--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : প্ৰায় এমহীয়া কাৰাবাসৰ পাছত ঘৰলৈ উভতিবলৈ সক্ষম হৈছিল আৰিয়ান খান। শ্বাহৰুখ তনয়ক বন্দী কৰা হৈছিল মুম্বাইৰ প্ৰমোদতৰী কৰ্ডেলিয়াৰ ড্ৰাগছ পাৰ্টীত অংশ লোৱাৰ অভিযোগত। পিছে আদালতত সেই অভিযোগৰ সপক্ষে শক্তিশালী যুক্তি দিব নোৱৰাৰ বাবেই আৰিয়ান ঘূৰি আহিবলৈ সক্ষম হ’ল অন্ধকাৰ কুঠৰীৰ পৰা। পিছে এই লৈ সৃষ্টি হোৱা বিতৰ্ক এতিয়াও শাম কটা নাই। আৰিয়ান খানক গ্ৰেপ্তাৰৰ আঁৰৰ ষড়যন্ত্ৰৰ কথা উদঙাই দি বাৰে বাৰে নতুন বিস্ফোৰক অভিযোগ উত্থাপন কৰি গৈছে মহাৰাষ্ট্ৰৰ মন্ত্ৰী তথা এচিপিৰ নেতা নৱাব মালিকে। এই অভিযানক নেতৃত্ব দিয়া সমীৰৰ বিৰুদ্ধে প্ৰথমৰে পৰা সৰৱ হৈ পৰা নৱাব মালিকৰ হেঁচাতেই তদন্ত প্ৰক্ৰিয়াৰ পৰা তেওঁক একপ্ৰকাৰে আঁতৰ কৰা হৈছে। তেওঁৰ বিৰুদ্ধেও আৰম্ভ হৈছে তদন্ত।

সমীৰ ৱাংখেৰেই আৰিয়ানৰ তাৰকা পিতৃ শ্বাহৰুখৰ পৰা বুজন পৰিমাণৰ ধন আদায় কৰাৰ লক্ষ্যৰেই এনচিবিৰ জ’নেল ডাইৰেক্টৰজনে ‘প্ৰাইভেট আৰ্মী’ৰ সহযোগত আৰিয়ানক আটকৰ পৰিকল্পনা কৰিছিল বুলি বিস্ফোৰক অভিযোগ তুলিছে নৱাব মালিকে। ২৫কোটিৰ ডীল হোৱাৰ কথাও পোহৰলৈ আহিছে এনচিবিয়ে সাক্ষী হিচাপে প্ৰক্ষেপ কৰা লোকৰ মুখেৰেই। এইবাৰ পিছে আৰু এখোপ ওপৰলৈ গৈ নৱাব মালিকে আন এক বিস্ফোৰণ ঘটাইছে। তেওঁ দাবী কৰিছে যে, আৰিয়ান খানৰ সমগ্ৰ ঘটনাটো আছিল এটা অপহৰণ আৰু ধনদাবীৰ ঘটনাহে। এখন সংবাদ মেলত মালিকে দেওবাৰে অভিযোগ কৰিছে ‘আৰিয়ান খানে ক্ৰুজ পাৰ্টীৰ টিকট ক্ৰয় কৰা নাছিল। প্ৰতীক গাব্বা আৰু আণিৰ ফাৰ্নিচাৰৱালা নামৰ লোক দুজনেহে তেওঁ তালৈ লৈ গৈছিল। এইটো হৈছে অপহৰণ আৰু ধনদাবীৰ ঘটনা।

মোহিত কাম্বোজ এই ঘটনাৰ মাষ্টাৰমাইণ্ড আছিল আৰু সমীৰ ৱাংখেৰেৰ বন্ধুজনেই মুক্তিপণ দাবী কৰিছিল।’ কেৱল এয়াই নহয়, আন এক বিস্ফোৰক অভিযোগ তুলি মালিকে কয়, প্ৰথম দিনাৰে পৰা শ্বাহৰুখ খানক ভাবুকি দি থকা হৈছিল। শ্বাৰুখৰ মেনেজাৰ পূজা ডাডলানীৰ নাম এই কাণ্ডত সাঙোৰ খোৱাৰ পাছৰে পৰা শ্বাহৰুখক মুখ নুখুলিবলৈ ভাবুকি দি অহা হৈছিল। নৱাব মালিকে শ্বাহৰুখৰ সন্মুখলৈ আহি মুখ খুলিবলৈ আহ্বান জনাইছে। তেওঁ কয়, আপোনাৰ অপহৃত পুত্ৰক মুকলি কৰিবলৈ মুক্তিপন আদায় দিয়াটো অপৰাধ নহয়। মালিকে আন ভালেমান বিস্ফোৰক অভিযোগ আনিছে মোহিত কাম্বোজ সন্দৰ্ভতো। কাম্বোজ এনচিবিৰ বিষয়া সমীৰ ৱাংখেৰেৰ অতি ঘনিষ্ঠ বুলি তেওঁ দাবী কৰিছে আৰু ৭ অক্টোবৰত তেওঁলোক এখন সমাধিক্ষেত্ৰত লগ হোৱা বুলি দাবী কৰিছে।

তেওঁ লগতে অভিযোগ কৰে যে, প্ৰমোদ তৰীত অভিযান চলোৱাৰ পাছত এনচিবি-এ তিনিজন লোকক যাবলৈ দিছিল। তেওঁলোক হৈছে ঋষম স্বচদেৱা, প্ৰতীক গাব্বা আৰু আমিৰ ফাৰ্নিচাৰৱালা। ঋষভ স্বচদেৱা মোহিত কাম্বোজৰ খুলশালীয়েক বুলিও তেওঁ দাবী কৰিছে। তেওঁ অভিযোগ কৰে যে, এই তিনিজন লোকক যাবলৈ দিয়াৰ আঁৰতে সকলো ৰহস্য লুকাই আছে। মন কৰিবলগীয়া যে, আৰিয়ানক গ্ৰেপ্তাৰ কৰা দলত থকা কে পি গোছাৱী নামৰ লোকজন এতিয়া পুনে আৰক্ষীৰ জিম্মাতে আছে। পলাতক অপৰাধী গোছাৱী এই অভিযানত চামিল হোৱা আৰু অভিযানত এজন বিজেপি নেতাৰ উপস্থিতিয়েও বহু ৰহস্যৰ সৃষ্টি কৰিছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি বিশ্ব হস্তী দিৱস, আপুনি জানেনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বৰ্তমান হাতীৰ সংখ্যা কিমান?
সাৱধান! ফুটপাথৰ হোটেল নহয় এইবাৰ বিলাসী ৰেষ্টুৰেণ্টত অস্বাস্থ্যকৰ খাদ্য
ইতিহাসৰ পৃষ্ঠাত ৫০ বছৰ পূৰ্বে মুক্তি পোৱা এই ছবিখন , বক্স অফিচত '৩০০০ কোটি' উপাৰ্জন
টীয়ক চাহ বাগিচাত যুৱতী নিৰুদ্দেশৰ ঘটনাক লাভ জেহাদ আখ্যা ৰাইজৰ!
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন
এই ৬ টা কথাই মানুহক ধ্বংস কৰে! প্ৰেমানন্দ মহাৰাজে কি ক’লে জানো আহক
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে