--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • এগৰাকী যুৱতীৰ অশ্লীল ভিডিঅ’ ভাইৰেল কৰাৰ ভাবুকি দি ব্লেকমেইল কৰিছিল পশ্চিমবংগৰ গোপালপুৰ উত্তৰপাৰাৰ ৰঞ্জিত সিং নামৰ এজন যুৱকে।

ডিজিটেল ডেস্ক: তিনিচুকীয়া জিলাৰ মাকুমত Artificial Intelligence চমুকৈ AI প্ৰযুক্তিৰ অপব্যৱহাৰৰ জৰিয়তে সংঘটিত হোৱা এক চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে। 


এগৰাকী যুৱতীৰ অশ্লীল ভিডিঅ’ ভাইৰেল কৰাৰ ভাবুকি দি ব্লেকমেইল কৰিছিল পশ্চিমবংগৰ গোপালপুৰ উত্তৰপাৰাৰ ৰঞ্জিত সিং নামৰ এজন যুৱকে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৰঞ্জিত সিঙক।


জানিব পৰা মতে, কিছু মাহৰ পূৰ্বে ফেচবুক আৰু ইনষ্টাগ্ৰামৰ জৰিয়তে অভিযুক্ত ৰঞ্জিত সিং আৰু মাকুমৰ এগৰাকী যুৱতীৰ মাজত চিনাকী হয়। পৰৱৰ্তী সময়ত যুৱতীগৰাকীৰ বিয়া ঠিক হোৱাত অসন্তুষ্ট হৈ যুৱকজনে সামাজিক মাধ্যমৰ পৰা যুৱতীগৰাকীৰ ফটো সংগ্ৰহ কৰি AI প্ৰযুক্তিৰ সহায়ত অশ্লীল ভিডিঅ’ নিৰ্মাণ কৰে। সেই ভিডিঅ’ ভাইৰেল কৰাৰ ভাবুকি প্ৰদান কৰি যুৱতীগৰাকীক ব্লেকমেইল কৰিবলৈ আৰম্ভ কৰে।


ফলস্বৰূপে যুৱতীগৰাকী মানসিকভাৱে ভাঙি পৰে। পৰিয়ালৰ লোকসকলে বিষয়টো অৱগত হোৱাত মাকুম আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। অভিযোগ লাভ কৰাৰ লগে লগে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে।


উপ আৰক্ষী পৰিদৰ্শক বিতু শইকীয়াৰ নেতৃত্বত আৰক্ষীৰ এটা দলে কলিকতালৈ গৈ অভিযান চলাই অভিযুক্ত যুৱকজনক আটক কৰে। তদন্ত সম্পূৰ্ণ হোৱাৰ পাছত অভিযুক্তক ন্যায়ালয়ত হাজিৰ কৰাই জে’ল হাজোতলৈ প্ৰেৰণ কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু