--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • এগৰাকী বিবাহিত মহিলা আৰু এজন যুৱকক অসংযত অৱস্থাত গুদাম ঘৰটোত হাতে-লোটে ধৰা পেলায় স্থানীয় ৰাইজে।

ডিজিটেল ডেস্কঃ পৰকীয়া প্ৰেমে ভয়ংকৰভাৱে গ্ৰাস কৰিছে আমাৰ সমাজখনক। পতিয়ে পত্নীক, পত্নীয়ে পতিক প্ৰতাৰণা কৰি আনৰ সৈতে প্ৰেম সাগৰত সাঁতুৰি থকাৰ প্ৰতিযোগিতাত হে যেন নামি পৰিছে। পৰকীয়া প্ৰেমে ধ্বংস কৰিছে বহুতৰে সংসাৰ, তচনচ হৈছে সন্তানৰ ভৱিষ্যৎ।


কাছাৰৰ কাটিগড়াৰ চৌৰঙ্গী অঞ্চলৰ পৰা শেহতীয়াকৈ এক পৰকীয়া প্ৰেমৰ খবৰ পোহৰলৈ আহিছে। এটা গুদাম ঘৰত অসামাজিক কাৰ্যকলাপত লিপ্ত আছিল পৰকীয়া প্ৰেমিক যুগল। 


এগৰাকী বিবাহিত মহিলা আৰু এজন যুৱকক অসংযত অৱস্থাত গুদাম ঘৰটোত হাতে-লোটে ধৰা পেলায় স্থানীয় ৰাইজে। গুদামটো চৌৰঙ্গীৰ এজন গেলামাল ব্যৱসায়ী, মালাকাৰ পদবীৰ এজন ব্যক্তিৰ মালিকানাধীন বুলি জানিব পৰা গৈছে। দুয়ো ভিন ধৰ্মীয় হোৱাৰ লগতে তেওঁলোকৰ মাজত প্ৰেমৰ সম্পৰ্ক থকাৰ কথা স্বীকাৰ কৰিছে।


পিছত স্থানীয় ৰাইজে তেওঁলোকক কাটিগড়া আৰক্ষীৰ হাতত গটাই দিয়ে। অঞ্চলবাসীৰ অভিযোগ, গুদাম ঘৰটোত ‘অশ্লীল কাম’ কৰিবলৈ অনুমতি দিছিল ব্যৱসায়ীগৰাকীৰ মেনেজাৰে। ঘটনাৰ পাছত ব্যৱসায়ী আৰু তেওঁৰ মেনেজাৰৰ ভূমিকাক লৈ প্ৰশ্ন তুলিছে স্থানীয় ৰাইজে। সম্পূৰ্ণ ঘটনাটোক কেন্দ্ৰ কৰি অঞ্চলটোত চাঞ্চল্য অব্যাহত থকাৰ লগতে সকলোৱে একমুখে পৰকীয়া প্ৰেমিক যুগলক নিন্দা কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ