--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : প্ৰায় এমহীয়া কাৰাবাসৰ পাছত ঘৰলৈ উভতিবলৈ সক্ষম হৈছিল আৰিয়ান খান। শ্বাহৰুখ তনয়ক বন্দী কৰা হৈছিল মুম্বাইৰ প্ৰমোদতৰী কৰ্ডেলিয়াৰ ড্ৰাগছ পাৰ্টীত অংশ লোৱাৰ অভিযোগত। পিছে আদালতত সেই অভিযোগৰ সপক্ষে শক্তিশালী যুক্তি দিব নোৱৰাৰ বাবেই আৰিয়ান ঘূৰি আহিবলৈ সক্ষম হ’ল অন্ধকাৰ কুঠৰীৰ পৰা। পিছে এই লৈ সৃষ্টি হোৱা বিতৰ্ক এতিয়াও শাম কটা নাই। আৰিয়ান খানক গ্ৰেপ্তাৰৰ আঁৰৰ ষড়যন্ত্ৰৰ কথা উদঙাই দি বাৰে বাৰে নতুন বিস্ফোৰক অভিযোগ উত্থাপন কৰি গৈছে মহাৰাষ্ট্ৰৰ মন্ত্ৰী তথা এচিপিৰ নেতা নৱাব মালিকে। এই অভিযানক নেতৃত্ব দিয়া সমীৰৰ বিৰুদ্ধে প্ৰথমৰে পৰা সৰৱ হৈ পৰা নৱাব মালিকৰ হেঁচাতেই তদন্ত প্ৰক্ৰিয়াৰ পৰা তেওঁক একপ্ৰকাৰে আঁতৰ কৰা হৈছে। তেওঁৰ বিৰুদ্ধেও আৰম্ভ হৈছে তদন্ত।

সমীৰ ৱাংখেৰেই আৰিয়ানৰ তাৰকা পিতৃ শ্বাহৰুখৰ পৰা বুজন পৰিমাণৰ ধন আদায় কৰাৰ লক্ষ্যৰেই এনচিবিৰ জ’নেল ডাইৰেক্টৰজনে ‘প্ৰাইভেট আৰ্মী’ৰ সহযোগত আৰিয়ানক আটকৰ পৰিকল্পনা কৰিছিল বুলি বিস্ফোৰক অভিযোগ তুলিছে নৱাব মালিকে। ২৫কোটিৰ ডীল হোৱাৰ কথাও পোহৰলৈ আহিছে এনচিবিয়ে সাক্ষী হিচাপে প্ৰক্ষেপ কৰা লোকৰ মুখেৰেই। এইবাৰ পিছে আৰু এখোপ ওপৰলৈ গৈ নৱাব মালিকে আন এক বিস্ফোৰণ ঘটাইছে। তেওঁ দাবী কৰিছে যে, আৰিয়ান খানৰ সমগ্ৰ ঘটনাটো আছিল এটা অপহৰণ আৰু ধনদাবীৰ ঘটনাহে। এখন সংবাদ মেলত মালিকে দেওবাৰে অভিযোগ কৰিছে ‘আৰিয়ান খানে ক্ৰুজ পাৰ্টীৰ টিকট ক্ৰয় কৰা নাছিল। প্ৰতীক গাব্বা আৰু আণিৰ ফাৰ্নিচাৰৱালা নামৰ লোক দুজনেহে তেওঁ তালৈ লৈ গৈছিল। এইটো হৈছে অপহৰণ আৰু ধনদাবীৰ ঘটনা।

মোহিত কাম্বোজ এই ঘটনাৰ মাষ্টাৰমাইণ্ড আছিল আৰু সমীৰ ৱাংখেৰেৰ বন্ধুজনেই মুক্তিপণ দাবী কৰিছিল।’ কেৱল এয়াই নহয়, আন এক বিস্ফোৰক অভিযোগ তুলি মালিকে কয়, প্ৰথম দিনাৰে পৰা শ্বাহৰুখ খানক ভাবুকি দি থকা হৈছিল। শ্বাৰুখৰ মেনেজাৰ পূজা ডাডলানীৰ নাম এই কাণ্ডত সাঙোৰ খোৱাৰ পাছৰে পৰা শ্বাহৰুখক মুখ নুখুলিবলৈ ভাবুকি দি অহা হৈছিল। নৱাব মালিকে শ্বাহৰুখৰ সন্মুখলৈ আহি মুখ খুলিবলৈ আহ্বান জনাইছে। তেওঁ কয়, আপোনাৰ অপহৃত পুত্ৰক মুকলি কৰিবলৈ মুক্তিপন আদায় দিয়াটো অপৰাধ নহয়। মালিকে আন ভালেমান বিস্ফোৰক অভিযোগ আনিছে মোহিত কাম্বোজ সন্দৰ্ভতো। কাম্বোজ এনচিবিৰ বিষয়া সমীৰ ৱাংখেৰেৰ অতি ঘনিষ্ঠ বুলি তেওঁ দাবী কৰিছে আৰু ৭ অক্টোবৰত তেওঁলোক এখন সমাধিক্ষেত্ৰত লগ হোৱা বুলি দাবী কৰিছে।

তেওঁ লগতে অভিযোগ কৰে যে, প্ৰমোদ তৰীত অভিযান চলোৱাৰ পাছত এনচিবি-এ তিনিজন লোকক যাবলৈ দিছিল। তেওঁলোক হৈছে ঋষম স্বচদেৱা, প্ৰতীক গাব্বা আৰু আমিৰ ফাৰ্নিচাৰৱালা। ঋষভ স্বচদেৱা মোহিত কাম্বোজৰ খুলশালীয়েক বুলিও তেওঁ দাবী কৰিছে। তেওঁ অভিযোগ কৰে যে, এই তিনিজন লোকক যাবলৈ দিয়াৰ আঁৰতে সকলো ৰহস্য লুকাই আছে। মন কৰিবলগীয়া যে, আৰিয়ানক গ্ৰেপ্তাৰ কৰা দলত থকা কে পি গোছাৱী নামৰ লোকজন এতিয়া পুনে আৰক্ষীৰ জিম্মাতে আছে। পলাতক অপৰাধী গোছাৱী এই অভিযানত চামিল হোৱা আৰু অভিযানত এজন বিজেপি নেতাৰ উপস্থিতিয়েও বহু ৰহস্যৰ সৃষ্টি কৰিছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক