--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি মুম্বাইত বিৰোধী মিত্ৰজোঁট I.N.D.I.A.ৰ বৈঠকৰ দ্বিতীয় আৰু অন্তিম দিনৰ সমাপ্তি হয়। যিখন বৈঠকত ২৮ টা দলৰ ৬০ জনতকৈ অধিক নেতাই অংশগ্ৰহণ কৰে।  আজি অনুষ্ঠিত হোৱা বৈঠকত বিৰোধী এলায়েন্স ইণ্ডিয়াই বহু ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰে। ভাৰতীয় নেতাসকলে ১৩ জনীয়া সমন্বয় সমিতি গঠনৰ কথা ঘোষণা কৰিছে। লগতে মিত্ৰতাৰ শ্লোগান হ’ব ‘জুড়েগা ভাৰত, জীতেগা ইণ্ডিয়া’। ১৩ জনীয়া এই কমিটীখনেই মিত্ৰতা সম্পৰ্কীয় সকলো সিদ্ধান্ত গ্ৰহণ কৰিব।

বিৰোধী মহাজোঁট ইণ্ডিয়াই গঠন কৰা এই ১৩জনীয়া সমন্বয়  সমিতিখনত আছে কংগ্ৰেছৰ পৰা কে চি বেনুগোপাল, এন চি পিৰ পৰা শৰদ পাৱাৰ, ডি এম কেৰ পৰা এম কে ষ্টেলিন, শিৱসেনাৰ পৰা সঞ্জয় ৰাউট, আৰ জে ডিৰ পৰা তেজস্বী যাদৱ, টি এম চিৰ পৰা অভিষেক বেনাৰ্জী, আপৰ পৰা ৰাঘৱ চাদ্ধা, সমাজবাদী পাৰ্টিৰ পৰা জাভেদ আলী খান, জেডিইউৰ পৰা লালন সিং, জেএমএমৰ পৰা হেমন্ত সোৰেইন, চিপিআইৰ পৰা ডি ৰাজা, নেশ্যনেল কনফাৰেন্সৰ পৰা ওমৰ আব্দুল্লা আৰু পিডিপিৰ পৰা আছে মেহবুবা মুফটি।

বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াই লোকসভা নিৰ্বাচন-২০২৪ একেলগে যুঁজ দিয়াৰ প্ৰতিশ্ৰুতি লয়। এই সন্দৰ্ভত কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে সবিশেষ তথ্য ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত দিয়ে। তেওঁ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত দিয়া তথ্য অনুসৰি ইণ্ডিয়া মিত্ৰজোঁটত অন্তৰ্ভুক্ত দলসমূহে একেলগে লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সংকল্প লৈছে। এইবাৰ ইণ্ডিয়া মিত্ৰজোঁটত অন্তৰ্ভুক্ত দলসমূহে একেলগে লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বুলি জানিব দিয়ে। 

কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে লগতে কয় যে বিভিন্ন ৰাজ্যত আসন ভাগ-বতৰা সন্দৰ্ভত ততাতৈয়াকৈ আলোচনা আৰম্ভ কৰা হ'ব আৰু অতি সোনকালে সম্পূৰ্ণ কৰা হ'ব। দেশৰ বিভিন্ন প্ৰান্তত জনসভাৰ আয়োজন কৰা হ'ব। বিভিন্ন ঠাইত "জুড়েগা ভাৰত, জীতেগা ইণ্ডিয়া" ধ্বনি দিয়া হ'ব । বিৰোধী মিত্ৰজোঁটে এই থিমটোৰে নিৰ্বাচনত অৱতীৰ্ণ হ'ব। দেশৰ প্ৰধান ৰাজ্যসমূহত আসন ভাগ-বতৰা সন্দৰ্ভত এতিয়া ৰাজনীতিত চলিছে এতিয়া জল্পনা-কল্পনা। বিশেষ সূত্ৰৰ পৰা জানিব পৰা তথ্য অনুসৰি দেশৰ প্ৰধান ৰাজ্যসমূহ বিশেষকৈ মহাৰাষ্ট্ৰৰ আসন ভাগ-বতৰাত থাকিব এন চি পি, শিৱসেনাৰ উদ্বৱ গোট আৰু কংগ্ৰেছ । ইউপিত সমাজবাদী পাৰ্টী আৰু কংগ্ৰেছৰ মাজত আসন ভাগ-বতৰা হ'ব । বিহাৰত থাকিব জনতা দল ইউনাইটেড, জেডিইউ,আৰজেডি আৰু কংগ্ৰেছ। তামিলনাডুত থাকিব ডিএমকে আৰু কংগ্ৰেছ। আৰু পশ্চিমবংগত টিএমচি, কংগ্ৰেছ আৰু বাওঁপন্থীৰ মাজত আসনৰ ভাগ-বতৰা হ'ব। কৰ্ণাটক কংগ্ৰেছ আৰু পঞ্জাৱ দিল্লীত আপ আৰু কংগ্ৰেছৰ মাজতে আসনৰ ভাগ-বতৰা হ'ব। আনহাতে উত্তৰ পূৰ্বাঞ্চলৰ আসনৰ সন্দৰ্ভত বৰ্তমান বিশেষ একো জানিব পৰা হোৱা নাই। 

এইবাৰ ইণ্ডিয়া মিত্ৰজোঁটৰ দৃষ্টি দেশৰ সৰ্ববৃহৎ ৰাজ্য উত্তৰ প্ৰদেশৰ ওপৰতো। কাৰণ সৰ্বাধিক লোকসভাৰ আসন এই ৰাজ্যৰ পৰাই আহে। উল্লেখযোগ্য যে মুম্বাইত অনুষ্ঠিত হোৱা এই বৈঠকখন আছিল এলায়েন্স ইণ্ডিয়াৰ তৃতীয়খন বৈঠক যি দুদিন ধৰি চলিছিল। ইয়াৰ পূৰ্বে জুন মাহত বিহাৰৰ পাটনাত মিত্ৰজোঁটৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হৈছিল। তাৰ পিছত জুলাই মাহত বেংগালুৰুত দ্বিতীয়খন বৈঠক অনুষ্ঠিত হয়। য’ত মিত্ৰজোঁটৰ নাম ভাৰত।

বিৰোধী এই মঞ্চত দলসমূহ একত্ৰিত হ’লে বিজেপিৰ বাবে নিৰ্বাচনত জয়ী হোৱাটো অসম্ভৱ হ’ব বুলি মন্তব্য কৰিছে ৰাহুল গান্ধীয়ে। ইফালে আসনৰ ভাগ-বতৰাৰ সকলো সিদ্ধান্ত ক্ষিপ্ৰ কৰিম বুলিও মন্তব্য কৰিছে ৰাহুল গান্ধীয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক