--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • সোণজান গাঁৱৰ মাজেৰে পাৰ হৈ যোৱা সদাব্যস্ত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথটোৰ জেব্ৰা ক্ৰচিঙেদি বৰডিৰাক গোঁসাই গাঁৱৰ মহিলা অনি দত্ত মহন্ত(৪৩)পাৰ হৈছিল৷

ডিজিটেল ডেস্ক: কাকপথাৰ ডিৰাক সোণজান গাঁৱত আজি বিয়লি প্ৰায় ৩ বজাত এক পথ দুৰ্ঘটনা সংঘটিত হয়৷ পথ দুৰ্ঘটনাটোত এগৰাকী মহিলাৰ মৃত্যু হয়৷ 


ঘটনাৰ বিৱৰণী মতে, সোণজান গাঁৱৰ মাজেৰে পাৰ হৈ যোৱা সদাব্যস্ত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথটোৰ জেব্ৰা ক্ৰচিঙেদি বৰডিৰাক গোঁসাই গাঁৱৰ মহিলা অনি দত্ত মহন্ত(৪৩)পাৰ হৈছিল৷


এনেতে ডিৰাক গেটৰ দিশৰ পৰা কাকপথাৰৰ দিশে আহি থকা এখন মহেন্দ্ৰ এক্স ইউ ভি ৫০০ গাড়ীয়ে প্ৰচণ্ড জোৰে খুণ্ডা মাৰে মহিলগৰাকীক। ফলত মহিলাগৰাকী পথটোৰ বিপৰীত দিশে ছিটিকি পৰি থিতাতে নিহত হ’য়৷ 


আনহাতেদি দুৰ্ঘটনা সংঘটিত কৰা মহেন্দ্ৰ এক্স ইউ ভি ৫০০ গাড়ীখনসহ চালকে কাকপথাৰ আৰক্ষী থানাত আত্মসমৰ্পণ কৰে৷ গাড়ীখনৰ চালকৰ আসনত আছিল চিলাপথাৰ বৰমুৰিয়া গাঁৱৰ নন্দেশ্বৰ পেগু৷ 


শেহতীয়াকৈ দুৰ্ঘটনাস্থলীত বৰডুমচা আৰক্ষী উপস্থিত হৈ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে৷


অনি দত্ত মহন্তৰ অকাল মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ