--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ উদণ্ড জোঁৱাইৰ হাতত আক্ৰমণৰ বলি হ'ল এগৰাকী শাহুৱেক। মাতাল জোঁৱায়ে তেওঁৰ শাহুৱেকক কৰে আক্ৰমণ। খুন্দনা মাৰিৰে শাহুৱেকৰ মূৰত মাৰি দিয়ে জোঁৱায়েকে। ঘটনাটো সংঘটিত হোৱাৰ পাছতেই ওচৰ-চুবুৰীয়াই জোঁৱায়েকক উত্তম মাধ্যম শোধায়। জোঁৱায়েকে তেওঁৰ পত্নীক মাতৃগৃহৰ পৰা ঘৰলৈ নিবলৈ আহিছিল। পত্নী কিন্তু মাতৃগৃহৰ পৰা যাব বিচৰা নাছিল কাৰণ তেওঁক স্বামীগৃহত নানা অত্যাচাৰ কৰা হয়। সেয়েহে জোঁৱায়েকৰ লগত নিজ কন্যাক নপঠিয়াও বুলি কলে শাহুৱেকে।এই কথাক লৈ জোঁৱাই আৰু শাহুৱেকৰ মাজত তৰ্কাতৰ্কি আৰম্ভ হয়। খঙৰ ভমকত শাহুৱেকক মাৰি আহত কৰে জোঁৱায়েকে।

জানিব পৰা গৈছে শিৱপ্ৰসাদ নামৰ যুৱকজনে তেওঁৰ পত্নী অংকিতা বাগক তেওঁৰ মাতৃগৃহৰ পৰা নিজ ঘৰলৈ লৈ যাবলৈ আহিছিল৷ সেই সময়ত শিৱপ্ৰসাদে সুৰাপান কৰি আহিছিল৷ অংকিতা বাগ শিৱপ্ৰসাদৰ লগত যাবলৈ ৰাজি নোহোৱাত তেওঁ শাহুৱেকৰ সৈতে তৰ্কত লিপ্ত হয়। উল্লেখ্য যে মাতাল স্বামীক দেখি অংকিতাই ঘৰৰ দুৱাৰ খোলা নাছিল। শিৱপ্ৰসাদে দুৱাৰখন ভাঙি ঘৰৰ ভিতৰত প্ৰৱেশ কৰে৷ ভিতৰত সোমায়েই পত্নী অংকিতাক লগত লৈ যাবলৈ জোৰ ধৰে। পত্নীয়ে একেষাৰতে শিৱপ্ৰসাদৰ লগত নাযাওঁ বুলি কয়৷ এবছৰ আগতে শিৱপ্ৰসাদ আৰু অংকিতা বিবাহপাশত আৱদ্ধ হৈছিল। কিন্তু বিয়াৰ পাছৰে পৰা অংকিতাক শহুৰৰ পৰিয়ালে বিভিন্ন ধৰণে অত্যাচাৰ কৰিছিল, যাৰ বাবে অংকিতাই এমাহ আগতে তেওঁৰ দুমহীয়া জীয়েকক লগত লৈ মাতৃগৃহলৈ গুচি আহিছিল। তেওঁ কোনোপ্ৰকাৰে তেওঁৰ শহুৰেকৰ ঘৰলৈ ঘূৰি যাবলৈ ইচ্ছুক নহয়।

অংকিতাৰ মাতৃয়ে কন্যাৰ ওপৰত হোৱা অত্যাচাৰৰ বিষয়ে গম পাই কন্যাক জোঁৱায়েকৰ সৈতে পঠিয়াবলৈ অস্বীকাৰ কৰিলে৷ তেতিয়া মাতাল জোঁৱায়েকে এডাল খুন্দনা মাৰিৰে শাহুৱেকৰ মূৰত আঘাত কৰে৷ তেজেৰে লুটুৰি-পুটুৰি হৈ মাতৃ অঞ্জলি মণ্ডল মজিয়াত বাগৰি পৰে৷ চুবুৰীয়াসকলে তেতিয়ালৈকে তেওঁলোকৰ চিঞৰত ঘৰৰ বাহিৰলৈ ওলাই আহিছিল। চুবুৰীয়াই লগালগ জোঁৱায়েকক আৱদ্ধ কৰি তেওঁক উত্তম মাধ্যম শোধায়। মাৰি-পিটি শিৱপ্ৰসাদৰ অৱস্থা নাইকিয়া কৰে ওচৰ-চুবুৰীয়াই। এই ঘটনাটো পশ্চিমবংগৰ মেদিনীপুৰৰ দাসপুৰ আৰক্ষী থানাৰ পাত্ৰপাৰাত সংঘটিত হৈছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক