--°C
Loading...
Listen to Article
1 min read
80%

In Short

  • দুবাইৰ পৰা অহা চাৰিজন যাত্ৰীৰ পৰা ১৭
  • ১৯ লাখ টকাৰ UAE নিৰ্মিত সুগন্ধি জব্দ গুৱাহাটী বিমান বন্দৰত।

ৰাজ্যৰ মুখ্য বিমানবন্দৰত শুল্ক বিভাগে চলোৱা এক অভিযানত জব্দ হৈছে বৃহৎ পৰিমাণৰ বৈদেশিক সুগন্ধি। গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত শুল্ক বিভাগৰ আধিকাৰিকসকলে সংযুক্ত আৰৱ আমিৰাতত প্ৰস্তুত কৰা ৪১০ টা সুগন্ধিৰ বটল জব্দ কৰিবলৈ সক্ষম হয়।

লাভ কৰা তথ্য অনুসৰি, দুবাইৰ পৰা এখন বিমানযোগে গুৱাহাটীত অৱতৰণ কৰা চাৰিজন যাত্ৰীৰ গতিবিধি সন্দেহজনক হোৱাত শুল্ক বিভাগৰ লোকসকলে তালাচী চলায়। সেই সময়তে যাত্ৰীকেইজনৰ দখলৰ পৰা এই বৈদেশিক সুগন্ধিৰ বটলসমূহ উদ্ধাৰ কৰা হয়। বজাৰ মূল্য অনুসৰি জব্দ কৰা সামগ্ৰীখিনিৰ আনুমানিক মূল্য ১৭.১৯ লাখ টকা হ’ব বুলি জানিব পৰা গৈছে।

বিদেশৰ পৰা অনা এই বহুমূলীয়া সুগন্ধি সামগ্ৰীখিনি কি উদ্দেশ্য লৈ অনা হৈছিল আৰু ইয়াৰ সৈতে জড়িত আন লোকসকলৰ ভূমিকা কি, সেই সন্দৰ্ভত বৰ্তমান শুল্ক বিভাগে নিয়মীয়া আইনী প্ৰক্ৰিয়া অব্যাহত ৰাখিছে। বিমান বন্দৰত সুৰক্ষা আৰু সজাগতা বৰ্তাই ৰখাৰ ক্ষেত্ৰত বিভাগে কঠোৰ নজৰ ৰাখিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
নাটকীয়ভাৱে দৃশ্যপট সলনি হৈছে বিহাৰৰ ৰাজনীতিত! ফাঁট মেলিছে শাসক মিত্রজোঁট NDAত
IPLৰ দল বৃদ্ধি নহয়; স্পষ্ট কৰিলে BCCIৰ সচিব দেৱজিৎ শইকীয়াই
বিশ্বৰ কোটি কোটি কেঞ্চাৰ ৰোগীলৈ আশাৰ বতৰা; ১০ বছৰৰ ভিতৰত নির্মূল হ’ব কেঞ্চাৰ
পৰম্পৰাগত হালধিযুক্ত গাখীৰৰ স্বাস্থ্যসন্মত উপকাৰিতা
বাংলাদেশত দুই সহস্রাধিক শিক্ষক-শিক্ষাৰ্থীক ৰাজনৈতিক নির্যাতন; ফ্রান্সস্থিত মানৱ অধিকাৰ সংস্থাৰ প্ৰতিবেদনৰ তথ্য
ককাকৰ সম্পত্তিত নাতিৰ কোনো জন্মগত অধিকাৰ নাথাকে; উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; ৯ নৱেম্বৰত পুনৰ ১০০০ কোটিৰ ঋণ ল’ব ৰাজ্য চৰকাৰে
ৰোগত আক্ৰান্ত হৈ হতাশ মহিলা; পুত্ৰৰ সৈতে ১৮ মহলাৰ পৰা জাঁপ দি ল’লে চৰম সিদ্ধান্ত
আজি ভূত চতুৰ্দশী; ১৪ গচ চাকি জ্বলোৱা আৰু ১৪ বিধ শাক খোৱাৰ পৰম্পৰা কিয় প্ৰচলিত?
পৰকীয়া প্ৰেমৰ ভয়ংকৰ কাণ্ড! পত্নীক চকীত বান্ধি পেট্ৰ’ল ঢালি জীৱন্তে জ্বলাই হ*ত্যা স্বামীৰ
সৰ্বকালৰ অভিলেখ ভংগ! এইবাৰ ধনতেৰছত সমগ্র দেশত ১.২৫ লাখ কোটিতকৈ অধিক টকাৰ সামগ্ৰী বিক্রী
গুৱাহাটীত ১২ নৱেম্বৰত বন্ধ থাকিব পেট্রল পাম্প
ধৰ্মান্তৰ আৰু দ্বিতীয় বিবাহৰ অভিযোগ; শিলচৰত জীৱিত কন্যাৰ প্ৰতীকী পিণ্ডদান কৰি শ্ৰাদ্ধানুষ্ঠান সম্পন্ন পিতৃৰ
খুচুৰা মুদ্ৰাৰ চমক! ৫ বছৰৰ সঞ্চয়েৰে স্কুটি ক্ৰয় চাবুৱাৰ সন্তোষ কুমাৰ শ্বাহৰ