--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : জনপ্ৰিয় টিভি শ্ব’ ‘কৌন বনেগা কৰোড়পতি’ৰ ত্ৰয়োদশ ছিজনৰ তৃতীয়গৰাকী কোটিপতিক লৈ এতিয়া চলিছে চৰ্চা। গীতা সিং গৌৰ এই ছিজনৰ নতুন কোটিপতিত পৰিণত হৈছে। তেওঁ ১ কোটি টকাৰ প্ৰশ্নৰ উত্তৰ দি সফলতা অৰ্জনৰ পাছতে চৰ্চাৰ কেন্দ্ৰ হৈ পৰিছে। কিয়নো তেওঁ অতি সাধাৰণ এক অৱস্থাৰ পৰা আহি সাফল্যৰ শিখৰ চুবলৈ সক্ষম হ’ল এই শ্ব’ৰ জৰিয়তে।


সাধাৰণ এগৰাকী গৃহিণী গীতা সিং গৌৰ। ছনি এণ্টাৰটেইনমেণ্ট টেলিভিশ্যনৰ অফিচিয়েল পৃষ্ঠাত মুকলি কৰা এটা প্ৰ'ম'ত গীতাই নিজৰ বিষয়ে কয় যে, "মোৰ বয়স ৫৩ বছৰ আৰু মই মোৰ গোটেই জীৱনটো কেৱল মোৰ সন্তানক লালন-পালন কৰাতেই ব্যস্ত থাকিলোঁ। এতিয়া মই মোৰ জীৱনটো নতুনকৈ সজাই তুলিব বিচাৰোঁ।’ গীতাক ভিডিঅ'টোত এখন জীপ চলাই থকা দেখা গৈছে য'ত তেওঁৰ সৈতে আছে তেওঁৰ পোহনীয়া কুকুৰটো। প্ৰ'ম'টোৰ শেষত অমিতাভ বচ্চনে তেওঁৰ স্বভাৱজাত ভংগিমাৰে চিঞৰি উঠে আৰু ঘোষণা কৰে যে, গীতাই ১ কোটি টকাৰ পুৰস্কাৰ জিকিছে। গীতাৰ পূৰ্বে আগ্ৰাৰ শিক্ষক হিমানী বুন্দেলা আৰু আইএছআইএছৰ প্ৰস্তুতি চলাই থকা চাহিল আহিৰৱালে ১ কোটি টকা জিকিছে। ২০১১ চনত এটা দুৰ্ঘটনাৰ ফলত হিমানীয়ে চকু হেৰুৱাইছিল।

ছেটলৈ যোৱাৰ আগতে হিমানীয়ে কৈছিল, "মই নাজানো তেওঁলোকে মোক কেনেদৰে চাব, মোক সহানুভূতি দেখুওৱা হ’ব নে মোক আনৰ দৰে সমান বুলি ভবা হ'ব। মই ইয়াত এনে প্ৰতিযোগীৰ সৈতে প্ৰতিযোগিতাত নামিছোঁ যিয়ে বিভিন্ন ক্ষেত্ৰত মোৰ তুলনাত বহুত আগবাঢ়ি গৈছে। মোৰ সকলো ভয় নাইকিয়া হৈছিল যেতিয়া মোক তাত থকা লোকসকলে সম্পূৰ্ণ মৰ্যাদাৰে আনৰ দৰে সমান ব্যৱহাৰ কৰিছিল। এইটোৱে মোক যথেষ্ট সাহস দিছিল।''

চাহিলে তেওঁৰ খণ্ডটোত তাপসী পান্নুৰ প্ৰতি তেওঁৰ প্ৰেম প্ৰকাশ কৰিছিল। চাহিলে তাপসী সম্পৰ্কীয় প্ৰশ্ন সুধি অমিতাভ বচ্চনক ব্যতিব্যস্ত কৰি তোলা দেখা গৈছিল। চাহিলে ১ কোটি টকা জিকাৰ পাছত কৈছিল, ''মই বহুত সুখী হৈছিলোঁ যেতিয়া বিগ বিয়ে কৈছিল যে মই কোটি টকা পাব পৰাকৈ সঠিক উত্তৰ দিছিলোঁ। মই বিশ্বাসেই কৰিব পৰা নাই যে মই ছিজনটোৰ দ্বিতীয় কোটিপতি। মই মাত্ৰ ভালকৈ খেলিবৰ বাবেহে এই প্ৰতিযোগিতালৈ আহিছিলোঁ…পইচাৰ বাবে অহা নাছিলোঁ। এই ডাঙৰ মঞ্চত মই মোৰ জ্ঞানৰ সম্পূৰ্ণ ব্যৱহাৰ কৰিব বিচাৰিছিলো।''


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক