--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ উদণ্ড জোঁৱাইৰ হাতত আক্ৰমণৰ বলি হ'ল এগৰাকী শাহুৱেক। মাতাল জোঁৱায়ে তেওঁৰ শাহুৱেকক কৰে আক্ৰমণ। খুন্দনা মাৰিৰে শাহুৱেকৰ মূৰত মাৰি দিয়ে জোঁৱায়েকে। ঘটনাটো সংঘটিত হোৱাৰ পাছতেই ওচৰ-চুবুৰীয়াই জোঁৱায়েকক উত্তম মাধ্যম শোধায়। জোঁৱায়েকে তেওঁৰ পত্নীক মাতৃগৃহৰ পৰা ঘৰলৈ নিবলৈ আহিছিল। পত্নী কিন্তু মাতৃগৃহৰ পৰা যাব বিচৰা নাছিল কাৰণ তেওঁক স্বামীগৃহত নানা অত্যাচাৰ কৰা হয়। সেয়েহে জোঁৱায়েকৰ লগত নিজ কন্যাক নপঠিয়াও বুলি কলে শাহুৱেকে।এই কথাক লৈ জোঁৱাই আৰু শাহুৱেকৰ মাজত তৰ্কাতৰ্কি আৰম্ভ হয়। খঙৰ ভমকত শাহুৱেকক মাৰি আহত কৰে জোঁৱায়েকে।

জানিব পৰা গৈছে শিৱপ্ৰসাদ নামৰ যুৱকজনে তেওঁৰ পত্নী অংকিতা বাগক তেওঁৰ মাতৃগৃহৰ পৰা নিজ ঘৰলৈ লৈ যাবলৈ আহিছিল৷ সেই সময়ত শিৱপ্ৰসাদে সুৰাপান কৰি আহিছিল৷ অংকিতা বাগ শিৱপ্ৰসাদৰ লগত যাবলৈ ৰাজি নোহোৱাত তেওঁ শাহুৱেকৰ সৈতে তৰ্কত লিপ্ত হয়। উল্লেখ্য যে মাতাল স্বামীক দেখি অংকিতাই ঘৰৰ দুৱাৰ খোলা নাছিল। শিৱপ্ৰসাদে দুৱাৰখন ভাঙি ঘৰৰ ভিতৰত প্ৰৱেশ কৰে৷ ভিতৰত সোমায়েই পত্নী অংকিতাক লগত লৈ যাবলৈ জোৰ ধৰে। পত্নীয়ে একেষাৰতে শিৱপ্ৰসাদৰ লগত নাযাওঁ বুলি কয়৷ এবছৰ আগতে শিৱপ্ৰসাদ আৰু অংকিতা বিবাহপাশত আৱদ্ধ হৈছিল। কিন্তু বিয়াৰ পাছৰে পৰা অংকিতাক শহুৰৰ পৰিয়ালে বিভিন্ন ধৰণে অত্যাচাৰ কৰিছিল, যাৰ বাবে অংকিতাই এমাহ আগতে তেওঁৰ দুমহীয়া জীয়েকক লগত লৈ মাতৃগৃহলৈ গুচি আহিছিল। তেওঁ কোনোপ্ৰকাৰে তেওঁৰ শহুৰেকৰ ঘৰলৈ ঘূৰি যাবলৈ ইচ্ছুক নহয়।

অংকিতাৰ মাতৃয়ে কন্যাৰ ওপৰত হোৱা অত্যাচাৰৰ বিষয়ে গম পাই কন্যাক জোঁৱায়েকৰ সৈতে পঠিয়াবলৈ অস্বীকাৰ কৰিলে৷ তেতিয়া মাতাল জোঁৱায়েকে এডাল খুন্দনা মাৰিৰে শাহুৱেকৰ মূৰত আঘাত কৰে৷ তেজেৰে লুটুৰি-পুটুৰি হৈ মাতৃ অঞ্জলি মণ্ডল মজিয়াত বাগৰি পৰে৷ চুবুৰীয়াসকলে তেতিয়ালৈকে তেওঁলোকৰ চিঞৰত ঘৰৰ বাহিৰলৈ ওলাই আহিছিল। চুবুৰীয়াই লগালগ জোঁৱায়েকক আৱদ্ধ কৰি তেওঁক উত্তম মাধ্যম শোধায়। মাৰি-পিটি শিৱপ্ৰসাদৰ অৱস্থা নাইকিয়া কৰে ওচৰ-চুবুৰীয়াই। এই ঘটনাটো পশ্চিমবংগৰ মেদিনীপুৰৰ দাসপুৰ আৰক্ষী থানাৰ পাত্ৰপাৰাত সংঘটিত হৈছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰূপহীহাট আৰক্ষীৰ জালত ড্ৰাগছসহ জালত পৰিল দুই সৰবৰাহকাৰী আনাৰুল হুছেইন আৰু আশ্বিক আলী
পাকিস্তান বিশ্ব নিৰাপত্তাৰ প্ৰতি ভাবুকি
চৰাইদেউ নামচাইত উদ্ধাৰ দুষ্প্ৰাপ্য প্ৰজাতিৰ বৰটোকোলা
আজি বিশ্ব হস্তী দিৱস, আপুনি জানেনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বৰ্তমান হাতীৰ সংখ্যা কিমান?
সাৱধান! ফুটপাথৰ হোটেল নহয় এইবাৰ বিলাসী ৰেষ্টুৰেণ্টত অস্বাস্থ্যকৰ খাদ্য
ইতিহাসৰ পৃষ্ঠাত ৫০ বছৰ পূৰ্বে মুক্তি পোৱা এই ছবিখন , বক্স অফিচত '৩০০০ কোটি' উপাৰ্জন
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন
এই ৬ টা কথাই মানুহক ধ্বংস কৰে! প্ৰেমানন্দ মহাৰাজে কি ক’লে জানো আহক
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে
ভাৰতৰ বিৰুদ্ধে অধিক শুল্ক আৰোপৰ ভাবুকি ট্রাম্পৰ
পানী খোৱাৰ সময়ত এই ৩টা ভুল নকৰিব, নহ'লে স্বাস্থ্যৰ অৱনতি ঘটিব
'দুই নম্বৰী ধান্দাৰ সদাগৰ' বাপ্তি হাজৰিকা! কেৱল নাৰী দেহ ব্যৱসায়েই নহয় আৰু কি কি যে অপকৰ্ম কৰা নাই বাপ্তিয়ে