--°C
Loading...
Listen to Article
1 min read
80%

In Short

  • হাফলং উপ-কাৰাগাৰত বন্দী হৈ থকা জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ অভিযুক্ত শেখৰ জ্যোতি গোস্বামী অসুস্থ হৈ পৰাৰ খবৰ পোহৰলৈ আহিছে।

জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত জড়িত থকাৰ অভিযোগত বন্দী হৈ থকা শেখৰ জ্যোতি গোস্বামী হাফলং উপ-কাৰাগাৰত অসুস্থ হৈ পৰিছে। ডিমা হাছাও জিলাৰ হাফলং উপ-কাৰাগাৰত ন্যায়িক জিম্মাত থকা অৱস্থাত তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটা বুলি জানিব পৰা গৈছে।

এই সন্দৰ্ভত যোৱা ১৩ নৱেম্বৰত আদালতে গ্ৰহণ কৰা কাৰ্যব্যৱস্থাৰ অংশ হিসেবে গোস্বামীৰ স্বাস্থ্য সম্পৰ্কীয় চিকিৎসা সংক্ৰান্তীয় নথিপত্র ফাষ্ট ট্ৰেক আদালতত দাখিল কৰা হয়। গোচৰৰ শুনানি গ্ৰহণ কৰি থকা ফাষ্ট ট্ৰেক আদালতত এই নথিপত্রসমূহ দাখিল কৰাৰ পিছতে আদালতে গুৰুত্বপূর্ণ নির্দেশ জাৰি কৰে।

আদালতে হাফলং উপ-কাৰাগাৰৰ কৰ্তৃপক্ষক অভিযুক্ত শেখৰ জ্যোতি গোস্বামীয়ে যাতে উপযুক্ত আৰু সময়মতেও চিকিৎসা লাভ কৰে, সেই কথা নিশ্চিত কৰিবলৈ নির্দেশ প্রদান কৰিছে। অৱশ্যে তেওঁ কি ৰোগত আক্ৰান্ত হৈছে বা তেওঁৰ স্বাস্থ্যৰ অৱস্থা বৰ্তমান ঠিক কি পৰ্যায়ত আছে, সেই বিষয়ে কোনো স্পষ্ট তথ্য এতিয়ালৈকে প্ৰকাশ হোৱা নাই।

গোচৰটোৰ আইনি প্ৰক্ৰিয়া অব্যাহত থকাৰ সময়তে অভিযুক্তৰ এই স্বাস্থ্যজনিত পৰিস্থিতিক লৈ সৰ্বত্র চৰ্চা আৰম্ভ হৈছে। আদালতৰ নির্দেশৰ পিছত জেল কৰ্তৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰে, সেইটোহে এতিয়া লক্ষণীয় হ'ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিলাসীপাৰাত ধনৰ লোভত নাবালিকা কন্যাক বিয়া দিবলৈ চেষ্টা কৰাৰ অভিযোগ; নিজ পিতৃৰ বিৰুদ্ধে এজাহাৰ কন্যাৰ
কাজিৰঙাৰ ৰঙাজানত ভয়ংকৰ পথ দুৰ্ঘটনা; তীব্ৰবেগী ট্ৰেভেলাৰ আৰু ট্ৰেইলাৰৰ মুখামুখি সংঘৰ্ষত ২৩ জনৰ মৃত্যু
চিকিৎসকৰ চমৎকাৰ! জন্মৰ এমাহৰ পাছতে অস্ত্ৰোপচাৰৰ জৰিয়তে পিঠিৰ পৰা সংযুক্ত হৈ থকা যমজ ভাতৃক কৰিলে পৃথক
বাটতে ৰৈ আছিল যমদূত; ভয়ংকৰ পথ দুৰ্ঘটনাত পতি-পত্নী আৰু কণমানি দুই সন্তানৰ মৃত্যু
নাটকীয়ভাৱে দৃশ্যপট সলনি হৈছে বিহাৰৰ ৰাজনীতিত! ফাঁট মেলিছে শাসক মিত্রজোঁট NDAত
IPLৰ দল বৃদ্ধি নহয়; স্পষ্ট কৰিলে BCCIৰ সচিব দেৱজিৎ শইকীয়াই
ফেন্সি বজাৰৰ উৰ্বশী বজাৰত এন্দুৰৰ উপদ্ৰৱ আৰু গুৱাহাটী মহানগৰীৰ নিগমৰ জৰিমনা
অসমৰ অৱক্ষয়িত বনভূমি পুনৰুদ্ধাৰত ১৩৪ সংখ্যক ইক’লজিকেল টাস্ক ফ’ৰ্চৰ প্ৰশংসা মুখ্যমন্ত্ৰীৰ
আমিনগাঁৱত প্ৰদূষণকাৰী উদ্যোগ স্থাপনৰ বাবে প্ৰদান কৰা অনুমতি পত্ৰ খাৰিজ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ
কাজিৰঙাত সংঘটিত মৰ্মান্তিক পথ দুৰ্ঘটনাত কুৰিজনৰো অধিক লোকৰ প্ৰাণহানি, শীৰ্ষ নেতাসকলৰ শোক প্ৰকাশ
কাজিৰঙাৰ দুৰ্ঘটনা সন্দৰ্ভত এআইইউডিএফৰ গভীৰ শোক প্ৰকাশ
মহানগৰীত আৰক্ষীৰ কঠোৰ পদক্ষেপ, জনসাধাৰণক আমনি কৰাৰ অভিযোগত আটক ২২ জন তৃতীয় লিংগৰ ব্যক্তি
গুৱাহাটীত আৰম্ভ হ’ল ৰাষ্ট্ৰীয় ফাৰ্মাচী সপ্তাহ ২০২৬
মহানগৰীত ভেণ্ডিং জ’ন স্থাপনৰ পৰিকল্পনাত হেঙাৰ, ফুটপাথত অব্যাহত দখলদাৰী