--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • এগৰাকী বিবাহিত মহিলা আৰু এজন যুৱকক অসংযত অৱস্থাত গুদাম ঘৰটোত হাতে-লোটে ধৰা পেলায় স্থানীয় ৰাইজে।

ডিজিটেল ডেস্কঃ পৰকীয়া প্ৰেমে ভয়ংকৰভাৱে গ্ৰাস কৰিছে আমাৰ সমাজখনক। পতিয়ে পত্নীক, পত্নীয়ে পতিক প্ৰতাৰণা কৰি আনৰ সৈতে প্ৰেম সাগৰত সাঁতুৰি থকাৰ প্ৰতিযোগিতাত হে যেন নামি পৰিছে। পৰকীয়া প্ৰেমে ধ্বংস কৰিছে বহুতৰে সংসাৰ, তচনচ হৈছে সন্তানৰ ভৱিষ্যৎ।


কাছাৰৰ কাটিগড়াৰ চৌৰঙ্গী অঞ্চলৰ পৰা শেহতীয়াকৈ এক পৰকীয়া প্ৰেমৰ খবৰ পোহৰলৈ আহিছে। এটা গুদাম ঘৰত অসামাজিক কাৰ্যকলাপত লিপ্ত আছিল পৰকীয়া প্ৰেমিক যুগল। 


এগৰাকী বিবাহিত মহিলা আৰু এজন যুৱকক অসংযত অৱস্থাত গুদাম ঘৰটোত হাতে-লোটে ধৰা পেলায় স্থানীয় ৰাইজে। গুদামটো চৌৰঙ্গীৰ এজন গেলামাল ব্যৱসায়ী, মালাকাৰ পদবীৰ এজন ব্যক্তিৰ মালিকানাধীন বুলি জানিব পৰা গৈছে। দুয়ো ভিন ধৰ্মীয় হোৱাৰ লগতে তেওঁলোকৰ মাজত প্ৰেমৰ সম্পৰ্ক থকাৰ কথা স্বীকাৰ কৰিছে।


পিছত স্থানীয় ৰাইজে তেওঁলোকক কাটিগড়া আৰক্ষীৰ হাতত গটাই দিয়ে। অঞ্চলবাসীৰ অভিযোগ, গুদাম ঘৰটোত ‘অশ্লীল কাম’ কৰিবলৈ অনুমতি দিছিল ব্যৱসায়ীগৰাকীৰ মেনেজাৰে। ঘটনাৰ পাছত ব্যৱসায়ী আৰু তেওঁৰ মেনেজাৰৰ ভূমিকাক লৈ প্ৰশ্ন তুলিছে স্থানীয় ৰাইজে। সম্পূৰ্ণ ঘটনাটোক কেন্দ্ৰ কৰি অঞ্চলটোত চাঞ্চল্য অব্যাহত থকাৰ লগতে সকলোৱে একমুখে পৰকীয়া প্ৰেমিক যুগলক নিন্দা কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাছিয়াৰ সৈতে বাণিজ্য অব্যাহত ৰাখিলে ভাৰতে পৰিণাম ভুগিব লাগিব! আমেৰিকাৰ সকীয়নি
ছালৰ যতন লওক দৈনিক, এই সমূহ অভ্যাসে আপোনাৰ ছাল সুস্থ আৰু উজ্জ্বল কৰি ৰাখিব
ৰমেন দাই পুৱা পিন্ধা কাপোযোৰ গধূলি নিপিন্ধে,মই নাভাবোঁ ৰমেন দা ঘূৰি আহিব: দ্বীপেন বৰুৱা
জে পি দাসলৈ জীৱনজোৰা সংগীত কর্ম বঁটা
নিজৰ মিছাইলৰ পৰাই ধ্বংস হোৱাৰ পৰা কোনোমতে বাচিল পাকিস্তান! পাৰমাণৱিক কেন্দ্ৰৰ ওচৰতে পৰিল শ্বাহীন-৩
কাটিগড়াত গুদাম ঘৰৰ পৰা পৰকীয়া প্ৰেমিক যুগলক আটক
ক্ৰিকেটেৰে আৰম্ভ হ'ব অলিম্পিক
প্রবীণ অভিনেতা-প্রযোজক ধীৰাজ কুমাৰৰ মৃত্যু
ভাৰতীয় মহিলা দলে ইংলেণ্ডৰ ভূমিত ৰচিলে ইতিহাস ; প্ৰথমখন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট মেচত জয়ী ভাৰতীয় মহিলা দল
য়েমেনত কেৰালাৰ নাৰ্ছ নিমিষাৰ মৃত্যুদণ্ড স্থগিত
শ্ৰীভূমিত চাঞ্চল্যকৰ ডকাইতি কাণ্ড ; গৃহস্থৰ হাত ভৰি বান্ধি তাণ্ডব ডকাইত দলৰ
এজোপা ঘিলা গছৰ বয়স ৬০০ বছৰ ; গোলাঘাটৰ মাজাৰত অসমৰ আটাইতকৈ পুৰণি গছ
বন্ধ হৈ যাব পাৰে  আপোনাৰ আধাৰ কাৰ্ড ! আধাৰ কাৰ্ডক লৈ জৰুৰী নিৰ্দেশনা জাৰী UIDAIৰ
ডাঙৰ সিদ্ধান্ত! এতিয়াৰ পৰা চৰকাৰী-বেচৰকাৰী বিদ্যালয়ত গীতাৰ পাঠ বাধ্যতামূলক…