--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : জনপ্ৰিয় টিভি শ্ব’ ‘কৌন বনেগা কৰোড়পতি’ৰ ত্ৰয়োদশ ছিজনৰ তৃতীয়গৰাকী কোটিপতিক লৈ এতিয়া চলিছে চৰ্চা। গীতা সিং গৌৰ এই ছিজনৰ নতুন কোটিপতিত পৰিণত হৈছে। তেওঁ ১ কোটি টকাৰ প্ৰশ্নৰ উত্তৰ দি সফলতা অৰ্জনৰ পাছতে চৰ্চাৰ কেন্দ্ৰ হৈ পৰিছে। কিয়নো তেওঁ অতি সাধাৰণ এক অৱস্থাৰ পৰা আহি সাফল্যৰ শিখৰ চুবলৈ সক্ষম হ’ল এই শ্ব’ৰ জৰিয়তে।


সাধাৰণ এগৰাকী গৃহিণী গীতা সিং গৌৰ। ছনি এণ্টাৰটেইনমেণ্ট টেলিভিশ্যনৰ অফিচিয়েল পৃষ্ঠাত মুকলি কৰা এটা প্ৰ'ম'ত গীতাই নিজৰ বিষয়ে কয় যে, "মোৰ বয়স ৫৩ বছৰ আৰু মই মোৰ গোটেই জীৱনটো কেৱল মোৰ সন্তানক লালন-পালন কৰাতেই ব্যস্ত থাকিলোঁ। এতিয়া মই মোৰ জীৱনটো নতুনকৈ সজাই তুলিব বিচাৰোঁ।’ গীতাক ভিডিঅ'টোত এখন জীপ চলাই থকা দেখা গৈছে য'ত তেওঁৰ সৈতে আছে তেওঁৰ পোহনীয়া কুকুৰটো। প্ৰ'ম'টোৰ শেষত অমিতাভ বচ্চনে তেওঁৰ স্বভাৱজাত ভংগিমাৰে চিঞৰি উঠে আৰু ঘোষণা কৰে যে, গীতাই ১ কোটি টকাৰ পুৰস্কাৰ জিকিছে। গীতাৰ পূৰ্বে আগ্ৰাৰ শিক্ষক হিমানী বুন্দেলা আৰু আইএছআইএছৰ প্ৰস্তুতি চলাই থকা চাহিল আহিৰৱালে ১ কোটি টকা জিকিছে। ২০১১ চনত এটা দুৰ্ঘটনাৰ ফলত হিমানীয়ে চকু হেৰুৱাইছিল।

ছেটলৈ যোৱাৰ আগতে হিমানীয়ে কৈছিল, "মই নাজানো তেওঁলোকে মোক কেনেদৰে চাব, মোক সহানুভূতি দেখুওৱা হ’ব নে মোক আনৰ দৰে সমান বুলি ভবা হ'ব। মই ইয়াত এনে প্ৰতিযোগীৰ সৈতে প্ৰতিযোগিতাত নামিছোঁ যিয়ে বিভিন্ন ক্ষেত্ৰত মোৰ তুলনাত বহুত আগবাঢ়ি গৈছে। মোৰ সকলো ভয় নাইকিয়া হৈছিল যেতিয়া মোক তাত থকা লোকসকলে সম্পূৰ্ণ মৰ্যাদাৰে আনৰ দৰে সমান ব্যৱহাৰ কৰিছিল। এইটোৱে মোক যথেষ্ট সাহস দিছিল।''

চাহিলে তেওঁৰ খণ্ডটোত তাপসী পান্নুৰ প্ৰতি তেওঁৰ প্ৰেম প্ৰকাশ কৰিছিল। চাহিলে তাপসী সম্পৰ্কীয় প্ৰশ্ন সুধি অমিতাভ বচ্চনক ব্যতিব্যস্ত কৰি তোলা দেখা গৈছিল। চাহিলে ১ কোটি টকা জিকাৰ পাছত কৈছিল, ''মই বহুত সুখী হৈছিলোঁ যেতিয়া বিগ বিয়ে কৈছিল যে মই কোটি টকা পাব পৰাকৈ সঠিক উত্তৰ দিছিলোঁ। মই বিশ্বাসেই কৰিব পৰা নাই যে মই ছিজনটোৰ দ্বিতীয় কোটিপতি। মই মাত্ৰ ভালকৈ খেলিবৰ বাবেহে এই প্ৰতিযোগিতালৈ আহিছিলোঁ…পইচাৰ বাবে অহা নাছিলোঁ। এই ডাঙৰ মঞ্চত মই মোৰ জ্ঞানৰ সম্পূৰ্ণ ব্যৱহাৰ কৰিব বিচাৰিছিলো।''


FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রান্স, কানাডা, ব্রিটেইনৰ পাছত আমেৰিকাৰ মিত্ৰ দেশৰ সিদ্ধান্ত; পেলেষ্টাইনক স্বীকৃতি দিব অষ্ট্ৰেলিয়াই
ট্রাম্পে চীনৰ বিৰুদ্ধে শুল্ক আৰোপৰ সিদ্ধান্ত লোৱা নাই: উপ-ৰাষ্ট্ৰপতি ভেন্স
ৰাজ্যবাসীৰ বাবে সু-খবৰ, চিৰিয়াখানাত কেশৰীয়ে জন্ম দিলে ৪টা সিংহৰ পোৱালি
অসম-মেঘালয় সীমান্তত পুনৰ উত্তপ্ত পৰিস্থিতি
ৰাহুল, খৰ্গেসহ ৩০০ সাংসদৰ নিৰ্বাচন আয়োগলৈ পদযাত্রাত বাধা
ৰূপহীহাট আৰক্ষীৰ জালত ড্ৰাগছসহ জালত পৰিল দুই সৰবৰাহকাৰী আনাৰুল হুছেইন আৰু আশ্বিক আলী
এই ৬ টা কথাই মানুহক ধ্বংস কৰে! প্ৰেমানন্দ মহাৰাজে কি ক’লে জানো আহক
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে
ভাৰতৰ বিৰুদ্ধে অধিক শুল্ক আৰোপৰ ভাবুকি ট্রাম্পৰ
পানী খোৱাৰ সময়ত এই ৩টা ভুল নকৰিব, নহ'লে স্বাস্থ্যৰ অৱনতি ঘটিব
'দুই নম্বৰী ধান্দাৰ সদাগৰ' বাপ্তি হাজৰিকা! কেৱল নাৰী দেহ ব্যৱসায়েই নহয় আৰু কি কি যে অপকৰ্ম কৰা নাই বাপ্তিয়ে
ট্রাম্পক প্ৰথমবাৰ মুকলি প্ৰত্যুত্তৰ ভাৰতৰ
জম্মু-কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকৰ মৃত্যু
ভাৰতৰ পক্ষ লৈ ট্রাম্পক উভতি ধৰিলে মস্কোৱে