঃ ৰণোজ পেণ্ড, কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, কাৰ্যবাহী সদস্য ডি উফিং মাছলাই। সন্মানীয় অতিথি হিচাপে তিৱা স্বায়ত্ত পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য নাৰায়ণ কুমাৰ ৰাডু কাকতী প্রমুখ্যে অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকিব। অনুষ্ঠানত আমন্ত্রিত অতিথি হিচাপে উপস্থিত থাকিব মৰিগাঁও জিলাৰ আয়ুক্ত অনামিকা তেৱাৰী আৰু আৰক্ষী অধীক্ষক প্রকাশ সোণোৱাল। সন্ধিয়া অনুষ্ঠিত হ'ব বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান। 


জোনবিল মেলাৰ অন্তিম দিনা অর্থাৎ শনিবাৰে পুৱা গোভা দেওৰজাৰ অৰম বিলত সমূহীয়া মাছ মৰা পৰ্ব অনুষ্ঠিত হ'ব। দহ বজাত অনুষ্ঠিত হ'ব কবিতাৰ মেল। এই কবিতাৰ মেল অনুষ্ঠানত অসমীয়া আৰু তিৱা ভাষাৰ কবিতা পাঠ কৰিব নির্দিষ্ট কবিসকলে। কবি মেল উদ্বোধন কৰিব তিৱা সাহিত্য সভাৰ উপ-সভাপতি ড° বিদ্যুৎ বিকাশ সেনাপতিয়ে। বিয়লি এক বজাত গোভা ৰজাই প্রতীকী ৰূপত কৰ সংগ্ৰহ কৰাৰ পাছত সন্ধিয়া সাধাৰণ সভাৰ লগে লগে সামৰণি পৰিব এই জোনবিল মেলাৰ কাৰ্যসূচী।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ