--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি মুম্বাইত বিৰোধী মিত্ৰজোঁট I.N.D.I.A.ৰ বৈঠকৰ দ্বিতীয় আৰু অন্তিম দিনৰ সমাপ্তি হয়। যিখন বৈঠকত ২৮ টা দলৰ ৬০ জনতকৈ অধিক নেতাই অংশগ্ৰহণ কৰে।  আজি অনুষ্ঠিত হোৱা বৈঠকত বিৰোধী এলায়েন্স ইণ্ডিয়াই বহু ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰে। ভাৰতীয় নেতাসকলে ১৩ জনীয়া সমন্বয় সমিতি গঠনৰ কথা ঘোষণা কৰিছে। লগতে মিত্ৰতাৰ শ্লোগান হ’ব ‘জুড়েগা ভাৰত, জীতেগা ইণ্ডিয়া’। ১৩ জনীয়া এই কমিটীখনেই মিত্ৰতা সম্পৰ্কীয় সকলো সিদ্ধান্ত গ্ৰহণ কৰিব।

বিৰোধী মহাজোঁট ইণ্ডিয়াই গঠন কৰা এই ১৩জনীয়া সমন্বয়  সমিতিখনত আছে কংগ্ৰেছৰ পৰা কে চি বেনুগোপাল, এন চি পিৰ পৰা শৰদ পাৱাৰ, ডি এম কেৰ পৰা এম কে ষ্টেলিন, শিৱসেনাৰ পৰা সঞ্জয় ৰাউট, আৰ জে ডিৰ পৰা তেজস্বী যাদৱ, টি এম চিৰ পৰা অভিষেক বেনাৰ্জী, আপৰ পৰা ৰাঘৱ চাদ্ধা, সমাজবাদী পাৰ্টিৰ পৰা জাভেদ আলী খান, জেডিইউৰ পৰা লালন সিং, জেএমএমৰ পৰা হেমন্ত সোৰেইন, চিপিআইৰ পৰা ডি ৰাজা, নেশ্যনেল কনফাৰেন্সৰ পৰা ওমৰ আব্দুল্লা আৰু পিডিপিৰ পৰা আছে মেহবুবা মুফটি।

বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াই লোকসভা নিৰ্বাচন-২০২৪ একেলগে যুঁজ দিয়াৰ প্ৰতিশ্ৰুতি লয়। এই সন্দৰ্ভত কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে সবিশেষ তথ্য ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত দিয়ে। তেওঁ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত দিয়া তথ্য অনুসৰি ইণ্ডিয়া মিত্ৰজোঁটত অন্তৰ্ভুক্ত দলসমূহে একেলগে লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সংকল্প লৈছে। এইবাৰ ইণ্ডিয়া মিত্ৰজোঁটত অন্তৰ্ভুক্ত দলসমূহে একেলগে লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বুলি জানিব দিয়ে। 

কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে লগতে কয় যে বিভিন্ন ৰাজ্যত আসন ভাগ-বতৰা সন্দৰ্ভত ততাতৈয়াকৈ আলোচনা আৰম্ভ কৰা হ'ব আৰু অতি সোনকালে সম্পূৰ্ণ কৰা হ'ব। দেশৰ বিভিন্ন প্ৰান্তত জনসভাৰ আয়োজন কৰা হ'ব। বিভিন্ন ঠাইত "জুড়েগা ভাৰত, জীতেগা ইণ্ডিয়া" ধ্বনি দিয়া হ'ব । বিৰোধী মিত্ৰজোঁটে এই থিমটোৰে নিৰ্বাচনত অৱতীৰ্ণ হ'ব। দেশৰ প্ৰধান ৰাজ্যসমূহত আসন ভাগ-বতৰা সন্দৰ্ভত এতিয়া ৰাজনীতিত চলিছে এতিয়া জল্পনা-কল্পনা। বিশেষ সূত্ৰৰ পৰা জানিব পৰা তথ্য অনুসৰি দেশৰ প্ৰধান ৰাজ্যসমূহ বিশেষকৈ মহাৰাষ্ট্ৰৰ আসন ভাগ-বতৰাত থাকিব এন চি পি, শিৱসেনাৰ উদ্বৱ গোট আৰু কংগ্ৰেছ । ইউপিত সমাজবাদী পাৰ্টী আৰু কংগ্ৰেছৰ মাজত আসন ভাগ-বতৰা হ'ব । বিহাৰত থাকিব জনতা দল ইউনাইটেড, জেডিইউ,আৰজেডি আৰু কংগ্ৰেছ। তামিলনাডুত থাকিব ডিএমকে আৰু কংগ্ৰেছ। আৰু পশ্চিমবংগত টিএমচি, কংগ্ৰেছ আৰু বাওঁপন্থীৰ মাজত আসনৰ ভাগ-বতৰা হ'ব। কৰ্ণাটক কংগ্ৰেছ আৰু পঞ্জাৱ দিল্লীত আপ আৰু কংগ্ৰেছৰ মাজতে আসনৰ ভাগ-বতৰা হ'ব। আনহাতে উত্তৰ পূৰ্বাঞ্চলৰ আসনৰ সন্দৰ্ভত বৰ্তমান বিশেষ একো জানিব পৰা হোৱা নাই। 

এইবাৰ ইণ্ডিয়া মিত্ৰজোঁটৰ দৃষ্টি দেশৰ সৰ্ববৃহৎ ৰাজ্য উত্তৰ প্ৰদেশৰ ওপৰতো। কাৰণ সৰ্বাধিক লোকসভাৰ আসন এই ৰাজ্যৰ পৰাই আহে। উল্লেখযোগ্য যে মুম্বাইত অনুষ্ঠিত হোৱা এই বৈঠকখন আছিল এলায়েন্স ইণ্ডিয়াৰ তৃতীয়খন বৈঠক যি দুদিন ধৰি চলিছিল। ইয়াৰ পূৰ্বে জুন মাহত বিহাৰৰ পাটনাত মিত্ৰজোঁটৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হৈছিল। তাৰ পিছত জুলাই মাহত বেংগালুৰুত দ্বিতীয়খন বৈঠক অনুষ্ঠিত হয়। য’ত মিত্ৰজোঁটৰ নাম ভাৰত।

বিৰোধী এই মঞ্চত দলসমূহ একত্ৰিত হ’লে বিজেপিৰ বাবে নিৰ্বাচনত জয়ী হোৱাটো অসম্ভৱ হ’ব বুলি মন্তব্য কৰিছে ৰাহুল গান্ধীয়ে। ইফালে আসনৰ ভাগ-বতৰাৰ সকলো সিদ্ধান্ত ক্ষিপ্ৰ কৰিম বুলিও মন্তব্য কৰিছে ৰাহুল গান্ধীয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু