--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • এগৰাকী যুৱতীৰ অশ্লীল ভিডিঅ’ ভাইৰেল কৰাৰ ভাবুকি দি ব্লেকমেইল কৰিছিল পশ্চিমবংগৰ গোপালপুৰ উত্তৰপাৰাৰ ৰঞ্জিত সিং নামৰ এজন যুৱকে।

ডিজিটেল ডেস্ক: তিনিচুকীয়া জিলাৰ মাকুমত Artificial Intelligence চমুকৈ AI প্ৰযুক্তিৰ অপব্যৱহাৰৰ জৰিয়তে সংঘটিত হোৱা এক চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে। 


এগৰাকী যুৱতীৰ অশ্লীল ভিডিঅ’ ভাইৰেল কৰাৰ ভাবুকি দি ব্লেকমেইল কৰিছিল পশ্চিমবংগৰ গোপালপুৰ উত্তৰপাৰাৰ ৰঞ্জিত সিং নামৰ এজন যুৱকে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৰঞ্জিত সিঙক।


জানিব পৰা মতে, কিছু মাহৰ পূৰ্বে ফেচবুক আৰু ইনষ্টাগ্ৰামৰ জৰিয়তে অভিযুক্ত ৰঞ্জিত সিং আৰু মাকুমৰ এগৰাকী যুৱতীৰ মাজত চিনাকী হয়। পৰৱৰ্তী সময়ত যুৱতীগৰাকীৰ বিয়া ঠিক হোৱাত অসন্তুষ্ট হৈ যুৱকজনে সামাজিক মাধ্যমৰ পৰা যুৱতীগৰাকীৰ ফটো সংগ্ৰহ কৰি AI প্ৰযুক্তিৰ সহায়ত অশ্লীল ভিডিঅ’ নিৰ্মাণ কৰে। সেই ভিডিঅ’ ভাইৰেল কৰাৰ ভাবুকি প্ৰদান কৰি যুৱতীগৰাকীক ব্লেকমেইল কৰিবলৈ আৰম্ভ কৰে।


ফলস্বৰূপে যুৱতীগৰাকী মানসিকভাৱে ভাঙি পৰে। পৰিয়ালৰ লোকসকলে বিষয়টো অৱগত হোৱাত মাকুম আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। অভিযোগ লাভ কৰাৰ লগে লগে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে।


উপ আৰক্ষী পৰিদৰ্শক বিতু শইকীয়াৰ নেতৃত্বত আৰক্ষীৰ এটা দলে কলিকতালৈ গৈ অভিযান চলাই অভিযুক্ত যুৱকজনক আটক কৰে। তদন্ত সম্পূৰ্ণ হোৱাৰ পাছত অভিযুক্তক ন্যায়ালয়ত হাজিৰ কৰাই জে’ল হাজোতলৈ প্ৰেৰণ কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ