--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ১৯৭৩ চনৰ ১১ ছেপ্টেম্বৰত মৃত্যু হয় বাবা নীম কাৰোলীৰ। অৰ্থাৎ আধা শতিকাৰ আগতেই তেওঁ পৃথিৱীৰ পৰা বিদায় লয়। কিন্তু বাবাৰ ব্যক্তিত্বৰ প্ৰভাৱ আজিও অটুট আছে।

ক্ৰিকেটাৰ বিৰাট কোহলী আৰু বলীউডৰ অভিনেত্ৰী অনুষ্কা শৰ্মাক বুধবাৰে বৃন্দাবনত বাবাৰ আশ্ৰমত দেখা গৈছিল। আশ্ৰমত বিৰুষ্কাৰ ছবি ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। কিন্তু এই নিম কাৰোলী বাবা কোন, যাৰ আশীৰ্বাদ বিৰাট-অনুষ্কাৰ দৰে চেলিব্ৰেটীয়ে আশীৰ্বাদ ল'বলৈ যায়?

কেৱল বিৰাট কোহলী বা অনুষ্কা শৰ্মাই নহয়, এই ধৰ্মীয় নেতাজনৰ ভক্ত আছিল এপলৰ প্ৰতিষ্ঠাপক ষ্টিভ জবছৰ দৰে ব্যক্তিও। তেওঁ বাবাৰ আশ্ৰমলৈও আহিছিল। অৱশ্যে বাবাৰ তেতিয়ালৈ মৃত্যু হৈছিল।

অনুৰাগীসকলৰ বাবে মহাৰাজজী হিচাপে পৰিচিত আছিল বাবা নীম কাৰোলী। ভক্তিযোগত বিশ্বাসী বাবা হনুমানৰ ভক্ত আছিল। মানুহৰ সেৱাই আছিল ঈশ্বৰৰ প্ৰতি তেওঁৰ চৰ্তহীন ভক্তিৰ অভিব্যক্তি।

১৯৬০ চনৰ পৰা ১৯৭০ চনৰ ভিতৰত বাবাৰ বিদেশী ভক্তৰ সংখ্যা বৃদ্ধি পাইছিল। বহুতো আমেৰিকান ভক্তও আছিল বাবাৰ। নিম কাৰোলী বাবাৰ ১৯৭৩ চনৰ ১১ ছেপ্টেম্বৰত ডায়েবেটিক কোমাৰ ফলত বৃন্দাবনৰ এখন চিকিৎসালয়ত মৃত্যু হয়।

মৃত্যুৰ পাছতো বাবাৰ অনুৰাগীৰ সংখ্যা হ্ৰাস হোৱা নাই, বৃদ্ধিহে হৈছে। হলিউডৰ বিখ্যাত অভিনেত্ৰী জুলিয়া ৰবাৰ্টছও নিম কৰোলি বাবাৰ অনুৰাগী। হিন্দু ধৰ্মৰ প্ৰতিও আকৰ্ষিত হৈছিল অভিনেত্ৰীগৰাকী।

এপলৰ প্ৰতিষ্ঠাপক জবছে ফেচবুকৰ প্ৰতিষ্ঠাপক মাৰ্ক জুকাৰবাৰ্গকো নিম কাৰোলি বাবাৰ আশ্ৰমলৈ যাবলৈ পৰামৰ্শ দিছিল। ২০১৫ চনত জুকাৰবাৰ্গে বাবাৰ আশ্ৰমলৈ গৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক