--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চলিত বৰ্ষৰ জুলাই মাহৰ পৰা আৰম্ভ হ’ব অলিম্পিক। ফ্ৰান্সত অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতা। কিন্তু লিয়নেল মেছিয়ে আৰ্জেণ্টিনাৰ হৈ খেলিব নোৱাৰিব। সেই কথা তেওঁ নিজেই কৈছে। বয়সৰ বাবে মেছিয়ে খেলিব নোৱাৰিব। ২১ জুনৰ পৰা আৰম্ভ হ’বলগীয়া কোপা আমেৰিকাত দেশৰ জাৰ্চি পিন্ধি খেলা দেখা যাব তেওঁক।

অলিম্পিকত সকলো দলে ২৩ বছৰ অনুৰ্ধৰ দলৰ সৈতে খেলিব লাগিব। কিন্তু সেই দলত তিনিজন ছিনিয়ৰ ফুটবলাৰ খেলিব পাৰি। আৰ্জেণ্টিনাৰ হৈ সেই তিনিজনৰ ভিতৰত এজন হ’বলৈ ইচ্ছুক নহয় মেছি। বিশ্বকাপ বিজয়ী অধিনায়কগৰাকীয়ে কয়, ‘কোপাৰ সময়ত অলিম্পিকৰ কথা ভাবিবলৈ টান। তেওঁ একেৰাহে দুই-তিনি মাহ ক্লাবৰ হৈ খেলিব নোৱাৰিব। আৰু একে সময়তে মোৰ বয়স বাঢ়ি আহিছে। এতিয়া ইমানবোৰ প্ৰতিযোগিতা খেলা সম্ভৱ নহয়। মই বাছি ল’ব লাগিব আৰু বাছি ল’ব লাগিব। একেৰাহে দুখন মেচ খেলা সম্ভৱ নহয়।"

ইয়াৰ পূৰ্বে মেছিয়ে অলিম্পিকত জয়লাভ কৰিছিল। তেওঁ কয়, ‘অলিম্পিক বা ২০ বছৰ অনুৰ্ধ দলৰ হৈ খেলা সময়বোৰ মই পাহৰিব নোৱাৰো। আশাকৰোঁ সকলো ফুটবলাৰ খেলি ভাল পাব। আমি খেলি ভাল পোৱাৰ দৰে। এনে অভিজ্ঞতাৰ মাজেৰে পাৰ হৈ যোৱাটো বৰ ডাঙৰ কথা। অলিম্পিক অতি বিশেষ। বাকী প্ৰতিযোগিতাতকৈ পৃথক।”

ইণ্টাৰ মিয়ামিৰ হৈ খেলি অৱসৰ ল’ব বুলিও মেছিয়ে কয়। মেছিয়ে কয়, ‘মই ফুটবল খেলি ভাল পাওঁ। মই অনুশীলন কৰি ভাল পাওঁ। জীৱনৰ সকলো বস্তুৱেই উপলব্ধ। সঁচাকৈয়ে ভয়ংকৰ কেতিয়াবা। যেন সকলো শেষ হৈ যাব। ইউৰোপ এৰি মিয়ামীলৈ অহাৰ সিদ্ধান্তটো বৰ কঠিন আছিল। কিন্তু মই ভাবো এইটো মোৰ শেষ ক্লাব।"

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ